গান্ধীৰ প্ৰথম পচন্দ নাছিল ভূপেন বৰা..

1437

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অসম কংগ্ৰেছৰ সভাপতিৰ নাম ঘোষিত হ’ল। প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈক পিছ পেলাই সভাপতি নিৰ্বাচিত হ’ল ভূপেন বৰা। ২০১৪ চনৰ পৰা একেৰাহে তিনিটা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ মুখ দেখা বৰাক সভাপতি নিৰ্বাচন কৰাক লৈ কংগ্ৰেছৰ ভিতৰ মহলতে বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সভাপতিজনে যদি নিজৰ সমষ্টিতে জয়ী হ’ব নোৱাৰে তেন্তে আন নেতা কৰ্মীক কেনেকৈ উৎসাহিত কৰিব? কৰ্মী সকলৰ মতে ভূপেন বৰাতকৈ বহু বেছি দক্ষ আছিল প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈ। কিন্ত ভূপেন বৰাক কিয় সভাপতিৰ পদ দিয়া হ’ল সেইটোৱে এতিয়া দলৰ ভিতৰত কৌটি টকীয়া প্ৰশ্ন। প্ৰাপ্ত খৱৰ অনুসৰি সভাপতি পদৰ বাবে ৰাহুল গান্ধীৰ প্ৰথম পচন্দ আছিল গৌৰৱ গগৈ আৰু দ্বিতীয় স্থানত আছিল প্ৰদ্যুত বৰদলৈ। কিন্তু গৌৰৱ গগৈয়ে সদ্যহতে দলৰ সভাপতিৰ দায়িত্ব লবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। ইয়াৰ কাৰণ হ’ল ২০২৪ চনৰ লোকসভা নিৰ্বাচন। ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিজেপিক পৰাভূত কৰা কংগ্ৰেছৰ বাবে অসম্ভব।  কলিয়াবৰত মুছলমান ভোটাৰৰ বাবে গৌৰৱৰ জয় নিশ্চিত যদিও গোটেই অসমত কংগ্ৰেছে ৩ বা ৪ খনৰ বেছি আসন পোৱাৰ সম্ভ‍বনা নাই আৰু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই ভূপেন বৰাক অপসাৰণ কৰি সভাপতিৰ আসনত বহিব খোজে গৌৰৱ গগৈ। ভূপেন বৰাৰ স্থানত যদি প্ৰদ্যুত বৰদলৈ সভাপতি হয় তেন্তে তেওঁক আতৰ কৰা গৌৰৱৰ বাবে কঠিন হ’ব। সেয়েহে ভূপেনক শিখণ্ডী সজাই যুদ্ধক্ষেত্ৰলৈ আগবাঢ়িছে গৌৰৱ গগৈ। যি সময়ত এজন এজনকৈ হিন্দু নেতা, বিধায়কে কংগ্ৰেছ ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে তেনে ক্ষেত্রত লক্ষণীয় হ’ব ভূপেন বৰাৰ অহা কেইমাহ মানৰ কাৰ্য্যপন্থা।