গনতন্ত্ৰত জনগণৰ প্ৰতি জনপ্ৰতিনিধিৰ দায়িত্ববোধ   

5466
  •  প্ৰফুল্ল কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


।। এক ।।
গণতন্ত্ৰ বা ডেমোক্ৰেচী(Democracy) শব্দটো আহিছে গ্ৰীক শব্দ ডেমোক্ৰেচিয়া(δημοκρατία)ৰ পৰা, যাৰ অৰ্থ জনগণৰ শাসন ৷ডেমোচ মানে হ’ল জনগণ আৰু ক্ৰাটোচ মানে ক্ষমতা ৷খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকামানৰ পৰাই গ্ৰীচ দেশত এই শব্দটিৰ ব্যৱহাৰ হৈ আহিছে বুলি জনা যায় ৷ আব্ৰাহাম লিংকনৰ মতে – ‘গণতন্ত্ৰ হ’ল ৰাইজৰ দ্বাৰা,ৰাইজৰ হকে গঠিত,ৰাইজৰ চৰকাৰ’ ৷
প্ৰায় আঢ়ৈহাজাৰ বছৰ আগতে বিশ্বত প্ৰথম গণতন্ত্ৰ সৃষ্টি হয় গ্ৰীচৰ এথেন্সত ৷এথেন্সত গণতন্ত্ৰৰ সূচনা কৰিছিল ক্লেইস্থেনিছে ৫০৮-৫০৭ খ্ৰীষ্টপূৰ্বত৷সেয়েহে ক্লেইস্থেনিছক এথেনীয়ান গণতন্ত্ৰৰ পিতৃপুৰুষ হিচাপে জনা যায় ৷
আইনগত সমতা(legal equality),ৰাজনৈতিক স্বাধীনতা(political freedom), আইন-কানুনৰ নীতি(rule of law)ক গণতন্ত্ৰৰ মূখ্য বিশেষত্ব বুলি চিনাক্ত কৰা হৈছে৷গণতন্ত্ৰত সকলো নাগৰিকেই আইনৰ চকুত সমান আৰু যিকোনো আইনী প্ৰক্ৰিয়াত  সমান সুবিধা লাভ কৰাৰ অধিকাৰ আছে৷  গণতন্ত্ৰ হ’ল কোনো ৰাষ্ট্ৰৰ(বা কোনো সংগঠনৰ) এনে এটি শাসন ব্যৱস্থা য’ত প্ৰত্যক্ষ অথবা পৰোক্ষ ভাবে  প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ আৰু চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে ৷গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে । যিটো সচৰাচৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ মাধ্যমেৰে তৈয়াৰ হয় ৷

।। দুই ।।
অসমৰ   নৱনিযুক্ত শিক্ষা মন্ত্ৰী সন্মানীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অলপতে সদম্ভে ঘোষণা কৰিছে যে, এতিয়াৰে পৰা শিক্ষক কৰ্মচাৰী সকলে ছাত্ৰ-ছাত্ৰীক পাঠ দানৰ পৰা বিৰত থাকি আন্দোলন, ধৰ্মঘট আদিত ভাগ ল’ব নোৱাৰিব । চৰকাৰী ভাবে ছুটি মঞ্জুৰ হ’লেহে তেনে কাৰ্যত অংশ গ্ৰহণ কৰিব পাৰিব। অন্যথা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব । লগতে ছাত্ৰ- ছাত্ৰীয়েও আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰিব ।  আৰু এধাপ আগুৱাই গৈ মন্ত্ৰীগৰাকীয়ে কৈছে যে, শিক্ষক- শিক্ষয়িত্ৰী তথা শিক্ষা বিভাগৰ বিষয়া-কৰ্মীসকলে এতিয়াৰে পৰা শিক্ষানুষ্ঠানত  ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱিৰিব । ৰাজ্য চৰকাৰৰ  বিৰুদ্ধে ছ’চিয়েল মিডিয়াত  কোনো ধৰণৰ চৰকাৰবিৰোধী মন্তব্য ৰাখিব নোৱাৰিব।  তেনে কাৰ্য কৰিলেই অনুশাসন ভংগ কৰা বুলি গণ্য কৰা হ’ব । ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত সময়ে সময়ে এনেধৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা কাৰ্য তাহানিৰে পৰা চলি আহিছে বুলি ক’ব পৰা যায় । মূলতঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ইমাৰ্জেঞ্চি শাসন কালত তাৰ প্ৰকোপ আছিল সৰ্বাধিক । এতিয়া বিজেপি চৰকাৰৰ দিনটো এনে প্ৰভাব অক্ষত আছে । যাৰ বাবে এনে  বিষয়বোৰে দেশৰ বিভিন্ন মহলত জোকৰণিৰ সৃষ্টি কৰি আহিছে । প্ৰশ্ন হয়, শিক্ষক – কৰ্মচাৰী বা সৰ্বসাধাৰণ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পূৰ্বে সাংসদ , মন্ত্ৰী , বিধায়ক একাংশই যে সদনত হামিয়াই , হিকটিয়াই , টোপনিয়াই মহামান্য সদনৰ মহামূল্যবান সময় অপচয় কৰে , প্ৰতিবাদ – ধৰ্মঘটেৰে সদনৰ কাম কাজ মাহৰ পাছত মাহ অচল কৰি তোলে , তাৰ হিচাব কোনে ৰাখিব ? তেখেতসকলৰ বিৰূদ্ধে কোনে কি ব্যৱস্থা গ্ৰহণ কৰিব ? ভাৰতীয় গণতন্ত্ৰৰ পবিত্ৰ সদনৰ মজিয়াত এচাম জনপ্ৰতিনিধিয়ে যে পৰ্ণগ্ৰাফি চোৱাত ব্যস্ত থাকে ? সেইচাম জনপ্ৰতিনিধিয়ে তেনে কাৰ্যৰ বাবে কি মাচুল ভৰিব ? ৰাইজৰ আদালতত আজি সেয়াও এক বৃহত প্ৰশ্ন । শিক্ষক আৰু শিক্ষাৰ্থীসকলে দেশৰ  স্বাধীনতা আন্দোলনত ভাগ লোৱা নাছিলনে ? নে সেয়া উচিত নাছিল ? তাতোকৈ ৰাষ্ট্ৰৰ উন্নয়নত ব্যঘাট নহ’বলৈ  শিক্ষানুষ্ঠাণ আৰু শিক্ষকসমাজ , ছাত্ৰসমাজৰ উপৰিও জনগণৰ অভাৱ অভিযোগসমূহ দূৰীকৰণত অগ্ৰাধিকাৰ দিয়াটোৱে হ’ব মহামান্য মন্ত্ৰী – বিধায়কসকলৰ  সৰ্বোচিত পদক্ষেপ ! যাতে কোনেও প্ৰাপ্যৰ পৰা বঞ্চিত নহয় । তেনে কৰ্মইহে জনপ্ৰতিনিধিসকলক গণতন্ত্ৰত সুৰক্ষিত কৰিব সুদীৰ্ঘ দিনৰ বাবে ।

।। তিনি ।।
উপদেশতকৈ আৰ্হি ভাল। সৰ্বসাধাৰণ ৰাইজ আজি আৰু ইমান অজ্ঞান হৈ থকা নাই যে – জনপ্ৰতিনিধিসকলে যি খুচি তাকে কৰিব বা ক’ব ! অথচ জনগণৰ গণতান্ত্ৰিক অধিকাৰ তিলিকতে কোনোৱে উৰুৱাই দিব ? ভাৰতবৰ্ষৰ জনপ্ৰতিনিধি একাংশৰ কৰ্মস্পৃহাৰ নমুনা দেখি আজিও  ৰাইজৰ চকু কপালত উঠে । এইসকল জনপ্ৰতিনিধিয়ে আকৌ  চিঞৰি চিঞৰি-উন্নয়নৰ ক্ষেত্ৰত নিজ নিজ ৰাজ্যখনক ভাৰতৰ ভিতৰতে শীৰ্ষত থাকাটো বিচাৰে? জনপ্ৰতিনিধিসকলৰ  অধিনস্থ বিভাগীয় বিষয়া কৰ্মচাৰীক নিয়মানুবৰ্তীতা আৰু সততাৰ আদিপাঠ দিয়ে । উল্লখ্য যোৱাটো অসম বিধান সভাৰ কালচোৱাত  ( ৮ ফেব্ৰুৱাৰীত )   মহামান্য অধ্যক্ষ   গোস্বামীদেৱে বিষোদগাৰ কৰি ক’বলগীয়া হৈছিল  যে–দলীয় সিদ্ধান্তৰ দ্বাৰাই প্ৰেৰণ কৰা নামবোৰৰ বিপৰীতে বিবেচনা কৰি মন্ত্ৰী- বিধায়কক বিতৰ্কত ভাগ ল’বলৈ বিধান সভাত সুযোগ দিয়া হয়।তেনেস্থলত সেই নামৰ বিপৰীতে যদি মন্ত্ৰী- বিধায়কসকল সদনত উপস্থিত নাথাকে, তেনে কাৰ্য সহজ ভাবে ল’ব পৰা নাযায় । অসমবাসীৰ বাবে অত্যন্ত দুৰ্ভাগ্যৰ বিষয় যে,  ৯ ফেব্ৰুৱাৰীত অসম বিধান সভাত এগৰাকীও মন্ত্ৰী উপস্থিত নথকা হেতু কিছু সময়ৰ বাবে সদন স্থগিত ৰাখিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল ।  যি কাৰ্য্য অসমবাসীৰ বাবে আছিল অতিশয় দুৰ্ভাগ্যজনক।প্ৰশ্ন হয় – ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা, ৰাইজৰ দ্বাৰা নিৰ্বাচিত সাংসদ-বিধায়কসকলে নিজ দায়িত্বক অৱহেলা কৰি, নিজ ইচ্ছা অনুসৰি পৰ্বতসম সা-সুবিধাসমূহ গ্ৰহণ কৰা কাৰ্য, কিমান দূৰ গ্ৰহনযোগ্য বাৰু ?  সময় অনুসৰি সদনৰ কামকাজ নচলাকৈয়ে সাংসদ বা বিধায়কসকলে উচ্ছ হাৰত দা- দৰমহা আৰু  অন্যান্য সুবিধাসমূহ  গ্ৰহণ কৰাৰ নৈতিক অধিকাৰৰ বিষয়টোকলৈও   জনসাধাৰণৰ মাজত  বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি  আহিছে । গণতন্ত্ৰত জনগণৰ মাজত তেনে প্ৰশ্ন উত্থাপিত হোৱাটো নিত্যান্তই স্বাভাবিক।   চৰকাৰী বিষয়া, কৰ্মচাৰী কাৰ্যালয়ত  অনুপস্থিতি , কাম কাজত হেমাহি  বা দায়িত্বত গাফিলতিৰ  বাবে দৰমহা কৰ্তন কিম্বা নিলম্বন অথবা বৰ্খাস্থ কৰণ ব্যৱস্থা আছে ! আনকি মন্ত্ৰী – বিধায়কেও এনে বিষয়া , কৰ্মচাৰীৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয় । তেনেকাৰ্য অতি উত্তম বুলি সকলোৱে একেমুখে প্ৰশংসাও কৰে ।  তেনেস্থলত ৰাইজৰ সেৱক   জনপ্ৰতিনিধিসকলৰ  অনুপস্থিতি অথবা দায়িত্বহীন কথা- বতৰা বা কৰ্ম-কাণ্ডৰ বাবে  কোনে  কি ধৰণৰ অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰে বা কৰিব ?  সেয়াই হৈছে সৰ্বসাধাৰণ ৰইজৰ মনত কৌটি টকীয়া  প্ৰশ্ন  ? তাতোকৈও  ডাঙৰ প্ৰশ্নটো হৈছে – নিজ ৰাজ্যৰ বিধান সভাৰ কাম-কাজ বাদ দি অইন ৰাজ্যৰ নিৰ্বাচনী সভাত দলৰ হৈ নিৰ্বাচনী প্ৰচাৰতত ব্যস্ত থকা কাৰ্য  জনপ্ৰতিনিধিৰ দায়িত্বৰ ভিতৰত পৰেনে ? আমাৰ বোধেৰে বিধান সভাৰ ক্ষেত্ৰত ৰাইজৰ প্ৰতিনিধিসকলক মূলতঃ ৰাইজে নিজ ৰাজ্য আৰু নিজ  নিজ সমষ্টিৰ উন্নয়নৰ বাবেহে নিৰ্বাচনত জয়ী কৰাই বিধান সভালৈ কিম্বা লোকসভালৈ পঠিয়াই । সেই কথা পাহৰি নিৰ্বাচিত প্ৰতিনিধিসকলে দলীয় কাম কাজত অযথা জপিয়াই ফুৰাটো অথবা ৰাজ্যৰ ৰাজধানী বা সমষ্টিবাসীৰ পৰা দীৰ্ঘদিন দূৰৈত থকাটো  জনসাধাৰণৰ বাবে অসহনীয় কাৰ্য  । কৰ্তব্যৰ গাফিলতিৰ এক নমুনা ! প্ৰকৃতাৰ্থত কিমান সময় ( ঘণ্টা ) মন্ত্ৰী , বিধায়ক, সাংসদসকলে নিজ নিজ কাৰ্যালয়, সদন বা সমষ্টিত অতিবাহিত কৰিব লাগে, তাৰ এক সুনিৰ্দিষ্ট , পৰিকল্পিত সময়সূচী  থকা উচিত ! অন্যথা দিনৰ দিনটো নিজ দলৰ কাম-কাজত  কিম্বা দলীয় নিৰ্বাচনী সভাত ব্যস্ত থাকি জনপ্ৰতিনিধি গৰাকীয়ে এদিনো ছুটি নোলোৱাকৈ ৰাইজৰ সেৱা কৰিছো বুলি কৈ মোটা অংকৰ দা-দৰমহা লোৱাটো গণতন্ত্ৰৰ পৰিপন্থী বুলিয়েই ক’ব লাগিব ।  গণতন্ত্ৰত ৰাইজে ৰজা । এতেকে এনেবোৰ প্ৰশ্নৰ উত্তৰ ৰাইজৰ প্ৰতিনিধিসকলে ৰাইজক যথাযথ ভাবে দিয়া যুগুত ।  আমি ভাবো সাংসদ, মন্ত্ৰী, বিধায়কসকল যিদৰে নিজ নিজ বিভাগটোক সততা আৰু কঢ়া নিৰ্দেশেৰে তদাৰকী কৰিব বিচাৰে তাক গণতান্ত্ৰিক ভাবে সৰ্বস্তৰৰ লোকে গ্ৰহণ কৰিব লাগে । আনহাতে সাংসদ, মন্ত্ৰী , বিধায়কৰ অকৰ্মাণ্যতাৰ বিৰূদ্ধেও ৰাইজে সংযম আৰু সততাৰে গণ আন্দোলন গঢ়ি তোলা যুগুত । অন্যথা জনগণ যুগে যুগে প্ৰতাৰিত হৈ থাকিব এইসকল জনপ্ৰতিনিধি নামধাৰী সেৱকৰ পৰা ।

।। চাৰি ।।
দেখা যায় যে , আমাৰ দেশখনত  ৰাইজৰ প্ৰতিনিধি সবে বিধান সভা  অথবা লোকসভাৰ মজিয়ালৈ নিৰ্বাচিত হ’বলৈ বুলি ভোট ভিক্ষাৰ সময়ত ৰাইজৰ ওচৰলৈ  যাওতে  গৰু -ম’হৰ গাড়ীত উঠি, চাইকেল চলাই, ৰিক্সাত উঠি, খোজ কাঢ়ি সাধাৰণ মানুহৰ বেশ ভূষা, চালচলনেৰে নিঃকিন ৰাইজৰ সতে সহবাস বা খাদ্য গ্ৰহণেৰে  যি আদৰ্শ দাঙি ধৰে , সেয়া সঁচাই অতুলনীয়। হ’লে কি হ’ব ? দিন বাগৰাৰ লগে লগে কৃষক , দিনহাজিৰা কৰা, লঘোণীয়া, ৰুগীয়া,খহনীয়া , বন্যাৰ্ত, নিয়োগহীন তথা যন্ত্ৰণাত কক্-বকাই থকা সাধৰণ জনতাৰ কথা প্ৰায়বোৰ জনপ্ৰতিনিধিয়ে পাহৰি যায়!ৰাইজৰ পদুলিয়ে পদুলিয়ে ভোট ভিক্ষা কৰা অধিক সংখ্যক জনপ্ৰতিনিধি- সাংসদ, মন্ত্ৰী , বিধায়ক হোৱাৰ পাছত সমষ্টিলৈ যাবলৈ সময় নোহোৱা হয় ! ৰাইজৰ আ্ৱেগ অনুভূতিক গুৰুত্ব দিয়া দূৰৈৰে কথা , গণতন্ত্ৰৰ মূল স্তম্ভ ন্যায়পালিকাৰ নিৰ্দেশত , ৰাজ্য চৰকাৰৰ তত্ববধানত চলিথকা কাম-কাজকো   কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে সন্মানীয় পদবীত থকা ( ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহাইৰ দৰে স্থুল জ্ঞানৰ ) জন- প্ৰতিনিধিয়ে নস্যাত কৰিবলৈ কুণ্ঠাবোধ নকৰে । উদাহৰণ – অলপতে এন আৰ চি সম্পৰ্কত দিয়া  তেনেই তৰল মন্তব্য । এইসকল সাংসদ,বিধায়কে আকৌ  নিৰ্বাচনৰ সময়ত চিৰবৈৰী ভাবসম্পন্ন  বিৰোধী দলবোৰৰ সৈতে সময় সুবিধানুযায়ী এক হৈ পৰে ।মূলতঃ ইটো দলে সিটো দলৰ প্ৰতিনিধিক তীব্ৰ তুচ্ছ তাচ্ছিল্য কৰা সকলৰ মাজতো তৃপ্তিৰ হাঁহি বিৰিঙি উঠে- সদনৰ মজিয়াত  তেওঁলোকৰ  দা-দৰমহা অথবা অন্যান্য সা – সুবিধা বৃদ্ধিৰ  আলোচনা কালত।সৰ্বতোপৰি ৰাইজৰ বাবে, ৰাইজৰ হকে কাম কৰিম বুলি গীতা – কোৰাণ – বাইবেলত হাত থৈ , ৰাইজৰ ওচৰত ভগৱানৰ নামত শপত খোৱা সংখ্যাধিক মহামান্য মন্ত্ৰী , বিধায়কসকলৰ   সময়ে সময়ে সদনত উপস্থিত থাকিবলৈকেও সময়ৰ নাটনি ঘটে?যাৰ ফলস্বৰূপে বিধানসভা, লোকসভা , ৰাজ্যসভাত  মহামান্য অধ্যক্ষই এনে কাৰ্যৰ বাবে তেওঁলোকক সোঁৱৰাই দিব লগীয়া ঘটনাও সংঘটিত হয়   । স্মৰ্তব্য যে,  ২০১৪ৰ সংসদীয় নিৰ্বাচনত বিজেপিয়ে দিল্লীৰ মছনদ দখল কৰাৰ পিছমূহুৰ্ততে সদনত প্ৰবেশৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাংসদ ভৱনক উপাসনা থলী হিচাপে অভিহিত কৰি, সাংসদ ভৱনক সাষ্টাংগে প্ৰণাম কৰি সমগ্ৰ পৃথিৱীবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল । আনকি মহামান্য প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজৰ ধনেৰে আয়োজিত লোকসভা,ৰাজ্যসভা , তথা বিধানসভাসমূহৰ মহামুল্যবান সময় অপচয় নকৰি, জনতা জনাৰ্দ্দনৰ হৈ কাম কৰি যাব লাগে বুলি ৰাইজৰ প্ৰতিনিধিসকলক সোঁৱৰাই আহিছে।  তেনেস্থলত  ৰাইজৰ প্ৰতিনিধি এচামে সদনত সময় মতে উপস্থিত নথকা অথবা সমষ্টিবাসীৰ সুখ দুখৰ খবৰ নৰখা , প্ৰাপ্যৰ পৰা বঞ্চিত কৰা কাৰ্য গণতন্ত্ৰৰ বাবে দুৰ্দিন আৰু ৰাইজৰ বাবে দুৰ্ভাগ্য বুলি ক’ব লাগিব। সবাটোকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে- বৰ্তমান সময়ত   জনপ্ৰতিনিধিসকলৰ অধিকাংশই গণতন্ত্ৰৰ সমুদায় সুখ ভোগ কৰি, যিহকে পাই তাকে ক’ব পাৰে  ,টুইত কৰিব পাৰে  অথবা গণতন্ত্ৰৰ দোহাই দি আন্দোলন ধৰ্মঘট আদিত বিনাদ্বিধাই ভাগ ল’ব পাৰে । কিন্তু জনগণৰ বাকস্বাধীনতা অথবা সংগ্ৰামৰ ধাৰা ব্যহত কৰিবলৈ কুণ্ঠাবোধ নকৰে । বৰং সৰ্বসাধাৰণৰ সাংবিধানিক অধিকাৰ সমূহ সৰ্ব কৰিবলৈ উঠিপৰি লাগে ! তত্ৰাচ কোৱা হয় গণতন্ত্ৰত ৰাইজে ৰজা বুলি । কিমাশ্বাৰ্যম !  ■■
■  লেখকৰ ফোন : ৮০১১৫১৮৪৭৪ ।।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views