কৰ্ণাটকত হাৰিও জিকিল কংগ্ৰেছ

3444

ৰাজ ইফতিকাৰ হুছেইন


১৫ মে ২০১৮- সময় দুপৰীয়া ১২ বজা: ২২৪ খন আসন থকা কৰ্ণাটক বিধান সভাৰ ১২০ খন আসনত আগবাঢ়ি আছে বিজেপি। বিভিন্ন বিজেপি কাৰ্য্যালয়ত মিঠাই বিতৰণৰ দৃশ্য টি.ভি ত লাইভ দেখুওৱা হৈছে।

১৫ মে ২০১৮- সময় সন্ধিয়া ৪ বজা : বিজেপিৰ আসনৰ সংখ্যা কমি ১০৪ হৈছে। এনেতে ব্ৰেকিং নিউজ আহিল যে কংগ্ৰেছে জনতা দল (চেকুলাৰ) ক চৰকাৰ গঠনৰ বা নিঃচৰ্ত সমৰ্থন দিছে।

৩ ঘন্টাৰ ভিতৰতে পট পৰিবৰ্তন কৰি কংগ্ৰেছ দলে সকলোকে আচৰিত কৰিলে। গোৱা, মনিপুৰ আৰু মেঘালয়ত একক সংখ্যাগৰিষ্ঠ দল হোৱা স্বত্বেও চৰকাৰ গঠন কৰাত ব্যৰ্থ হৈছিল কংগ্ৰেছ । সকলোৱে কৈছিল যে কংগ্ৰেছ দলৰ সিদ্ধান্ত লোৱাত হোৱা বিলম্বই বিজেপিক চৰকাৰ গঠনত সহায় কৰিছে ।

কিন্তু কৰ্ণাটকৰ ক্ষেত্রত ভূলৰ পুনৰাবৃত্তি নকৰি ক্ষীপ্ৰ সিদ্ধান্ত লৈ বিজেপিক একপ্ৰকাৰ বাজিমাৎ দিলে কংগ্ৰেছে ।

ৰাজ্যপালে অবশ্যে একক সংখ্যা গৰিষ্ঠ দল হিচাপে বিজেপিক নিমন্ত্ৰণ জনালে । ৪ দিন কৰ্ণাটকত চলা নাটকৰ পিছত জনতা দলৰ কুমাৰস্বামীয়ে অৱশেষত ২১ মে তাৰিখে মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে ।

১২২ৰ পৰা ৭৮ লৈ কিয় নামিল কংগ্ৰেছ ?

সিদ্দাৰাইয়াই অপ্ৰাণ চেষ্টা কৰিছিল কৰ্ণাটকত কংগ্ৰেছক বিজয় কৰিবলৈ । কিন্তু নিৰ্বাচনত  নিজে এটা সমষ্টিত হাৰি থাকিল । আনটো সমষ্টিৰ পৰা  কথমপি ২০০০ ভোটত জয়ী হয় সিদ্দাৰামাইয়া । আনহাতে বিজেপিয়ে নিজৰ আসনৰ সংখ্যা ৪০ ৰ পৰা ১০৪ লৈ বৃদ্ধি  কৰিবলৈ সমৰ্থ হৈছে । কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ কেইটা তলত উল্লেখ কৰা হ’ল ।

১) লিংগায়ট সম্প্ৰদায়ক বিভাজন কৰি এটা গোটক সংখ্যালঘুৰ মৰ্যাদা দিব বিচৰা কাৰ্য্যই কংগ্ৰেছক ক্ষতি কৰিলে । আনকি নতুন বিধায়িনী দলৰ সভাত এই বিষয়ে সিদ্দাৰামাইয়াই বিধায়ক সকলৰ পৰা কটু কথা শুনিব লগা হৈছে।

২) সিদ্দাৰামাইয়াৰ ওপৰত খুব বেছি নিৰ্ভৰশীল আছিল কংগ্ৰেছ দল । ৰাহুল গান্ধীয়ে আনকি গাড়ীৰ চালকৰ আসনত সিদ্দাৰামাইক বহিব দি নিজে পিছৰ আসনত বহিছিল ।

৩) প্ৰচাৰত বিজেপিৰ লগত ফেৰ মাৰিব নোৱাৰিলে কংগ্ৰেছে । কৰ্ণাটকৰ বহুল প্ৰচলিত বাতৰি কাকতৰ সন্মুখৰ পৃষ্ঠাত  বহুবাৰ বিজ্ঞাপন দিছিল বিজেপিয়ে । ইয়াৰ উপৰিও এফ.এম চেনেলৰ  বিজ্ঞাপনৰ ক্ষেত্রটো কংগ্ৰেছতকৈ বহু আগবাঢ়ি আছিল বিজেপি ।

৪) প্ৰধান মন্ত্রী মোডীৰ ২১ খন জন সভাই বিজেপিক যথেষ্ট সহায় কৰিলে । মোডীয়ে কিছুমান  স্থানীয় কথা কৈ ৰাইজৰ লগত সংযুক্ত হ’ল  ।

৫) জনতা দল (চেকুলাৰ) য়েও কংগ্ৰেছ দলক নিৰ্বাচনৰ সময়ত তীব্ৰ সমালোচনা কৰিছিল । সিদ্দাৰামাইয়াই বিজেপি আৰু জনতা দল (চেকুলাৰ) দুয়োটা দলৰ আক্ৰমন আৰু অগ্ৰাসী প্ৰচাৰক প্ৰতিহত কৰিব লগা হৈছিল ।

কিমান দিনলৈ থাকিব কুমাৰস্বামী চৰকাৰ?

৩৭ জন বিধায়ক লৈ কুমাৰস্বামী কৰ্ণাটকৰ মুখ্যমন্ত্রী হ’ল । ৭৮ খন আসন থকা কংগ্ৰেছ দলে উপ মুখ্যমন্ত্রী পালে । ১০৪ খন আসন পোৱা বিজেপি বিৰোধীৰ আসনত বহিব । এই চৰকাৰখন যে স্হায়ী নহব সেইটো নিশ্চিত । ৰাজনৈতিক পণ্ডিত সকলে এই চৰকাৰখনৰ আয়ুস ৩-৬ মাহ পৰ্যন্ত হব পাৰে বুলি মত ব্যক্ত কৰিছে । কংগ্ৰেছে ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচন পৰ্য্যন্ত চৰকাৰৰ পৰা আতৰি অহাৰ সম্ভাবনা নাই । কিন্তু কংগ্ৰেছ দলৰ মন্ত্রীত্ব নোপোৱা বিধায়ক সকলক বিজেপিয়ে নিজৰ ফালে অনাৰ চেষ্টা কৰিব। বিজেপিৰ বিৰুদ্ধে এই যুদ্ধৰ নায়ক শিবকুমাৰ অলপ অসন্তুষ্ট হৈছে । তেখেত উপ মুখ্যমন্ত্রীৰ দাবীদাৰ আছিল ।

চৰকাৰখন আস্থা  ভোটত জয়ী হ’ল যদিও মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ পিছতহে স্পষ্ট হ’ব আন বিধায়ক সকলৰ  অসন্তুষ্টি । কংগ্ৰেছ দলৰ পৰা ২২ জনেহে মন্ত্রীত্ব পোৱাৰ সম্ভাবনা আছে। বাকী ৫৮ জনৰ ১৩ জনকো যদি বিজেপিয়ে নিজৰ ফালে আনিব পাৰে তেন্তে এই চৰকাৰখনৰ পতন হব । কংগ্ৰেছ দলে কেনেকৈ নিজৰ বিধায়ক সকলক একগোট কৰি ৰাখে তাৰ ওপৰতে নিৰ্ভৰ কৰিব এই চৰকাৰৰ স্হায়িত্ব । হিন্দী চিনেমাত যে কয় ‘পিকচাৰ অভি বাকী হে মেৰা দোস্ত’ এই কথাফাকি বৰ্তমান কৰ্ণাটকৰ ক্ষেত্রত প্ৰযোজ্য । মুলত: ২০১১৯ ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ  ওপৰত কৰ্নাটকৰ চৰকাৰখনৰ ভৱিষ্যত নিৰ্ভৰ  কৰিব  ।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com