অসমৰ সমস্যাক পিঠি দিয়া স্বাৰ্থ লোভী আন্দোলনকাৰী নেতা

665
  •  উপমন্যু হাজৰিকা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


স্বাৰ্থপৰ, প্ৰৱঞ্চক আৰু ক্ষমতা লোভী নেতাৰ কাৰণেই অসম আন্দোলন বিফল হল, কোনো বিদেশী নগ’ল , বিপৰীতে ৭১ ৰ আগতকৈ পিছত হে বিদেশী বেছিকৈ আহি সংস্থাপিত হ’ল আৰু বৰ্তমানেও হৈয়েই আছে ।
আনফালে সম্পূৰ্ণ বহুমত থকা
শক্তিশালী কেন্দ্ৰীয় চৰকাৰক উত্তৰ ভাৰতৰ কৃষক সকলে দৃঢ়তাৰে ৰ ‘দ, বতাহ, পুলিচৰ গুলি আৰু কোব নেওচি দুবছৰৰ ভিতৰতে তেওঁলোকৰ ন্যায় পূৰ্বক দাবী মনাবলৈ সক্ষম হল। কৃষক আন্দোলনৰ সফলতা গুৰিতে, তেওঁলোকে দৃঢ়তাৰে নিজৰ লক্ষ্যৰ পৰা আঁতৰি নগল আৰু বিশেষ কৈ তেওঁলোকৰ নেতা সকলে নিজৰ স্থিতি লৈ অটল থাকিলে, আৰু বিক্ৰী নগ’ল যাৰ বাবে তেওঁলোক সফল হল।
আনফালে অসমত অসমৰ নেতাই খিলঞ্জীয়াৰ অস্তিত্বৰ বিষয় লৈ কেতিয়াও দায়িত্ব নললে, NRC ৰ বিফলতাৰ দায়িত্ব না চৰকাৰে ললে, না আছুৰ নেতা সকলে ললে। চৰকাৰত থকা মুখ্যমন্ত্ৰী বিধায়ক সকলে এই বিষয়টোক লৈ ক্ষমতাহে দখল কৰিলে আৰু আছুৰ নেতা সকলে পুনৰ এই বিষয়তো লৈ কেৱল ক্ষমতা দখলৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে সম্পূৰ্ণ গা এৰা দিলে। এতিয়া নিৰ্লজ্জভাৱে চৰকাৰ আৰু আছুৰ নেতা সকলে সন্মিলিত হৈ নিজৰ স্বাৰ্থৰ বাবে চল্লিছ বছৰীয়া আন্দোলনটোক অব্যাহত ৰাখিবলৈ পুণৰ আলোচনাৰ নাটক ৰচিছে।
অসম আন্দোলন কৰা চল্লিছ বছৰৰ পাছত সমস্যা আৰু সমাধানৰ পথ স্পষ্ট। NRC সফল কৰিবলৈ NRC পুনৰপৰীক্ষণ অনিবাৰ্য,
খিলঞ্জীয়া সংখ্যালঘু নহবলে ভূমি,চাকৰি,সম্পদ সংৰক্ষণৰ বিকল্প নাই ,
আৰু লগতে ‘কা’ৰ দ্বাৰা অসমৰ ওপৰত নতুন বিদেশীৰ বোজা জাপি দিয়াতো বাতিল কৰিব লাগে।
কিন্তু এই লক্ষ্যকেইটা লৈ, চল্লিছ বছৰে নেতৃত্ব লোৱা অসমৰ নেতা সকলে দায়িত্ব লোৱাতো বাদেই কেৱল নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে ৰাইজক প্ৰবঞ্ছনা কৰি আহিছে,আৰু যেতিয়ালৈকে এনে নেতাক ৰাইজে ক্ষমতাত ৰাখি নেতা বনাই ,পুৰস্কৃত কৰি থাকিব, তেতিয়ালৈকে অসমৰ ৰাইজৰ উদ্ধাৰ নহয়।