কোন আছিল প্ৰয়াত জেনেৰেল বিপিন ৰাৱতৰ শত্ৰু

1078
  • নিপন শইকীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


৮ ডিচেম্বৰ। সমগ্ৰ দেশৰ বাবে এটা শোকাবহ দিন। প্ৰতিৰক্ষা বাহিনীসমূহৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱত, তেখেতৰ পত্নী শ্ৰীমতী মধুলিকা ৰাৱত আৰু অন্য ১২ জন বিষয়াক লৈ উৰা মৰা ভাৰতীয় বায়ু সেনাৰ এমআই—১৭ভি৫ হেলিকপ্তাৰখন তামিলনাডুৰ কন্নুৰ জিলাৰ পাহাৰীয়া অঞ্চল এটাত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত গ্ৰুপ কেপ্তেইন বৰুণৰ বাদে জেনেৰেল বিপিন ৰাৱত আৰু তেখেতৰ পত্নীকে ধৰি আন কেওজন আৰোহী নিহত হয়। এই অনাহুত, আচম্বিত ঘটনাটোৱে সমগ্ৰ দেশক স্তম্ভিত আৰু শোকস্তব্ধ কৰি তোলে।
সমগ্ৰ দেশক? নহয়, সমগ্ৰ দেশক নহয়। এই দুৰ্ঘটনাত উৎফুল্লিত হোৱা একাংশ দেশবাসীয়ে তেওঁলোকৰ আনন্দ-উৎসাহ গোপন কৰি ৰাখিব নোৱাৰিলে। যি সময়ত পাকিস্তানৰ দৰে চিৰশত্ৰু দেশেও কূটনৈতিক সদাচাৰ ৰক্ষা কৰি শোকবাৰ্তা প্ৰেৰণ কৰিছে, সেই সময়তে দেশৰে একাংশ ব্যক্তিয়ে মুকলিকৈ আনন্দ প্ৰকাশ কৰিছে। কিন্তু স্বৰ্গীয় জেনেৰেল বিপিন ৰাৱতে এনে কি কাম কৰিলে যে এই ব্যক্তিসকলৰ ঘৃণাৰ পাত্ৰ হৈ পৰিল?
বি আৰ চোপ্ৰাৰ মহাভাৰতত এটা দৃশ্য আছে, য’ত কুন্তী আৰু গান্ধাৰীয়ে নিশা শৰশৰ্যাত শায়িত পিতামহ ভীষ্মক লগ কৰিবলৈ যায়। সেই সময়তে দুজন সৈনিকে এজন মৃত সৈনিকৰ শৱটো সৎকাৰৰ বাবে নি থাকে। গান্ধাৰীয়ে সেই শৱটোক প্ৰণাম কৰি কয়, “মই নাজানো আপুনি পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল নে কৌৰৱৰ হৈ, তথাপি মই আপোনাক প্ৰণাম কৰিছোঁ কাৰণ আপুনি এই মহান ৰাষ্ট্ৰৰ এজন সৈনিক আছিল।” এই ভাৱনাৰ নামেই হৈছে ৰাষ্ট্ৰবাদ। এজন যোদ্ধাৰ বীৰগতিয়ে ৰাষ্ট্ৰত শোকৰ লগতে গৰ্বৰ ভাৱো জাগৃত কৰে। গৰ্ব ৰাষ্ট্ৰৰ হকে প্ৰাণোৎসৰ্গ কৰাৰ মহান পৰম্পৰাৰ বাবে, গৰ্ব তেওঁৰ শৌৰ্যৰে ভৰা জীৱনযাত্ৰাৰ বাবে, গৰ্ব তেওঁৰ পৰাক্ৰমৰ বাবে।
ব্ৰাহ্মোছৰ প্ৰাক্তন অধ্যক্ষ এ শিৱথানু পিল্লায়ে তেখেতৰ ‘The Path Unexplored’ নামৰ কিতাপখনত লিখিছে যে সেনাবাহিনীৰ কমাণ্ডাৰ কিছুমানে ভাৰতৰ আটাইতকৈ সফল শস্ত্ৰ ব্ৰাহ্মোছ ক্ৰুইজ মিছাইলৰ প্ৰকল্পটো ব্যৰ্থ কৰিবলৈ চেষ্টা কৰিছিল। কিতাপখনত তেখেতে সেইসকল বিষয়াৰ নাম লোৱা নাই, কিন্তু সেই বিষয়াসকল চণ্ডিগড় লবীৰ অংশ।
পিল্লায়ে প্ৰকাশ কৰিছে যে ব্ৰাহ্মোছ মিছাইলৰ দক্ষতা সন্তোষজনক নহয় বুলি প্ৰতিবেদন দি এই শীৰ্ষ বিষয়াসকলে ব্ৰাহ্মোছ প্ৰকল্পটোক বাধা দিব বিচাৰিছিল। তেওঁলোকৰ পৰিকল্পনা আছিল ভাৰতে সামৰিক ক্ষেত্ৰত সদায় আমদানিৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকক যাতে মধ্যভোগীৰ উপাৰ্জন বন্ধ নহয়। এই চণ্ডিগড় লবীটো কেৱল চণ্ডিগড়তে সীমাবদ্ধ নহয়, কেৱল তাৰ কেন্দ্ৰহে তাত। ইয়াৰ শাখা-প্ৰশাখা ভাৰতৰ বিভিন্ন ঠাইত বিয়পি আছে। জেনেৰেল ভি কে সিঙে এই লবীৰ কঁকাল ভাঙি দিছিল, কিন্তু ই এতিয়াও বাচি আছে।
জেনেৰেল ৰাৱত দুৰ্নীতিয়ে স্পৰ্শ কৰিব নোৱাৰা এজন ব্যক্তি। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত আঁচনিখন প্ৰতিৰক্ষাক্ষেত্ৰত কাৰ্যত পৰিণত কৰি আছিল। আজি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা বহুতো উপকৰণ আমদানিকাৰীসকলে হাতে ঢুকি পোৱাৰ বাহিৰত। ইয়াৰ ফলত আমদানি লবীৰ হোৱা লোকচানৰ পৰিমাণ নিশ্চয় হাজাৰ হাজাৰ কোটি হ’ব।
৮ তাৰিখে হোৱা দুৰ্ঘটনাটোৰ বাবে পাকিস্তান বা চীনক দোষ দিয়াটো সহজ, কিন্তু নিজৰ ভিতৰলৈ জুমি চোৱাটোহে কঠিন। ভাৰততকৈ বেছি আভ্যন্তৰীণ শত্ৰু আৰু অপঘাতকাৰী সম্ভৱ পাকিস্তানৰ বাহিৰে পৃথিৱীৰ আন কোনো দেশতে নাই। এই কোণটো হয়তো চিৰদিন লোকচক্ষুৰ আঁৰতেই থাকি যাব।
২০১৪ চনৰ আগলৈকে ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা আমদানিৰ বাজেট আছিল গড়ে প্ৰায় ১ লাখ কোটি টকা। যদি কমিছন ১০% ও ধৰা হয়, তেন্তে চণ্ডিগড় লবীৰ বাৰ্ষিক লোকচান কিমান হৈছে, হিচাপটো আপুনিয়েই উলিয়াই চাওক।
সমগ্ৰ পৃথিৱী প্ৰকৃততে তিনিটা লবীয়ে পৰিচালনা কৰি আছে – যুদ্ধাস্ত্ৰ, ঔষধ আৰু তেল। এই লবীকেইটা অত্যন্ত নৃশংস, তেওঁলোকৰ বাবে মানৱ জীৱনৰ কোনো মূল্য নাই। আপোনালোকে যোৱা বছৰ ঔষধ লবীৰ শক্তি দেখিলে, এতিয়া যুদ্ধাস্ত্ৰ লবীৰ শক্তি দেখিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত ডোভাল আৰু প্ৰতিৰক্ষা বাহিনীসমূহৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱতে এই লবীকেইটাকেই ভংগ কৰিব বিচাৰিছিল, কিন্তু পোনে পোনে নহয়। তেওঁলোকে এই লবীবোৰৰ সামান্তৰালকৈ বৃহৎ আৰু শক্তিশালী ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছিল যাতে এই লবীবোৰ নিজে নিজেই নিস্তেজ হৈ পৰে। সেয়ে মোদীয়ে চীনৰ নাম নলয়।
তেল লবীক দুৰ্বল কৰিবলৈ তেওঁ অনাপেট্ৰ’লিয়াম শক্তিৰ উৎপাদন ৪০% লৈ বৃদ্ধি কৰিলে। যুদ্ধাস্ত্ৰ লবীক দুৰ্বল কৰিবলৈ তেওঁ স্থানীয় উৎপাদনৰ বাবে আত্মনিৰ্ভৰ ভাৰতত মনোনিৱেশ কৰিলে। ইয়াৰ প্ৰথম চিকাৰ হ’ল তামিলনাডুৰ ষ্টাৰলাইট কপাৰ প্লেন্ট। ঔষধ লবীৰ আপ্ৰাণ চেষ্টাৰ পাছতো স্বদেশত বিকশিত ক’ভিড ভেকচিনৰ বিপুল সফলতাই ৰাষ্ট্ৰক এক শক্তিশালী অৱস্থানত উপনীত কৰাইছে। কিন্তু প্ৰত্যাহ্বান বহুত, শত্ৰু শক্তিশালী আৰু আভ্যন্তৰীণ অপঘাতী শক্তিসমূহে এতিয়াও দেশৰ বিপুলসংখ্যক নাগৰিকৰ আস্থা আৰু বিশ্বাস আদায় কৰাত সক্ষম হৈ আছে।
তথাপিও নিৰাশাৰ এই কলীয়া ডাৱৰতো আশাৰ ৰূপালী ৰেঙনী দেখিবলৈ পোৱা গৈছে। সৰ্বসাধাৰণ প্ৰজা উচ্চশিক্ষিত নহ’ব পাৰে। আমাৰ অতি পৰিশোধিত সংবেদনশীলতাৰ মাপকাঁঠিত তেওঁলোকৰ সামাজিক ঢংবোৰ পশ্চাদগামী যেন লাগিব পাৰে। কিন্তু তেওঁলোকৰ ধাৰ্মিক সহজ অনুভূতিৰ মাজতেই এতিয়াও এই দেশক উদ্ধাৰ কৰাৰ শক্তি নিহীত হৈ আছে। হেলিকপ্তাৰ দূৰ্ঘটনাত নিহত সৈনিকসকলৰ শৱযাত্ৰাত পুষ্পবৃষ্টি কৰিবলৈ পথৰ দুয়োকাষে ৰৈ থকা হাজাৰ হাজাৰ তামিল জনতাই “ৱীৰ ৱানাক্কম” (হে বীৰ, প্ৰণাম) আৰু “ভাৰত মাতা কী জয়” ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তুলিলে। দ্ৰাৱিড় আৰু আৰ্য-অনাৰ্যৰ অপকথাৰে উত্তৰ-দক্ষিণৰ বিভাজন আনিবলৈ চেষ্টা কৰি থকা আব্ৰাহামিক আৰু মাৰ্ক্সবাদী বহিঃশত্ৰু আৰু সিবিলাকৰ বাবে উপযোগী দেশীয় পেৰীয়াৰবাদী মন্দবুদ্ধিৰ ব্যক্তিসকলৰ শতিকাজোৰা অহৰ্নিশ প্ৰয়াসৰ পাছতো এনে দৃশ্য দেখিবলৈ পোৱাটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছে। জেনেৰেল বিপিন ৰাৱতে দেশবাসীক ২.৫ মৰ্চাৰ যুদ্ধৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছিল। দুটা মৰ্চাৰ বাবে সীমান্তত সৈনিক আছে, কিন্তু দেশৰ ভিতৰতে থকা অৰ্দ্ধ মৰ্চাৰ যুদ্ধৰ বাবে দেশবাসী সাজু হোৱাটোৱেই হʼব তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।