ফিল্মফেয়াৰ বিৰোধ , সমৰ্থন আৰু ফ্ৰী টিকটৰ ৰাজনীতি

2345
  • বিপ্লব ভট্টাচাৰ্য্য

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


প্ৰিয়ংকা চোপ্ৰাই হাতীৰ পিঠিত উঠি অসমৰ পৰ্যটন উদ্যোগটোক চন্দ্ৰৰ বুকুলৈ লৈ গ’ল। । ৰাইজে দেখিলে আৰু সকলো বুজি থাকিল । প্ৰিয়ংকা আৰু নিকৰ বিয়াৰ পাৰ্টীত  নিজৰ খাৰ খোৱা সহোদৰক দেখি গৌৰৱত বুকু ফুলি গ’ল । বিয়াৰ পিছৰ মধুচন্দ্ৰিকা অসমতেই হোৱা কথা আছিল যদিও , এক বিশেষ সুত্ৰই জনোৱা মতে নিকৰ মাতৃৰ অসুখৰ বাবে শেষ মুহুৰ্তত  স্থান সলনি কৰিব লগা হয় ।  প্ৰিয়ংকাৰ বিজ্ঞাপন চাই   ইউৰোপ আমেৰিকাৰ পৰা পৰ্যটক আহিল । গুৱাহাটীৰ পৰা নিউইয়ৰ্ক , ৰোম , ছিডনি ,  লণ্ডনলৈ ডাইৰেক্ট বিমান চলিব , মাত্ৰ ফাইলটোত চহী হ’বলৈ বাকী  । গুৱাহাটীৰ পঞ্চতাৰকা হোটেল সমুহ  সদায় হাউচফুল হ’ল   ।  আমাৰ অসমৰ একাংশ অভিনেত্ৰীৰ একাণপতীয়া প্ৰচেষ্টা আৰু পৰ্যটন বিভাগৰ বিষয়বাৱত থকা কেইজনমান স্বনামধন্য ব্যক্তিৰ সহযোগত ইউৰোপত অসমৰ প্ৰচাৰ চলোৱা হ’ল । জানিব পৰা মতে ইউৰোপৰ ভালেকেইখন দেশৰ ৰাস্তা ঘাট , হোটেল , পান দোকানৰ নাম অসমীয়াত ৰাখিছে ।
ইয়াৰ পিছতেই  পৰ্যটনৰ নতুন সংস্কৰণ ফিল্ম ফেয়াৰ আহিল । চু্ক্তি  স্বাক্ষৰ হ’ল টাইম গ্ৰুপ আৰু অসম চৰকাৰৰ মাজত । ২৩ কৌটি টকা চৰকাৰে দিব টাইমছ অৱ ইণ্ডিয়া গ্ৰুপক আৰু টাইমছ অ’ৱ ইণ্ডিয়াই কৌটি কৌটি ( ১০০ কৌটিৰ পৰা ৬০০ কৌটি ) টকা খৰছ কৰিব । অসমৰ পৰ্যটনৰ উন্নতি হ’ব । অমিতাভ বচ্ছন, শ্বাহৰুখ খানে ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানত আহি ‘উই লাভ আচাম’ বুলি কোৱাৰ লগে লগে অসমীয়াৰ মন শাত পৰি যাব । অহাবছৰ শ্বাহৰুখ খানে বিবাহ বাৰ্ষিকী কাজিৰঙাৰ ৰিচোৰ্টত পাতিব আৰু অমিতাভে নাতিনীৰ জন্মদিন মানাসত পাতিব বুলি খৱৰ ওলাইছে । অসমৰ পঞ্চতাৰকা হোটেলৰ অসমীয়া মালিকে পইচা পাব , নলবৰীয়া গাড়ীৰ ড্ৰাইভাৰে পইচা পাব , ফাঁচী বজাৰৰ গেলামাল দোকানীৰ বিক্ৰী ভাল হ’ব , খাৰুপেটিয়াৰ চব্জি বেপাৰী , সোণাপুৰৰ গাহৰি ফাৰ্মৰ মালিকসকল , বৰপেটাৰ পৰা যোৱা লোকেল মাছৰ বেপাৰী __মুঠৰ ওপৰত  সকলোৰে ব্যৱসায় ভাল হ’ব । এবছৰৰ ইনকাম এদিনতে হ’ব । বাকী পেণ্ডেল , পানীৰ ঠিকাৰ কাৰণে ই টেণ্ডাৰিং হ’ব । সম্পুৰ্ণ নিকা ।  ফিল্ম ফেয়াৰে আগন্তুক সময়ত  পৰ্যটকৰ সোঁত বোৱাই দিব আৰু দুই তিনি দিনত টাইমছ গ্ৰুপে খৰছ কৰাৰ শ শ কৌটি টকাৰ ভাগ অসমৰ নিবনুৱাই পাব । অসম চৰকাৰে ২৩ কৌটি টকা খৰছ কৰি হাজাৰ কৌটিৰ ব্যৱসায় কৰিব । মুঠতে অসমৰ লাভেই লাভ । মাছৰ তেলেৰে মাছ ভাজিব আৰু ৰৈ যোৱা তেলেৰে আলু পিটিকাও বনাব । সংবাদ মাধ্যমৰ বাঘা বাঘা জাৰ্নেলিষ্টসকলে  ডিঙিত ফ্ৰী পাছ লৈ প্ৰবেশ কৰিব । দৰ্শক হিচাপে নহয় , ক্ৰিটিক হিচাপে চানী লিয়নীৰ  নৃত্যৰ ওপৰত নিবন্ধ লেখিবৰ বাবেহে ।