ক’ৰোনা প্ৰতিৰোধ: ৫০% মানুহৰ মতে সকলোতকৈ ডাঙৰ সাফল্য

1430

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসম চৰকাৰ বিশেষকৈ স্বাস্হ্য মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই ক’ৰোনাক প্ৰতিহত কৰিবলৈ যুদ্ধ অব্যাহত ৰাখিছে। অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা মে মাহৰ দ্বিতীয় সপ্তাহলৈ ১০০ৰ কম আছিল। ৰাজ্যিক সিমান্ত আৰু ৰেল খুলি দিয়াৰ লগে লগে হুৰা হুৰি বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। ড° শৰ্মাৰ ইমান দিনৰ কষ্টক যেন প্ৰত্যাহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰৰ এটা হঠকাৰী সিদ্ধান্তই। এখন ৰাজ্যৰ মানুহক আন এখন ৰাজ্যত প্ৰবেশ কৰিবলৈ অনুমতি দিয়ে যেন বিপদ মাতিছে অসমলৈ। কেন্দ্ৰীয় চৰকাৰে ২০ লাখ কৌটিৰ পেকেজ ঘোষণা কৰাতকৈ বনুৱা সকলক থকা খোৱাৰ যোগান ধৰিলেহেতেন তেন্তে হয়তো  ইমান মানুহৰ আগমন নহ’লহেতেন। ৰাস্তা-ঘাতে সামাজিক দুৰত্ব নামানি অসমলৈ প্ৰবেশ কৰা লোকসকলে নিজৰ লগতে পৰিয়ালৰো বিপদ মাতি আনিছে। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসম চৰকাৰে খুব পৰিকল্পিত ভাবে আৰু সাহসেৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিছে। স্বাস্হ্য মন্ত্রীয়ে নিজৰ জীৱনৰ নিৰাপত্তাৰ কথা নাভাবি হাস্পতাল বিলাকত ঘূৰি ফুৰিছে। সেয়েহে আমি ৰাইজক আমাৰ যোৱা মাহৰ অ’পিনিয়ন প’লত প্ৰশ্ন কৰিছিলো যে ক’ৰোনা প্ৰতিৰোধ ৪ বছৰীয়া সোণোৱাল চৰকাৰখনৰ শ্ৰেষ্ঠ উপলব্ধি নেকি?  ইয়াৰ উত্তৰত ৫০% মানুহে কয়_ হয় ; ক’ৰোনা প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যবস্হা এই চাৰিবছৰৰ সকলোতকৈ ডাঙৰ সফলতা। ৩০% মানুহে ভাবে ৰাকেশ পালক কাৰাবন্দী কৰাতোহে সকলোতকৈ ডাঙৰ সাফল্য। শিক্ষাৰ্থীক বিনামূলীয়া কিতাপ বিতৰণক ১০% আৰু ১০%ই অন্যৰ সপক্ষে ভোটদান কৰে।
সোণোৱাল চৰকাৰৰ বিফলতাৰ বিষয়ে প্ৰশ্ন কৰাত ৬০% ৰাইজে নিবনুৱা সমস্যাক প্ৰাধান্য দিয়ে। আন ৩০% ৰাইজে মূল্যবৃদ্ধি, চৰকাৰী বিদ্যালয়ৰ সমস্যা আৰু পি.এন.আৰ.দিৰ দুৰ্নীতিক প্ৰধান বিফলতা বুলি গণ্য কৰে।