কোৰাণত উল্লেখ নাই লাউদ স্পিকাৰত আজান দিয়া : পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ

992
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


পাকিস্তানত বাৰ বছৰ সাংবাদিকতা কৰা প্ৰাক্তন বিবিচি সাংবাদিক পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ আৰু ভাৰতীয় সেনা তথা RAW ৰ প্ৰাক্তন বিষয়া আৰ এচ এন সিং এ প্ৰথমবাৰলৈ গুৱাহাটীত ৰাজহুৱা বক্তৃতাৰ অনুষ্ঠানত অংশ লয় যোৱা ২৫ ডিচেম্বৰ তাৰিখে । ইউনাইটেড ট্ৰাষ্ট অসম নামৰ এটা ৰাষ্ট্ৰবাদী সংগঠনৰ অনুষ্ঠানত দুয়োজন ব্যক্তিয়ে অংশ লয়  । গুৱাহাটী মেডিকেল কলেজ প্ৰেক্ষাগৃহত প্ৰায় ডেৰ হাজাৰ মানুহৰ উপস্থিতিত অসমৰ লগত ভাৰতৰ প্ৰতিখন ঠাইৰ সাংস্কৃতিক সম্পৰ্কৰ কথা ব্যক্ত কৰে । ৫৬ খন  দেৱী পীঠৰ এখন যিদৰে মা কামখ্যা আন এখন পীঠ বৈষ্ণু দেবী পীঠ জম্মু- কাশ্মীৰত । বৰ্তমানৰ পাকিস্তানৰ হিনগামাতা মন্দিৰৰ পৰা আৰম্ভ কৰি কামৰূপৰ কামাখ্যা সাংস্কৃতিক ভাবে এটা বিন্দুতে সমাহিত । আৰ এচ এন সিংৰ ভাষণত তেওঁ অসমক পাকিস্তানৰ অংগ কৰা আৰু ইছলামিক অঞ্চল হিচাপে জন্ম দিয়াৰ পৰিকল্পনা জিন্নাৰ , মুজিবৰ ৰহমান , জুলফিকৰ আলি ভুট্টোৰ সময়ত বাৰে বাৰে  কৰা হৈছিল আৰু সেই কৌশলৰ অংশ এতিয়া চাৰ্জিল ইমাম আৰু চাৰ্জিল ইমামৰ সমৰ্থক সকল।
২৬ তাৰিখ , অভিবৰ্তনৰ পিছদিনাখন , তেতিয়া সময় ৰাতিপুৱা ১০ বাজিছে । ভাতৃ এজনে ফোন কৰিলে । ‘ দাদা পুষ্পেন্দ্ৰজীৰ লগত দেখা হোৱাৰ সুযোগ এটা পাইছো , উজানবজাৰ ফেৰী ঘাটলৈ যাব লাগে ।’ অন্য সকলো কাম সামৰি লক্ষ্যস্থান উজানবজাৰ কৰিলোঁ । আমি গৈ পোৱাৰ আগতেই দুয়োজন অতিথি তাত উপস্থিত হৈছিল । ফেৰী চুকাফা সাঁজু । প্ৰথম অৱস্থাত দুয়োজন ব্যক্তিক কাষত পাই আচৰিত হৈছিলোঁ , এনেকুৱা এটা ঘৰুৱা পৰিবেশত তেওঁলোকক লগ পাম বুলি কল্পনাও কৰা নাছিলোঁ ।  ইউটিএ ৰ সদস্য ভাস্কৰ দা( ভাস্কৰ দাস)ই চিনাকী কৰাই দিয়ে । ” পুচপেন্দ্ৰ জী ইনহোনেহি সাৱৰকৰ বুক লিখা হে ” , ভাস্কৰ দাই কয় । ইয়াৰ পিছতে দুয়োজন ব্যক্তিৰ লগত ফটো উঠো । পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠই জনাই যে অভিবৰ্তন শেষ হোৱাৰ পিছত তেওঁক কোনোবাই বীৰ সাৱৰকৰ ওপৰত লিখা কিতাপখন দিছে । কিতাপখন অসমীয়া ভাষাত থকা কাৰণে তেওঁ পঢ়িব পৰা নাই যদিও সুচীপত্ৰখনৰ হিন্দী অনুবাদ তেওঁ শুনিছে ।
অসমত শিল্পী , সাহিত্যিক , শিক্ষাবিদ গিজগিজাই থকা স্বত্তেও বিনায়ক দামোদৰ সাৱৰকৰৰ বিষয়ে এখনো গ্ৰন্থ ওলোৱা নাছিল । এতিয়া গ্ৰন্থখন ওলোৱাৰ পিছতো মৌলৱাদী আৰু বিচ্ছিন্নতাবাদীৰ দ্বাৰা কুক্ষিগত হৈ থকা অধিকাংশ সংবাদ গোষ্ঠীয়ে গ্ৰন্থখনৰ প্ৰকাশৰ খৱৰ প্ৰচাৰ নকৰে । কিন্তু এতিয়া বিশ বছৰ আগৰ দিন নাই । চেনেল বা বাতৰি কাকত মিডিয়াক অলপ গুৰুত্ব নিদিয়াকৈ চচিয়েল মিডিয়াত খৱৰ বিয়পাব পৰা দিন আহি গৈছে । ফেৰীখনে ব্ৰহ্মপুত্ৰৰ মাজেৰে বতাহ ফালি উমানন্দৰ কাষেৰে গতি কৰিছে । এফালে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত মন্দিৰৰ পাহাৰৰ মাজেৰে বেলিটোৱে লাহে লাহে ৰং সলনি কৰিছে । সময় তেতিয়া প্ৰায় ৪ বাজি গৈছে ।তেওঁক সুধিছিলোঁ
___”  অসমত আপুনি প্ৰথম আহিছে আৰু কেনে অনুভৱ হৈছে আপোনাৰ ? “
___” নতুন ঠাই এখনত আহিছো বুলি একোৱেই অনুভৱ হোৱা নাই । আপোনালকে মোৰ লগত হিন্দীত কথা পাতিছে । অতি শুৱলা আৰু এক পৃথক উচ্চাৰণে ভাষাটোক মধুৰ কৰি তুলিছে । ব্ৰহ্মপুত্ৰৰ মাজত ফেৰীত বহি আমি উমানন্দ দেখিছোঁ আৰু একেই শিবৰ স্থান বাৰানসীটো দেখিছোঁ । অশ্বক্লান্ত মন্দিৰৰ এই পাহাৰত শ্ৰীকৃষ্ণৰ ঘোঁৰাই ক্লান্ত হৈ জিৰণি লৈছিল , সেই শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰ গুজৰাটত দেখিছোঁ । দেৱীৰ পীঠ কামাখ্যা দৰ্শন কৰিছোঁ অসমলৈ আহি , একেই দেৱী পীঠ বৈষ্ণু দেৱী জম্মুত আছে । ক’তো একো পাৰ্থক্য নাই ।
” জিচ ব্ৰহ্মা নে ধৰতি কো চজায়া হে , য়ে ৰিভাৰ ব্ৰহ্মা কা পুত্ৰ ব্ৰহ্মপুত্ৰ হে ……” , তেওঁ কৈ গৈছিল।
 তেখেতে মোবাইলত ভিডিঅ’ ক’ল কৰি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য্য দেখুৱাই আছিল তেওঁৰ পৰিয়ালৰ মানুহক ।
অসমত চলা কা আন্দোলনৰ সময়ত চাৰ্জিল ইমামে চাহিন বাগত অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি প্ৰদান কৰিছিল । এই ভাবুকিক কিমান গুৰুত্ব প্ৰদান কৰিব পাৰি সেইটো জানিব বিচাৰিছিলোঁ ।
চাহিনবাগৰ আন্দোলন বা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আক্ৰমণ এইবিলাক এটা চিক্কাৰ ইপিঠি সিপিঠি । অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ প্ৰয়াস কেবিনেট মিছনে কৰিছিল । কিন্তু আপোনালোকৰ অসমৰ নেতা যেনে গোপীনাথ বৰদলৈ প্ৰমুখ্যে ব্যক্তিসকলৰ কাৰণে অসম বাচি গ’ল । কিন্তু এতিয়াও চেষ্টা চলি আছে । উত্তৰ পুৱ আৰু ভাৰতৰ আন ৰাজ্যৰ মাজত সংযোগ স্থল এতিয়া চিকেন নেক । শিলিগুৰীৰ সেই স্থানৰ এফালে বাংলাদেশ আছে আৰু আনফালে বংগ । বংগৰ সেই স্থলত জনৱিন্যাসৰ কৌশলগত পৰিৱৰ্তন হৈ আছে । দুয়োফালে  মৌলবাদীৰ শক্তি বৰ্ধন এটা ভাৰত বিৰোধী ষৰযন্ত্ৰ ।
মানুহক ৰাষ্ট্ৰবাদী কিদৰে কৰা সম্ভৱ পুষ্পেন্দ্ৰ জীক সুধিছিলোঁ । তেওঁ কৈছিল ইতিহাসকাৰ সকলে সঁচা ইতিহাস বিকৃত কৰিলে আৰু এই ইতিহাসে ভাৰতত ভাৰত বিৰোধী শক্তিৰ উত্থানত সহায় কৰি গ’ল । সঁচা ইতিহাস নতুন প্ৰজন্মই জানিব লাগিব । বহু মাদ্ৰাছাত বিচ্ছিন্নতাবাদৰ শিক্ষা দিয়া হয় । মাদ্ৰাছা শিক্ষাক নিয়ন্ত্ৰণ কৰিব লাগিব । মাদ্ৰাছাৰ ছাত্ৰই দেশ দুনীয়াৰ , ভাৰতীয় সভ্যতাৰ কথা জানিব লাগিব ।
পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠই অতি সুন্দৰ ভাবে আৰু বিৰামহীন ভাবে কথাবোৰ কৈ গৈছিল । কিন্তু তেওঁৰ লগত থকা প্ৰাক্তন সেনা বিষয়া আৰ এচ এন সিং কিছু ৰিজাৰ্ভ ধৰণৰ । খুৱ কম কথা কয় । এটা প্ৰশ্নৰ উত্তৰ তেওঁ মাত্ৰ এটা বাক্যত দিয়ে । পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠ আৰু আৰ এচ সিংক ফেৰীত থকা ইউটিএৰ এজন সদস্যই অসমীয়া পিঠা উপহাৰ দিলে । ইউটিএৰ সদস্যৰ অনুৰোধত বিহু গীতৰ তালত দুয়োজনে প্ৰায় ১০-১৫ মিনিট সময় নাচিলে ।  সন্ধীয়া নামিল । চৰাইবোৰে নিজৰ গন্তব্য স্থানলৈ গতি কৰিছে । ফেৰীয়ে ওভতনি যাত্ৰা আৰম্ভ কৰিলে ।  পুষ্পেন্দ্ৰ  সিং ডাঙৰীয়াই ক’লে যে  অসমীয়া মানুহৰ পৰা পোৱা মৰমে তেওঁলোকক অতি আপ্লুত কৰিছে আৰু তেওঁলোকে এই পৰিবেশ দেখি আচৰিতো হৈছে । মই ক’লো কুলশ্ৰেষ্ঠজী আপোনাকলোক শ্ৰীকৃষ্ণৰ শহুৰৰ ঘৰত আহিছে । অসমৰ কুণ্ডিল নগৰ ( বৰ্তমানৰ শদিয়া)ৰ আছিল ৰুক্মিনীৰ পিতৃগৃহ । শ্ৰীকৃষ্ণ আমাৰ অসমৰ জোঁৱাই ।
বাংলাদেশীৰ অনুপ্ৰবেশে ইতিমধ্যে অসমৰ ১২-১৩ খন জিলাক গ্ৰাস কৰি পেলাইছে । মৌলবাদীৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ উপায় কি?
মৌলবাদীয়ে অকল ভুমি , সমাজনীতি, ৰাজনীতিত প্ৰভাব নেপেলায় । মানুহৰ মন – মগজুকো ইহঁতে আক্ৰমণ কৰে । মাদ্ৰাছাত মৌলবাদ শিকোৱা হয় আৰু সেই মাদ্ৰাছাই লাউদস্পিকাৰত আজান বজোৱা শিক্ষা দি থাকে । হজৰত মহম্মদৰ সময়ত বা কোৰাণত কতো লিখা নাই যে আজান লাউদস্পিকাৰত বজাব লাগে । হজৰত মহম্মদৰ সময়ত জানো বিজ্ঞানে স্পিকাৰৰ উদ্ভাৱন কৰিছিল ? একমাত্ৰ আন পন্থাৰ মানুহক বাৰে বাৰে শুনাই থকা হয় যে তেওঁলোকৰ পন্থা আচল আৰু বাকী বিলাকৰ নকল ।
ইউটিউব বা ৰাষ্ট্ৰীয় নিউজ চেনেলত যেতিয়া পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ আৰু আৰ এচ সিংৰ ভাষণ শুনো তেতিয়া ভাব হৈছিল যে এওঁলোক পুলিচ বা সুৰক্ষা বাহিনীৰ বেষ্টনীত থাকে । ওৱাই , জেদ এনেকুৱা কিবা নহয় কিবা সুৰক্ষা বেষ্টনীত থাকে । কিন্তু গুৱাহাটীত লগ পাই  দেখিলোঁ যে  এখেতসকলৰ আশে পাশে অলপো সুৰক্ষা বেষ্টনী নাথাকে । ৰাষ্ট্ৰৰ নামত জীৱন সমৰ্পিত কৰা ৰাষ্ট্ৰবাদী এখেতসকল ।
(DISCLAIMER: The views and opinions expressed in this presentation are those of the interviewee and do not necessarily represent official policy or position of Rajniti Axom )