ৰহস্যজনক মৃত্যু আৰু অবহেলিত গান্ধী পৰিয়ালৰ ফিৰোজ

1194
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এজন প্ৰাক্তন প্ৰধানমন্ত্রীৰ জোৱাই, এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্রীৰ স্বামী তথা এজন প্ৰাক্তন প্ৰধানমন্ত্রীৰ পিতৃ হোৱা স্বত্বেও এইজন নেতাৰ লগত ইতিহাসে ন্যায় কৰা নাই যেন ভাব হয়। ফিৰোজ গান্ধীৰ নামত ইতিমধ্যে লিখা হৈছে এখন কিতাপ ” The forgotten Gandhi”। বিভিন্ন সময়ত ফিৰোজ গান্ধীৰ বিষয়ে বিভিন্ন কথা ৱাটছাপ আদিৰ জৰিয়তে ভাইৰেল হৈছে। কিছুমানে কয় যে তেওঁ মুছলমান আছিল আৰু তেওঁক কবৰ দিয়া হৈছিল ইত্যাদি। আচলতে ফিৰোজ জাহাংগীৰ ঘান্দী গুজৰাটৰ এটা পাৰ্চী পৰিয়ালৰ পৰা অহা। দেউতাক মেৰিন ইঞ্জিনিয়াৰ আছিল আৰু চাকৰিসুত্রে মুম্বাইত আছিল বাবে ফিৰোজৰ জন্ম মুম্বাইত হৈছিল। দেউতাকৰ মৃত্যুৰ পিছত মাকে ফিৰোজক নিজৰ দেউতাকৰ ঘৰ এলাহাবাদলৈ লৈ যায়।  কলেজীয়া শিক্ষা ফিৰোজে এলাহাবাদত সম্পন্ন কৰে। এইখন চহৰতে ১৯৩০ চনত ইন্দিৰা নেহেৰুৰ লগত তেওঁৰ দেখা হয়। ইন্দিৰাৰ মাক কমলা নেহেৰু এখন কলেজৰ সন্মুখত ধৰ্না দি থকাৰ সময়ত চেতনা হেৰুৱাই বাগৰি পৰে। সেইসময়ত ফিৰোজে মাকক সহায় কৰে আৰু ঘৰলৈ লৈ যায়। এনেকৈ ইন্দিৰা নেহেৰুৰ ঘৰত ফিৰোজৰ অহা যোৱা বৃদ্ধি পায়। যিহেতু স্বাধীনতা আন্দোলনৰ লগত জড়িত থকাৰ বাবে জৱাহৰলাল নেহেৰু প্ৰায়ে ঘৰৰ বাহিৰত থাকে আৰু কমলা নেহেৰুও অসুস্থ,  ফিৰোজে তেওঁলোকৰ  খুব সেৱা কৰিলে। ইন্দিৰা নেহেৰু লাহে লাহে ফিৰোজ ঘান্দীৰ প্ৰতি আকৰ্ষিত হ’ল। ইন্দিৰাৰ বয়স যেতিয়া ১৬ বছৰ আছিল তেতিয়া ফিৰোজে তেওঁক প্ৰেমৰ প্ৰস্তাব দিছিল। ইন্দিৰাই প্ৰথমতে ইয়াক প্ৰত্যাখ্যান কৰিছিল যদিও ইতিমধ্যে ফিৰোজৰ প্ৰতি তেওঁৰ প্ৰেম ভাব জাগিছিল। ১৯৩৬ চনত ইন্দিৰাৰ মাকৰ মৃত্যু হয়। সেই সময়ত ফিৰোজে ইন্দিৰাক খুব support  দিছিল। ইন্দিৰাই অবশেষত ফিৰোজৰ প্ৰেমৰ প্ৰস্তাব গ্ৰহণ কৰিলে। দুয়ো একেলগে লণ্ডনলৈ পঢ়িব গ’ল। ১৯৪২ চনত দুয়োজনে বিয়া পতাৰ সিদ্ধান্ত ল’লে। সেইসময়ত জৱাহৰলাল নেহেৰু জেলত আছিল। নেহেৰু এই বিয়াকলৈ সিমান সুখী নাছিল। ইন্দিৰা নিজৰ সিদ্ধান্তত অটল থাকিল। মহাত্মা গান্ধীয়ে ফিৰোজ ঘান্দী আৰু ইন্দিৰা নেহেৰু দুয়োজনক গান্ধী উপাধি দিলে আৰু ১৯৪২ চনতে দুয়োৰে বিবাহ এলাহাবাদত হিন্দু ৰীতি নীতিৰে সম্পন্ন হয়।
ইন্দিৰা গান্ধীয়ে যেতিয়া ৰাজনীতিৰ জগতত খোজ পেলালে আৰু স্বাধীন ভাৰতৰ প্ৰথম  প্ৰধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ চেক্ৰেটাৰী হিচাবে নিয়োজিত হ’ল তেতিয়াৰ পৰাই ফিৰোজ অাৰু ইন্দিৰাৰ মনোমালিন্য আৰম্ভ হয়। ইয়াকে লৈ ফিৰোজ অসন্ত্তষ্ট হয়। ইন্দিৰা গান্ধীয়ে পতীৰ সলনি পিতৃৰ লগত থাকিবলৈ লয়। ফিৰোজে নেচনেল হেৰাল্ড কাকতৰ সম্পাদনাৰ কামত নিজকে নিয়োজিত কৰে। এই সময়চোৱাত ফিৰোজৰ বহু মহিলাৰ লগত সম্পৰ্কৰ খবৰ ওলায়। ৰাজীব গান্ধীৰ জন্ম ইতিমধ্যে হৈছিল আৰু সঞ্জয় মাকৰ গৰ্ভত আছিল। দুয়োৰে সম্পৰ্ক বেছি বেয়াৰ পিলে গতি কৰে। ১৯৫৮ চনত ইন্দিৰা যেতিয়া দেউতাকৰ লগত ভূটান যাত্রাত আছিল তেতিয়া তেও ফিৰোজৰ হাৰ্ট এটেক হোৱাৰ খৱৰ পায়। ইন্দিৰা ভাৰতলৈ তেওঁৰ খৱৰ লবলৈ আহি গম পায় যে ফিৰোজ বিপদমুক্ত। দুয়ো পুৰণি কথা পাহৰি পুনৰ একেলগে থাকিব আৰম্ভ কৰে। ৰাজীব আৰু সঞ্জয়ৰ লগত মাক দেউতাক দুয়ো সময় অতিবাহিত কৰে। কিন্তু ইন্দিৰা গান্ধী কংগ্ৰেছৰ সভাপতি নিযুক্ত হোৱাৰ লগে লগে সকলো সলনি হৈ যায়। ফিৰোজে প্ৰধান মন্ত্রীৰ ঘৰলৈ অহা যোৱা কৰা সম্পূৰ্ণ বন্ধ কৰি দিয়ে। কিছুদিন পিছত নিজৰ ৪৮তম জন্মদিনৰ দুই দিন আগত ফিৰোজ গান্ধীৰ মৃত্যু হয়। নেহেৰুৱে ফিৰোজক কেতিয়াও পচন্দ কৰা নাছিল কিন্তু ফিৰোজৰ মৃত্যুৰ সময়ত মানুহৰ ভিৰ দেখি আচৰিত হৈছিল। মৃত্যুৰ আগে আগে ফিৰোজে কৈছিল যে তেওঁৰ অন্তিম সংস্কাৰ হিন্দু নিয়মেৰে কৰিব লাগে। পাৰ্চী সমাজৰ যিটো নিয়ম সেইটো তেওঁ ভাল নাপায়। পাৰ্চী সকলে মৃত্যুৰ পিছত মৃতদেহটো ওপৰত ওলোমাই ৰাখে  শগুনৰ বাবে। হিন্দু নিয়ম অনুসৰি ফিৰোজ গান্ধীৰ মৃতদেহটো জ্বলোৱা হয়। তেওঁৰ অস্তিৰ কিছু অংশ গংগাত বিসৰ্জন দিয়া হয় আৰু কিছু অংশ পাৰ্চী কবৰস্থানত ৰখা হয়। এতিয়া এইজন গান্ধী পাহৰণিৰ গৰ্ভত। পৰিয়ালৰ কোনেও তেওক মনত কৰা দেখা নাযায়। কেইবছৰমান আগতে পঢ়িছিলো বৰুণ গান্ধী হেনো গৈছিল ককাকৰ কবৰস্থানত।