লণ্ডনত কৰোনাৰ তৃতীয় ঢৌৰ আগজাননী

1024
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


জানুৱাৰী মাহত সংযুক্ত যুক্তৰাষ্ট্ৰত কৰোনাৰ দ্বিতীয় ঢৌ চৰমত আছিল। সেই সময়ত দৈনিক কৰোণা আক্ৰান্তৰ সংখ্যা আছিল প্ৰায় ৭০ হাজাৰ। তেতিয়া ভাৰতে প্ৰথম ঢৌৰ পৰা মুক্তি লাভ কৰিছিল আৰু মানুহে স্বাভাবিক জীবন জাপন কৰিছিল। ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰীৰ প্ৰথম সপ্তাহলৈ মই অসমত আছিলো। লণ্ডনলৈ ফিৰাৰ সময়ত মুম্বাইত কিছু সময় অতিবাহিত কৰিছিলো। সকলো মানুহে স্বাভাবিক জীৱন যাত্রা অব্যাহত ৰাখিছিল। লণ্ডন এয়াৰপোৰ্টত অবতাৰণ কৰি বুজি উঠিছিলো যে ইয়াত সকলো সলনি হৈছে। দ্বিতীয় ঢৌৰ কবলত পৰা লণ্ডনত পুনৰ লকডাউন প্ৰয়োগ কৰা হৈছে। পুনৰ আৰম্ভ হ’ল ঘৰৰ পৰা কাম কৰা পৰম্পৰা। এপ্ৰিলৰ পৰা কেচ কিছু কমিল আৰু চৰকাৰে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰি দিলে। প্ৰথম অবস্থাত শ্বপিং মল সমূহ তথা অত্যাবশ্যকীয় সামগ্ৰীৰ ভিতৰত নপৰা দোকান আদি খুলি দিলে। ১৭ এপ্ৰিলত ওচৰৰে শ্বপিং মল এখনলৈ গৈ মানুহৰ সংখ্যা দেখি হতবাক হ’লো। কাৰাগাৰৰ পৰা মুক্ত হৈ মানুহবোৰে যেন মুকলিভাবে নিশ্বাস লৈছে। কোনো ৰেষ্টুৰেন্টৰ সন্মুখ ভাগ খালি নাই। বৃদ্ধ, ডেকা , মহিলা সকলোৱে হাতত ওৱাইনৰ গ্লাছ লৈ ইজনে সিজনৰ লগত কথা পাতিছে। প্ৰায় ৩.৫ মাহৰ মুৰত লণ্ডনে নিজৰ চঞ্চলতা ঘুৰাই পাইছে। আজি ২৯ মে শনিবাৰ। সোমবােৰ লণ্ডনত পাব্লিক বন্ধ। তিনিদিনৰ বাবে অ’ফিছ নাই। এসপ্তাহ আগতে ট্ৰেভেল কোম্পানী কেইটামানক ফোন কৰিছিলো। নাই কোনো পেকেজ খালি নাই। সকলো বুক হৈ গ’ল। গ্ৰীস্মৰ প্ৰথমটো দীঘলীয়া বন্ধৰ সময়ত লণ্ডনৰ প্ৰায়বোৰ মানুহ ভেকেচনত গৈছে। কোনোবা যদি সাগৰৰ তীৰত, আন কোনোবাই গৈছে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। এনেতে আহিছে এটা বেয়া খবৰ। বহু দিনৰ পৰা ১ হাজাৰৰ আশে পাশে থকা কৰোনাৰ দৈনিক সংক্ৰমণ শুক্ৰবাৰে বৃদ্ধি হৈছে ৪ হাজাৰৰ ওপৰলৈ। এই সপ্তাহত আক্ৰান্তৰ সংখ্যা ২০, ৭৬৫ আৰু তাৰ আগৰ সপ্তাহৰ তুলনাত ই ২৪% বেছি। চিকিৎসা বিজ্ঞানীসকলে ক’বলৈ আৰম্ভ কৰিছে যে এয়া তৃতীয় ঢৌৰ আগজাননী। তেওঁলোকে জনোৱা মতে নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৭৫% হৈছে ভাৰতীয় ভেৰিয়েন্টৰ পৰা। এতিয়ালৈকে দেশত ৫৮% লোকে ভেকছিনৰ প্ৰথমবিধ ডোজ লৈছে। ৩৫% লোকে সম্পূৰ্ণ কৰিছে ভেকছিনৰ দ্বিতীয় ডোজ। চিকিৎসক সকলৰ মতে তৃতীয় ঢৌত আক্ৰান্ত হ’ব ভেকছিন নোলোৱা বিশেষকৈ ১৮ বছৰৰ তলৰ লৰা-ছোৱালী। কিন্তু এওঁলোকক ভাইৰাছে সিমান বেছি ক্ষতি কৰিব নোৱাৰে। যদি আক্ৰান্তৰ সংখ্যা বহুত বেছি হয় তেন্তে তাৰ মাজৰ পৰা কিছুসংখ্যকৰ অবস্থা সংকটজনক হোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। ব্ৰিটেইনৰ চৰকাৰে ইতিমধ্যৰ জনছন এন জনছনৰ ভেকছিন ব্যবহাৰৰ অনুমতি দিছে। ইয়াকে লৈ দেশখনত ৪ বিধ ভেকছিন ব্যবহাৰ হ’ব। এষ্ট্ৰাজেনিকা, মডাৰ্না আৰু ফাইজাৰ ইতিমধ্যে মানুহে লাভ কৰি আছে। ইয়াত অাহিবলগীয়া তৃতীয় ঢৌ অধ্যয়ন কৰি হয়তো ভাৰত চৰকাৰে কিছু আগতীয়া সতৰ্কতামুলক ব্যবস্থা ল’বলৈ সুযোগ পাব।