খাৰুৱা তেলৰ মূল্য হ্ৰাস ভাৰতৰ কাৰণে আৰ্শীবাদ নেকি? অগ্নিভ দত্ত

1667
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০২০ চন বছৰটোৰ আৰম্ভণি বৰ বেয়া নাছিল৷ পৃথিৱীৰ অৰ্থনীতিক যিকোনো মুহুৰ্তত নতুন দিশ দিব পৰা আমেৰিকাৰ অৰ্থনীতিৰ গতিও সুষম আছিল৷ আৰু বিশ্বৰ অৰ্থনীতিৰ অন্যতম মাপকাঠি খাৰুৱা তেলৰ দামো প্ৰায় ৬০ ডলাৰ প্ৰতি বেৰেলত আছিল প্ৰথম দুটা মাহ৷ কিন্তু হঠাৎ পৰিস্থিতি সলনি হৈ যাব ধৰিলে, আৰু তাৰ কাৰণ হ’লগৈ চীনত আৰম্ভ হোৱা বুলি সন্দেহ কৰা কৰ’না বিশ্বব্যাপী চলা সন্ত্ৰাস৷ মাৰ্চ মাহত ১৮০ খনৰো ওপৰৰ দেশলৈ বিয়পি পৰিল এই কৰ’নাৰ প্ৰভা
বিশ্বৰ বিভিন্ন প্ৰান্তত অঞ্চল, ৰাজ্য অথবা দেশ বা দেশৰ একো একোটা অঞ্চল স্তব্ধ হৈ গ’ল, যাক বিশ্বব্যাপী জনা গ’ল লকডাউন বুলি! বিশ্বৰ প্ৰায় প্ৰত্যেকখন দেশেই ইখনৰ পৰা সিখন দেশলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে মানুহৰ যাতায়ত পৰ্যন্ত বন্ধ কৰি দিয়া হ’ল আৰু যেতিয়াই এই লকডাউন বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰযোজ্য হ’বলৈ ধৰিলে, তাৰ লগে লগে দেখা গ’ল গাড়ী, মটৰ, উৰাজাহাজ বা অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ হোৱা ইন্ধনৰ পৰিমাণ দ্ৰুত গতিত কমি যাবলৈ ধৰিলে৷ ইন্ধনৰ পৰিমাণ কমি যোৱাৰ লগে লগে এই ইন্ধনৰ কাৰণে প্ৰায়বোৰ ক্ষেত্ৰতে জৰুৰী খাৰুৱা তেলৰ চাহিদাও কমি আহিব ধৰিলে৷
এই ক্ষেত্ৰত বিগত এপ্ৰিল মাহত আমেৰিকাত হ’লগৈ এক অভূতপূৰ্ব ঘটনাৰ! আমেৰিকাত উৎপাদিত খাৰুৱা তেল যাক West Texas Intermediate বা WTI বুলি জনা যায়, সেই তেলৰ মূল্য শূন্য ডলাৰৰ তললৈ গতি কৰিলে৷ এইটো হোৱাৰ মূল কাৰণ হ’ল উৎপাদিত খাৰুৱা তেলৰ চাহিদা কমাৰ লগতে তাক থবলৈও ঠাইৰ অভাৱ৷ এইদৰেই ইতিহাসৰ এক অন্যতম সাক্ষী হৈ ৰ’ল তেলৰ ঋণাত্মক দাম৷  ২০১৪ চনৰ জুন মাহত খাৰুৱা তেলৰ দাম ১১০ ডলাৰ প্ৰতি বেৰেলত আছিল৷ কিন্তু ঠিক তাৰ পাছৰ পৰাই আৰম্ভ হৈছিল খাৰুৱা তেলৰ অধোগতি৷ অৱশ্যে সেইসময়ত খাৰুৱা তেলৰ দামৰ যুদ্ধখনৰ বাবে আমেৰিকাই নতুনকৈ উৎপাদন কৰা চেল অইলকেই দায়ী কৰা হয়৷
আমেৰিকাত উৎপাদিত এই চেল অইলৰ বাবেই আমেৰিকাৰ মধ্য প্ৰাচ্যৰ ওপৰত বিশেষ নিৰ্ভৰ নকৰাকেও চলা হ’ল৷ আনহাতে বিশ্বৰ তেলৰ বজাৰখন তেল উৎপাদনকাৰী ১২খন ৰাষ্ট্ৰৰ সংগঠন অপেক (OPEC -Organization of the Petroleum Exporting Countries) ৰ নিয়ন্ত্ৰণতেই চলা দেখা যায়৷ এই অপেকে চাহিদা চাই যোগানৰ কম বেছি নিৰ্ধাৰণ কৰে৷ যোগানৰ কম হোৱাৰ লগে লগে চাহিদা বৃদ্ধি হয় আৰু তাৰ লগে লগে তেলৰ দাম বৃদ্ধি হয়৷ এই বাৰখন ৰাষ্ট্ৰৰ ভিতৰত আকৌ চৌডি আৰৱ হ’ল সকলোতকৈ অধিক তেল উৎপাদনকাৰী ৰাষ্ট্ৰ৷ কৰ’নাত আক্ৰান্ত বিশ্বত তেলৰ চাহিদা কম হৈ যোৱাৰ অৱস্থাটোত এই অপেকে উৎপাদন কম নকৰাৰ বাবেই খাৰুৱা তেল বজাৰত উভৈনদী হৈ পৰাত খাৰুৱা তেলৰ দাম পানীৰ দৰ পালেগৈ!
চাহিদাতকৈ যেতিয়াই যোগান বেছি হয় তেতিয়াই সেইয়া হৈ পৰে ভাল অৰ্থনীতিৰ পৰিপন্থী৷ কাৰণ যোগান অপয্যাপ্ত হোৱাৰ কাৰণে পন্য দ্ৰব্যৰ দাম কমি যোৱাৰ সম্ভৱনা থাকে৷ সেই একেই কথা হৈছে এতিয়া আন্তৰ্জাতিক খাৰুৱা তেলৰ ক্ষেত্ৰত৷ খাৰুৱা তেলৰ যোগান আন্তৰ্জাতিক বজাৰত চাহিদাতকৈ বেছি হোৱাত খাৰুৱা তেলৰ মূল্য হুৰা-হুৰে নামি আহিব ধৰিছে৷ ২০১৪ চনৰ জুন মাহৰ প্ৰায় ১১০ ডলাৰ প্ৰতি বেৰেলৰ পৰা আহি আজি ৩০ ডলাৰ প্ৰতি বেৰেল পাইছেগৈ৷ আনকি এপ্ৰিলত সেইয়া প্ৰায় ১৫ ডলাৰৰ ওচৰে-পাঁজৰে আছিলগৈ! আৰু এইদৰে খাৰুৱা তেলৰ দাম কমাৰ লগে লগে আপাত দৃষ্টিত উপভোক্তাৰ কাৰণে লাভজনক হ’ব যেন লাগিলেও এই কম দামে বিশ্বৰ অৰ্থনীতিত আঘাত কৰেগৈ আৰু তাৰ ফলত অৰ্থনীতি স্তিমিত হৈ পৰে৷
বৰ্তমানৰ দ্ৰুতগতিত হ্ৰাস পোৱা খাৰুৱা তেলৰ দামে অনাগত ভৱিষ্যতত হ’ব লগা বিভিন্ন তৈলক্ষেত্ৰ প্ৰকল্পসমূহকো বিপদত পেলাইছে, বহুতো প্ৰতিষ্ঠানে বিভিন্ন প্ৰকল্পত কৰিব লগা বিনিয়োগ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে৷ এই প্ৰকল্পসমূহে, যিহেতু নিয়োগৰ সৃষ্টি কৰে আৰু সেইদৰেই অৰ্থনীতিৰ কাৰণে ধনাত্মক দিশ হৈ পৰে,  ফলত এইবোৰ প্ৰকল্প নোহোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনাই দেখা দিয়ে৷ ইতিমধ্যেই বিভিন্ন এজেঞ্চীয়ে প্ৰস্তুত কৰা ৰিপৰ্টত দেখা গৈছে যে তৈল কোম্পানীসমূহৰ ৰেভিনিউ ২০১৯ ৰ ২,৪৭ ত্ৰিলিয়ন ডলাৰৰ পৰা নামি ২০২০ চনত ১,৪৭ ত্ৰিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ বিশ্ব অৰ্থনীতিৰ বাবে এয়া মুঠেই সুখবৰ নহয়৷ সেইদৰে তৈলক্ষেত্ৰত ২০১৪ চনত বিনিয়োগ হোৱা প্ৰায় ১০০০ বিলিয়নৰ পৰা আহি ২০২০ চনত মাথোঁ ১২০ বিলিয়ন ডলাৰ হ’বহি বুলি বিভিন্ন ৰিপৰ্টত প্ৰকাশ পাইছে৷
তেলৰ উৎপাদন আৰু কৰ’ণাৰ প্ৰভাৱে কেৱল বিশ্বৰে নহয় ভাৰতৰ ওপৰতো প্ৰভাৱ পেলাইছে৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ভাৰতত শোধনৰ কাৰণে ব্যৱহাৰ হোৱা খাৰুৱা তেলৰ প্ৰায় ৮০% ই আমদানীকৃত, সেইফালৰ পৰা তেলৰ দাম কম হোৱা মানে ভাৰতৰ অৰ্থনীতিৰ কাৰণে ই সুখবৰ৷ কিন্তু কৰ’নাৰ প্ৰভাৱৰ কাৰণে উৎপাদিত ইন্ধনৰ চাহিদা বিশ্বৰ আনদেশৰ দৰে ভাৰততো কমি যাব৷ চাহিদা নথকাৰ কাৰণে ভাৰতৰ শোধনাগাৰ সমূহৰ শোধন ক্ষমতা কমাই আনিবলৈ বাধ্য হ’বলগীয়া হ’ব৷ প্ৰকাশিত বাতৰি মতে এপ্ৰিল মাহটোত ডিজাইন ক্ষমতাৰ মাথোঁ ৪৫% শোধন ক্ষমতাহে ব্যৱহাৰ কৰিব পৰা গ’ল, আৰু তাক বৰ্তমান মে’ মাহৰ প্ৰথম সপ্তাহত ৬০% বৃদ্ধি কৰা হয়৷ অৱশ্যে লাহে লাহে দেশৰ অৰ্থনীতি মুকলি কৰাৰ লগে লগে চাহিদা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা দিলে মে মাহৰ শেষৰ সপ্তাহলৈ শোধন ক্ষমতা ৮০% হ’ব বুলি কোৱা হৈছে৷
এতিয়া ভাৰতৰ অৰ্থনীতি যদিহে লাহে লাহে উৰ্দ্ধ মুখী হ’বলৈ আৰম্ভ হয় আৰু খাৰুৱা তেলৰ মূল্য কম হৈয়েই থাকে তেন্তে এয়া ভাৰতৰ কাৰণে হৈ পৰিব আৰ্শীবাদ সদৃশ৷ কিন্তু লাহে লাহে বিশ্বৰ আন আন প্ৰান্ততো অৰ্থনীতি অতি সাৱধানেৰে মুকলি হ’ব ধৰিলে খাৰুৱা তেলৰ চাহিদাও যে বৃদ্ধি পাব তাত কোনো সন্দেহ নাই, গতিকে এতিয়াই কোন দিশত খাৰুৱা তেলে অৰ্থনীতিক লৈ যায় সেয়া একেষাৰতে ক’ব পৰা হোৱা নাই৷ সম্ভৱতঃ আৰু দুই তিনি মাহৰ পাছতহে এটা সাধাৰণ আভাস পোৱা যাব৷