ক’ৰ’ণা এক ভুৱা আৰু প্ৰৱঞ্চনা মাত্ৰ???

8777
  • দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ল’কডাউন ১ :
লগৰ এজনক ফ’ন কৰিছিলোঁ। সি আকৌ ব্যস্ত সেই সময়ত ।
পাছত কল বেক্ কৰিলে।  আলহী আহিছিল । মই সুধিলোঁ, মাস্ক পিন্ধি ওচৰত বহিছিলি নে? সিহঁতে চুই মেলি যোৱা বস্তুবোৰ চেনিটাইজ কৰিলি নে?
সি ক’লে __ ‘ধেৎ , চিনাকী মানুহ। ঘৰৰ ওচৰতে থাকে। ক’ৰ’ণা-চ’ৰ’ণা হোৱা নাই’।
সি এনেকৈ কৈছে যেন মানুহ জনৰ চৰিত্ৰত ‘দাগ’ নাই, অপকৰ্ম কৰা নাই, অসংযত অৱস্থাত ধৰা পৰা নাই কেতিয়াও, নিষিদ্ধ এলেকালৈ  নাযায় ; গতিকে সিহঁতক ক’ৰ’ণাই পাব নে ! ? চিনাকী মানুহ না  ! সিহঁতৰ সকলো কথা জানেই, গতিকে ক’ৰ’ণা নোসোমায় সিহঁতৰ গাত।
পতি বা পত্নীয়ে পৰস্পৰক  মাজে মাজে সন্দেহৰ চকুৰে চাওঁক ___’ এওঁক পালেই কিজানি ক’ৰ’ণাই’ বুলি  । চিনাকীসকল তো দূৰ কী বাত …….
আনল’ক ১ :
ক’ৰ’ণা সম্পৰ্কে ডাক্তৰ এগৰাকীয়ে কোৱা কথা কিছুমান কালি বাতৰি কাকত এখনত প্ৰকাশ পাইছিল। তেওঁৰ মতে ক’ৰ’ণা ভাইৰাছৰ বিষয়টো এক উৰাবাতৰি ।  ক’ৰ’ণা এক ভুৱা আৰু প্ৰৱঞ্চনা মাত্ৰ ।  মহামাৰী বুলি গণ্য কৰিবলৈ এয়া কোনো ৰোগেই নহয় হেনো ।
ইয়াৰ পিছতেই নিয়ম মাফিক ভাবে বহুতে কাকতত প্ৰকাশিত তেওঁৰ কথাকেই ৱেদৰ বাণী বুলি মানি সেইখিনিকে প্ৰচাৰ কৰি ফুৰিছে। ডাক্তৰে কোৱা কথা বাবেই যুক্তিত জোৰো পৰিছে ।
যিহেতু এই ক’ভিড কোনো ভয়াৱহ বেমাৰেই নহয়, সেই ডক্তৰগৰাকীক অনুৰোধ জনাব খোজো :
* পাঁচজন প’জিটিভ ৰোগীক তেওঁ নিজৰ ঘৰত নিজৰ লগত ৰাখক ।
* পৰিয়ালৰ বয়সীয়াল আৰু শিশুসকলকো তেওঁলোকৰ সংস্পৰ্শত আহিবলৈ দিয়ক। মুখত যেন কোনেও মাস্ক পৰিধান নকৰে।
* একলগে বহি খাওঁক। মাজে মাজে তেওঁলোকৰ কাঁহীৰপৰা আলু এটুকুৰা আনিও মুখত দিয়ক।
– এইখিনি তেওঁ ৰেক’ৰ্ডিং কৰি ৰাখক আৰু ভিডিঅ’টো ছ’চিয়েল মিডিয়া বা নিউজ ছেনেলৰ যোগে প্ৰচাৰ কৰক।
তেওঁৰ সেই ভিডিঅ’ চাই তেতিয়া সকলোৱে নিশ্চয়কৈ বুজিব যে যোৱা পাঁচমাহে সমগ্ৰ বিশ্বৰ অৰ্থনীতি থকাসৰকা কৰা এই ক’ৰ’ণা ভাইৰাছ আচলতে এক ভুৱা আৰু ইয়াক কেন্দ্ৰ কৰি চলি থকা সকলোবোৰ কথা – কৰ্ম  এক ভেঁকোভাওনা হে ।