ত্ৰিশ বছৰ আগৰ কটনৰ ছাত্ৰজন আজি কৰ’ণা যুদ্ধৰ মহাৰথী

19439
  • অগ্নিভ দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


প্ৰায় চাৰে তিনি কৌটি মানুহৰ ৰাজ্য অসম । সকলোৰে আশা আকাংক্ষা একে সময়তেই পুৰণ কৰাটো সহজ নহয়, তথাপি চৰকাৰখনে এই দুঃসময়ত যিখিনি কৰি আছে গৌৰৱ কৰিব লগিয়া ৷ সমগ্ৰ দেশতে লক ডাউন দিয়া হৈছে,যাতে সংক্ৰমণ কম কৰিব পাৰে, কিন্তু হাজাৰ হাজাৰ মানুহ যি দৰে ঘৰলৈ যাবলৈ ওলাল বিভিন্ন ঠাইত, এতিয়া চৰকাৰে বাছৰ যোগাৰ কৰি দিব লগা হৈছে ৷ উপায় নাই, দিলেও বিপদ, নিদিলেও বিপদ ৷ আমাৰ দেশৰ আন্তঃগাঠনি আমেৰিকা বা লণ্ডনৰ লগত তুলনা কৰিব খুজিলে ভুল হ’ব, তথাপি চৰকাৰ প্ৰশাসনে যি তৎপৰতাৰে সকলোবোৰ সমস্যাক সমাধান কৰিবলৈ চেষ্টা কৰিছে প্ৰশংসা কৰিলেও কম হ’ব ৷
এই যুঁজ কেৱল কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ নহ়য়, এই যুঁজ সকলোৱে মিলিজুলি কৰিব লাগিব ৷ চৰকাৰে যিদৰে জানুৱাৰী মাহৰ মাজ ভাগৰ পৰাই যুঁজি আছে তাক আজি বিশ্বৰ সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছে ৷ এতিয়া ৰাইজৰ দায়িত্ব চৰকাৰৰ সকলো নিৰ্দেশ মানি চৰকাৰক সহযোগ কৰা ৷ যিখন যুদ্ধত বিশ্বৰ আটাইতকৈ শক্তিশালী ব্যক্তি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আদিও থমকি ৰ’বলৈ বাধ্য হৈছে ; তাৰ বিপৰীতে সীমিত সুবিধাৰে অসমত  এজন মানুহে কৰ’ণাৰ বিৰুদ্ধে ৰণ শিঙা বজাইছে  ৷  দিনক ৰাতি কৰি দিয়া ব্যক্তিজন হৈছে কৰবাত বন্দিত – কৰবাত নিন্দিত হিমন্ত বিশ্ব শৰ্মা ।তেওঁৰ সহযোদ্ধা হৈছে গাওঁৰ খেতি কৰা সাধাৰণ যুবক চাম , নিস্বাৰ্থ মনৰ কিছুমান  ল’ৰা – ছোৱালী , ডাক্তৰ , নাৰ্চ , ৱাৰ্ড বয় , মিস্ত্ৰী , বনুৱা , অশিক্ষিত ৱেল্ডাৰ , হস্পিতলৰ কাম কৰা সৰু সৰু চাকৰিয়াল , বুকুত অজস্ৰ আশা পুহি ডাক্তৰি পঢ়ি থকা ছাত্ৰ – ছাত্ৰী এদল ইত্যাদি ।

কৰ’ণাই ধৰাশায়ী কৰা ইটালি এতিয়া মৰিশালিত পৰিণত হৈছে । যিখন ইটালিক বুজিবলৈ লিখা হয় __ ‘ROME WAS NOT BUILT IN A DAY ‘ । কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ সহযোগত বিশ্বক দেখুৱালে যে অসমৰ মানুহে ইচ্ছা কৰিলে এদিনতে ৰোম বনায় দেখুৱাব পাৰে । অতি কম সময়ৰ ভিতৰত ষ্টেডিয়াম , খেল পথাৰক ৰূপান্তৰ কৰি পেলালে কৰ’ণা প্ৰতিৰোধী ক’ৰেণটিন গৃহলৈ  । হিমন্ত বিশ্ব শৰ্মা এই কেইদিনৰ কুচ-কাবাজ দেখি মনত পৰিছে আজিৰ পৰা ৩০ বছৰ আগৰ কটনীয়ান হিমন্তলৈ ।

১৯৯০ চনৰ আগষ্ট মাহৰ কোনোবা এটা দিনত চিৰ চঞ্চলা চিৰযৌৱনা কটন কলেজত নাম ভৰ্ত্তি কৰিলোগৈ । কটনত পঢ়িম তাকো হোষ্টেলত থাকি, মনতো উগুল থুগুল লাগিছিল । মোৰ ভাগত হোষ্টেল পৰিল ঐতিয্যপূৰ্ণ চেকেণ্ড মেছ । নাম ভৰ্ত্তিৰ পাছত হোষ্টেলৰ অধীক্ষকৰ ৰুমলৈ গৈ হোষ্টেলৰ ফিজ আদিকে ধৰি বিধিমতে কৰিব লগা কামখিনি কৰি ওলাই আহোতেই হোষ্টেলৰ এটা মূৰৰ পৰা কোনোবা এজনে মাতিলে । ইমান দিনে ৰেগিঙ , চিনিয়ৰ এইবোৰ শব্দ শুনিহে আছিলো ।

ইতিমধ্যে আৰু দুই তিনিজন গোট খাইছেই ।লাহে লাহে সেই খিনি পোৱাৰ পাছত ৰুমটোৰ ভিতৰলৈ মাতি নিলে এজনে । নাম কি ? ঘৰ ক’ত ? এইবোৰ সুঁধি থাকোতেই এজনে বহিবলৈ ইংগিত দিয়াত ওচৰৰে বিচনাখন দেখি তাতেই বহি দিলোঁ । বহাৰ লগে লগেই এজনে চিঞৰ মাৰি উঠিল, খালি খালি , তই ক’ত বহিলি ?
কি হ’ল ধৰিব নোৱাৰি বিচনাৰ পৰা জাপ মাৰি উঠি বিচনাখনৰ ফালে চাব ধৰিলো কি হ’ল বুলি । ” ধেৎ তই তেনেকৈ বহি দিলি সেইখন বিচনাত , সেৱা কৰ বিচনাখন । প্ৰথম ভুল ভ্ৰান্তি হ’ল কাৰণে , মাফ কৰিব
বুলি । ”

মই ধৰিব নোৱাৰি চাই থাকিলোঁ ।

” এইমাত্ৰ যে ওলাই গ’ল কোন আছিল গম পাৱনে ? হিমন্ত দা আছিল বুইছ ! তেখেতেই এইখনত বহি আছিল । ইমান ডাঙৰ মানুহ বহি থকা বিচনাখনত ফটকে বহি দিছ । মাফ খুজ মাফ খুজ বিচনা খনক । ”
পিছৰ কথাখিনি মনত নোসোমালেগৈ । মনতো হে বেয়া লাগি গ’ল ইমান ওচৰতে পায়ও মানুহজনক দেখা নাপালোঁ । হয় সেইজনেই আছিল হিমন্ত বিশ্ব শৰ্মা । তেতিয়াও আজিৰ দৰেই চৰ্চিত নাম । অতি বিচক্ষণ ছাত্ৰ নেতা বুলি তেখেতৰ নাম কটনত নাম লিখোৱাৰ আগতেই শুনি আহিছিলোঁ ।
লাহে লাহে আমিও কটনৰ আৱা হাৱাত মিলি গ’লো । তাৰ লগে লগে হিমন্ত দাৰ ভাল বেয়া অসংখ্য মুখৰোছক কথাই মানুহজনৰ প্ৰতি কৌতুহলি কৰি তুলিলে । সেই সময়ত কটনৰ হোষ্টেল সমুহৰ বিশেষকৈ চেকেণ্ড মেছ আৰু থাৰ্ড মেছৰ বাথৰুমৰ যি দুৰবস্থা আছিল সেইবোৰ দেখিলে হয়তো আজিৰ বহুতে কটনত নপঢ়ো বুলি শপত খাব । আমি কটন যোৱাৰ আগতে হিমন্ত দাই একক প্ৰচেষ্টাৰে কেনেকৈ সেইসময় মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক কৈ বাথৰুম বিলাক নতুনকৈ নিৰ্মান কৰিবলৈ পইচা মুকলি কৰিবলৈ বাধ্য কৰাইছিল ; সেইবোৰ সাধুৰ দৰে আমাক আমাৰ চিনিয়ৰ বোৰে কৈছিল । তেনেকুৱা অসংখ্য কথাৰ মাজতে এদিন শুনিলো তেতিয়াৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিছে ।

ইতিমধ্যে বাতৰি ওলাল হিমন্ত দাই হেনো গোপনে হিতেশ্বৰ শইকীয়াৰ লগত হাত মিলালে । হিমন্ত দাক কাঠঘৰাত থিয় কৰাই আচামী কৰোৱাত পৰাগ দাসে মূখ্য ভুমিকা ল’লে ।পৰাগ দাস হঁতে হিমন্ত বিশ্ব শৰ্মাক এক জাতীয় ইচ্ছু কৰি পেলালে । হিমন্ত আৰু হিতেশ্বৰ শইকীয়াই কটন কলেজৰ ছাত্ৰ ৰাজনীতি যাতে নিজৰ হাতলৈ নিব নোৱাৰে তাৰ কাৰণে আপ্ৰাণ চেষ্টা চলালে । পৰাগ দাহঁতৰ আহ্বানত আমাৰো তেজে তুমুৰলি দি উঠিব ধৰিলে । হিমন্ত দা আমাৰ চকুত হৈ পৰিল বিশ্বাসঘাটক আৰু কংগ্ৰেছৰ হৈ কাম কৰা দালাল । কাৰণ কংগ্ৰেছ আমাৰবোৰৰ কাৰণে আছিল সদায় শত্ৰু! ইতিমধ্যে হিমন্তদা জেলৰ পৰা মুক্ত হৈ ওলাই আহিল । ওলাই অহাৰ পাছতেই শুনা গল কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদৰ বাবে তেওঁ হেনো প্ৰতিদ্বন্দিতা আগবঢ়াব ।

বিশ্বাসঘাটক হিমন্ত দাক এচাট দিবলৈ ইতিমধ্যে সকলো সাজু । সেই ইলেকচন খেলাৰ গুজবৰ মাজতে এদিন খবৰ আহিল , হিমন্ত দা হোষ্টেল আহিব আৰু ল’ৰাবোৰৰ লগত কথা পাতিব । তেতিয়ালৈ আমি হিমন্ত দাৰ কথা শুনিহে আছো প্ৰথমবাৰ দেখা পাম ইমান চৰ্চিত মানুহজনক । সময়ত আহিল হিমন্ত দা মিটিংলৈ । মিটিং আৰম্ভ হোৱাৰ আগতেই আমি দুজনমানে হিমন্তদাক কিবা কিবি প্ৰশ্ন সুধি বিপাঙত পেলোৱাৰ কথা ভাবি থৈছো । সুধিম বুলি ভাবিছো যদিও মনত অকণমান সংশয় । “দুজনকৈ চি এমৰ লগত উঠা বহা মানুহতোক কিবা সুধিলে কিবা ধৰণে লয় ? যি হয় যি নহয় এই বুলি ভাবি গুনি হিমন্তদা লৈ বুলি এৰিলো এপাত প্ৰশ্ন বান– আপুনি যে জেল যাব লগা হ’ল কিহৰ কাৰণে ? আপুনি জেল যোৱাৰ কাৰণে জানো ঐতিসাহিক কটনৰ নাম কলংকিত নহল ?

প্ৰশ্ন সুধি আমি মনতে ভাবিলো __ পা মজাটো এতিয়া । আমাৰ প্ৰশ্ন একান্ত মনে শুনিলৈ তাৰ উত্তৰ দিবলৈ বুলি হিমন্তদাই প্ৰথমেই আৰম্ভ কৰিলে __ ”স্বদেশ আৰু স্বজাতিৰ বাবে হিমন্ত বিশ্ব শৰ্ম্মা এবাৰ কিয় হাজাৰ বাৰ জেললৈ যাব , ব্ৰহ্মপুত্ৰৰ পানী …….” বাক্য শেষেই নহ’ল সকলোৰে লগতে হিমন্তক এচাট দিবলৈ ৰৈ থকা সকলেও হাত তালি মাৰি তত নোপোৱা হ’ল। উদাত্ত কন্ঠেৰে যি ভাষন দিলে তাৰ পাছত জেল যোৱা কথা কৰবাত পৰি ৰ’ল। কটনৰ উন্নতিৰ কাৰণে কি কৰিব কি নকৰিব তাৰ পৰিকল্পনাৰ কথাকৈ সকলোৰে হাত তালিৰ অভিবাদনলৈ হিমন্ত দা গ’ল গৈ সেইবাৰ ।

প্ৰথম বাৰ লগ পাওতেই দেখাত সেই সাধাৰণ মানুহজনে ভাষনেৰে কি দৰে মানুহক সন্মোহিত কৰি ৰাখিব পাৰে অনুভৱ কৰিলো । যি কি নহঁওক কিবা কাৰণত সেইবাৰ ইলেকচনত নিজে নুঠি নিজৰ মনোনিত প্ৰাৰ্থী এজনক নিউ হোষ্টেলৰ পৰা উঠালে । হিমন্ত দাৰ বিৰোধীতা আমাৰ বুদ্ধিজীৱিমহলৰ পৰা চলিয়েই থাকিল । গতিকে সেই জোৰতে হিমন্ত দাৰ মনোনিত প্ৰাৰ্থীক পৰাজিত কৰি আমাৰ হোষ্টেলৰ জয়দ্বীপ কলিতাক জয়যুক্ত কৰাবৰ কাৰণে আমি উঠি পৰি লাগিলো ।

জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ নিৰ্বাচনত ওচৰৰ পৰা জড়িত হৈ পৰিলো । আজিৰ দিনত যে আমি কঁও মোডী ভক্ত বা কেজৰিৱাল ভক্ত, প্ৰথমবাৰৰ বাবে ঠিক তেনেকুৱা হিমন্ত ভক্ত চকুৰ আগত দেখা পাইছিলো । হিমন্তদা ইলেকচনত নুঠিলেও মানুহজনৰ কি প্ৰভাৱ সেইয়া প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলো । হিমন্তৰ গোট আৰু হিমন্তবিৰোধী গোটৰ মাজৰ টেনচন এনেকুৱা প্ৰৰ্য্যায়লৈ পাইছিল গৈ নিজৰ নিজৰ লগৰ বন্ধু বান্ধৱৰ মাজতেই মাত বোল প্ৰৰ্য্যন্ত বন্ধ হোৱাৰ নিচিনা হৈছিলগৈ । হিমন্তদাই বিভিন্ন কৌশলেৰে ইলেকচনত সৰ্বশক্তিৰে নিৰ্বাচনত নামি পৰিল ।

আমাৰ হোষ্টেলৰ ময়ূৰ কাকতি দাহঁতৰ নেতৃত্বত হিমন্ত দাৰ সকলো কৌশল উফৰাই জয়দ্বীপ দাক বিপুল ভোটত জয়ী কৰাবলৈ সক্ষম হ’লো আমি। সকলোৱে ধৰি ল’লে হিমন্ত দাৰ মনোনীত প্ৰাৰ্থীৰ পৰাজয়ৰ লগে লগে হিমন্ত দাৰ কটনৰ ৰাজনীতিৰ অন্ত পৰিল । কিন্ত্ত পৰিল জানো অন্ত হিমন্ত দাৰ কেৰিয়াৰৰ ? তাৰ পাছৰ বছৰ হিমন্তদা নিজেই সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী হিচাবে থিয় দিলে । এইবাৰো আগৰবাৰৰ দৰেই আমাৰ হিমন্তদাৰ বিৰোধিতা অব্যহত থাকিল ঠিক তাৰ লগে লগে পৰাগ দাসহঁতেও হিমন্ত- হিতেশ্বৰ শইকীয়াৰ কটন অভিযান ৰুদ্ধ কৰিবলৈ সাদিন, প্ৰতিদিন, বুধবাৰৰ পাত ভৰাই দিলে । হিমন্ত হিতেশ্বৰ শইকীয়া আৰু পৰাগ দাহঁতৰ সন্মানৰ যুঁজ হৈ পৰিল । হয়তো এইবাৰো পৰাগদাহঁতে নজনাকৈয়ে হিমন্তৰ জালত ভৰি দিলে তাৰ ফলত হিমন্ত হৈ পৰিল ছাত্ৰ ৰাজনীতিৰ এক অন্য নাম ।

সকলো বাধাক প্ৰত্যাহ্বান জনাই হিমন্ত দা সেইবাৰ সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগে লগে হিমন্ত দা হৈ পৰিল অসমৰ ঘৰে ঘৰে চৰ্চিত নাম আৰু ছাত্ৰ ৰাজনীতিৰ অপ্ৰতিদ্বন্দী নায়ক বা খলনায়ক যিয়েই নকও । আৰু সকলোতকৈ ডাঙৰ সুবিধাটো হ’ল হিমন্ত দাৰ এই ক্ষেত্ৰত অসমৰ ৰাজনীতিৰ আটাইতকৈ বিচক্ষণ ৰাজনীতিবিদ হিতেশ্বৰ শইকীয়াৰ একেবাৰে বিশ্বস্ত মানুহ হৈ পৰিল । তাৰ পাছৰ খিনি এতিয়া কেৱল ইতিহাস ।

আজি কৰ’ণাৰ বিৰুদ্ধে বিশ্বই ঘোষণা কৰা যুদ্ধত বিশ্বৰ এটা চুকত অৱস্থান কৰা এখন ঠাই, যাৰ অস্তিত্বই হয়তো বহুতে অনুভৱ নকৰে তেনে এখন ঠাই অসমক যিধৰণেৰে প্ৰতিনিধিত্ব কৰি যুঁজি গৈছে সেই যুঁজত থিক ৩০ টা বছৰ আগতে উজ্বলি উঠা হিমন্ত বিশ্ব শৰ্মাকেই যেন আকৌ এবাৰ দেখিছো! এতিয়া হিমন্ত বিশ্ব শৰ্মাক প্ৰয়োজন অসম তথা প্ৰতিজন ভাৰতীয়ৰ সহায় আৰু সহযোগীতা যাতে এইখন যুঁজতো জয়ী হৈ ৰাজ্য তথা দেশবাসীক এক উজ্বল ভৱিষ্যত দিব পাৰে ।