গৃহমন্ত্ৰী হিচাবে সোণোৱাল সঁচাৰ্থতে ব্যৰ্থ নেকি?

2273

■ প্ৰফুল্ল কলিতা


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


৷ এক ৷৷
শেহতীয়া  ভাবে অসমৰ   গৃহমন্ত্ৰীগৰাকী ৰাজ্যখনৰ আইন শৃংখলাজনিত কাম-কাজত ব্যৰ্থ হোৱা বুলি  ৰাজ্যখনৰে একাংশ  ৰাজনৈতিক নেতা – কৰ্মী তথা  বৰমূৰীয়া ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছে ।  এচামে আকৌ  মুখ্যমন্ত্ৰী সোণোৱাল গৃহ দপ্তৰটো চলোৱাত ব্যৰ্থ হৈছে বুলি অভিযোগ তুলি তেওঁক  ৰাজ্যৰ প্ৰশাসনীয় বিষয়া-কৰ্মীসকলৰ প্ৰতি  অধিক কঢ়া হ’বলৈ অথবা গৃহমন্ত্ৰী হিচাবে কঠোৰ  সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে অন্যথা গৃহ বিভাগৰ দায়িত্ব এৰিবলৈকে  সকিয়াই  দিবলৈকে কুণ্ঠাবোধ কৰা নাই  ।  আনকি ৰিৰোধী দল কংগ্ৰেছৰ মুখপাত্ৰ তথা বৰ্তমানৰ  নগাও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই  সজোৰে  উত্থাপন কৰিছে মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী সৰ্বানন্দ সণোৱালৰ নেতৃত্বতে ৰাজ্যখনত ( মাৰ্ঘেৰিটা )  কয়লা ছিণ্ডিকেট অব্যাহত আছে ।  তাৰোপৰি  দুৰ্নীতিৰ ক্ষেত্ৰত  শূণ্য সহনশীল নীতিৰে সৰ্বস্তৰৰ ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰী তথা  গৃহমন্ত্ৰীগৰাকীৰ বিৰূদ্ধে গৰজি উঠিছে  বিজেপিৰ খোদ  ৰাষ্ট্ৰীয় সম্পাদক তথা মঙ্গলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই । অসম মুলুকত বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক নেতাজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে – দলৰ এজন বিধায়কৰ পৰিয়ালৰ ৫ গৰাকীকৈ সদস্যই এ পি এছ চিত চাকৰি পোৱা বিষয়টো এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ আওতালৈ ননাতো চিন্তাৰ বিষয় । ইংৰাজী ভাষাত শুদ্ধকৈ বাক্য এটাও প্ৰকাশ কৰিব নোৱাৰা লোকেও এ পি এছ চিৰ পৰীক্ষাত উৰ্ত্তীৰ্ণহৈ গুৰুত্বপূৰ্ণ   চাকৰি লাভ কৰিছে  ! কিন্তু তেওঁলোক কি কাৰণত তদন্তৰ আওতালৈ নাহিল ?  আৰক্ষী আৰু সোণোৱাল চৰকাৰৰ এনে পক্ষপাতমূলক  আচৰণত  তেওঁ ক্ষুব্ধ হোৱা বুলি প্ৰকাশ । এনে কথা-কাণ্ডই  সোণোৱাল ডাঙৰীয়াক  গৃহ বিভাগ চলোৱাত ব্যৰ্থ হোৱা বুলিয়েই প্ৰমাণ কৰিব খোজে এচাম সমালোচকে ।
এইকথাও সবিষ্টাৰে প্ৰকাশ পাইছে যে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন অল-কায়দা আৰু ইছলামিক ষ্টেট ( আই এছ ) – এ এইবাৰ অসমলৈকেও চকু দিছে !  ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ( এন আই এ )   চৰকাৰলৈ দিয়া এক নিৰ্দেশনাত  জম্মু – কাশ্মীৰ আৰু কেৰেলাক অতি স্পৰ্শকাতৰৰূপে চিহ্নিত কৰি,  পশ্চিমবংগ আৰু অসমক  স্পৰ্শকাতৰ ৰাজ্যৰ তালিকাত স্থান দিছে । অৱশ্যে অসমত  আই এছ অথবা অল-কায়দাৰে সম্পৰ্কিত কোনো গোচৰ এতিয়ালৈ ৰুজু হোৱা নাই ।
অন্যহাতে  অসমৰ ধৰ্মীয় সংখ্যালঘু অঞ্চলত  ধৰ্ষণ-নাৰীজনিত অপৰাধ ভালেখিনি বৃদ্ধি পোৱাত বিভিন্ন মহলে উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখ্য যোৱাটো বছৰত   (২০১৮ ) ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত ১,৯৭৪ টা ধৰ্ষণৰ গোচৰ আৰু ১১,৬৩১ টা নাৰী নিৰ্জাতনৰ গোচৰ ৰুজু হৈছে । জিলা তথা আৰক্ষী থানাৰ ভিত্তিত ৰুজু হোৱা ধৰ্ষণ , নাৰী নিৰ্যাতন  ঘটনাবোৰ বিচাৰ-বিশ্লেষণ কৰি চালে দেখা যায় , ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত বছৰে বছৰে বৃদ্ধি হৈ আহিছে এনেবোৰ দুষ্কাৰ্য ।  এইক্ষেত্ৰত একেষাৰতে  গৃহমন্ত্ৰীৰ দায়িত্বত থকা  সোণোৱাল ডাঙৰীয়াৰ  ব্যৰ্থতা বুলি  ক’লে ভুল কোৱা  নহ’বনে ?  কিয়নো ধৰ্মান্ধতা , বাল্য বিবাহ , বলৎকাৰকে ধৰি বিভিন্ন  নাৰী নিৰ্যাতনৰ ঘটনা  সংঘটিত হোৱাৰ মূলতে মুখ্যতঃ শিক্ষাৰ অভাৱ বুলি বিবেচিত হৈছে  পৃথিৱীৰ সকলো  শিক্ষিত – সভ্য সমাজত ।  এনেবোৰ মানুহ সুশিক্ষাৰে , বিনয় আৰু সহিষ্ণুতাৰে ,  যেতিয়ালৈকে শিক্ষিত কৰি তুলিব পৰা নাযাব তেতিয়ালৈকে কি হিন্দু , কি মুছলমান , কি খৃষ্টান , কি পাৰ্চীয়ান , কি জৈন  সকলোতে এনে দুষ্কাৰ্য সংঘটিত হৈয়ে থাকিব ! এই কথাও আমি দৃঢ়তাৰে ক’বলৈ কুণ্ঠাবোধ নকৰিম যে – একমাত্ৰ দাবী , ধমকিৰে অথবা অতি কঢ়া বা কঠোৰ অনুশাসনেৰে  ঘৰ বা  সমাজৰ সদস্যসকলক  অথবা প্ৰশাসনৰ বিষয়া , কৰ্মচাৰীসকলক নতজানু কৰি ঘৰ , সমাজ অথবা  দেশ চলাব নোৱাৰি । নোৱাৰি গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিব । আলোচনা – বিলোচনা অতিব প্ৰয়োজন ।  প্ৰয়োজন স্নেহ , বুজাপৰা আৰু বিনয়ী মনোভাবৰ । যিটো অসমৰ মুখ্যমন্ত্ৰীৰ মাজত আমি সততে দেখাপাওঁ  । অন্ততঃ বৰাক – ব্ৰহ্মপুত্ৰৰ মজত সমন্বয়ৰে বৰ অসম গঢ়াৰ সপোন সোণোৱাল ডাঙৰীয়াৰ দুচকুত প্ৰতিনিয়ত বিৰাজমান ।  তেনেবোৰ  কাৰণতে তেওঁক আমি বিনয়ী মুখ্যমন্ত্ৰী হিচাবে সম্বোধন কৰো ; শাত শতৰুৱেও গ্ৰহণ কৰে বুলি ভাবো ! অৱশ্যে এই কথাও মনত ৰাখিব লাগিব গণতন্ত্ৰত আইনৰ উৰ্দ্ধত কোনোৱে হ’ব নোৱাৰে !
৷৷ দুই ৷৷
দেশৰ বাবে আত্মাহুতি দিয়া অসম সন্তান শ্বহীদ সুনীল কলিতা ( কামৰূপ জিলাৰ ডিমুৰ নিকটবৰ্তী পালাৰা , হুঠাৰ বড়ী ) ৰ পত্নীক উদ্দেশ্যি ছ’চিয়েল মিডিয়াত অশালীন মন্তব্য কৰিছিল কাশ্মীৰি যুৱক, নৰাধম ছাহিল আব্বাছে । অৱশেষত প্ৰায় ৬০০ স্থানীয় কাশ্মীৰি  লোকৰ বাধা নেওচি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিলে ছাহিল আব্বাছক।  উল্লেখ্য যে কামৰূপ গ্ৰাম্য জিলাৰ  কমলপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত তিনিজনীয়া অসম আৰক্ষীৰ দলে জম্মু–কাশ্মীৰৰ কুলগাম জিলাৰ পৰা ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰে। স্মৰ্তব্য  ছট্টীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সুনীল কলিতাৰ পত্নীয়ে শোকাকুল পৰিবেশত স্বামীক চিৰবিদায় দিয়াৰ পৰত চেল্যুট দিয়া ফটো এখন  ছ’চিয়েল মিডিয়াত বহুলভাবে প্ৰচাৰ হৈছিল  এই ফটোখনতেই সুনীল কলিতাৰ পত্নীক উদ্দেশ্যি ছ’চিয়েল মিডিয়াত অত্যন্ত অশালীন মন্তব্য কৰিছিল আব্বাছে। এই ঘটনাত  ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত কমলপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৫০৭ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতে অসম আৰক্ষীয়ে জম্মু–কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি দেশদ্রোহী নৰপিশাচটোক গ্ৰেপ্তাৰ কৰে। তথ্য অনুসৰি অসম আৰক্ষীৰ তিনিজনীয়া দলটোৱে প্ৰায় ছয় শতাধিক লোকে ঘেৰাও কৰি ৰখা অৱস্থাৰ মাজতে স্ব–গৃহৰ পৰা ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰে। শ শ লোকৰ বাধা নেওচি অত্যন্ত বিপদসংকুল পৰিস্থিতিৰ মাজত আৰক্ষীৰ দলটোৱে ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰি কুলগাম থানালৈ আনে।  জম্মু–কাশ্মীৰৰ আদালতৰ পৰা আব্বাছক ট্ৰেনজিত ৰিমাণ্ডত লৈ দিল্লী হৈ গুৱাহাটীলৈ আনি কামৰূপ জিলা আদালতত হাজিৰ কৰোৱাৰ পিছতে আৰক্ষীয়ে জেৰা আৰম্ভ কৰে ছাহিল আব্বাছক। আদালতে কেনেধৰণৰ শাস্তি বিহে সেয়া লক্ষণীয় হ’ব । উল্লেখ্য এয়া সম্ভৱ হৈছে গৃহ মন্ত্ৰীৰ দায়িত্বত থকা সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃঢ় পদক্ষেপৰ  বাবে , এই কথা সংবাদমেলত সজোৰে ঘোষণা কৰিছে কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জিলা আৰক্ষী বিভাগৰ মুৰব্বীয়ে ।  ইফালে  অসম – বাংলাদেশ মাজত  বহুদিনৰে পৰা অব্যাহত থকা গৰু ছিণ্ডিকেটৰ মূল কাণ্ডাৰী মহম্মদ ছৰফৰাজ আৰু তেওঁৰ সাংগোপাংগোসকলক গ্ৰেপ্তাৰ কৰা কাৰ্য অসম আৰক্ষীৰ বাবে বৃহৎ সাফল্য । য’ত  গৃহমন্ত্ৰীৰ উচিত বিচাৰ বিবেচনা , সহযোগিতা বিদ্যমান ।
     শেষতীয়া ভাবে ছয়গাৱত নৃত্য  শিল্পীসকলক উলংগ নৃত্য কৰিবলৈ জোৰ-জবৰদস্তি কৰাসকলো এতিয়া আৰক্ষীৰ হেফাজত ।  ইমানৰ পিছতো আমি ক’ম নেকি মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগ ব্যৰ্থ হৈছে ? প্ৰশাসন অচল হৈছে ?
৷৷ তিনি ৷৷
যোৱা বছৰ ১ নৱেম্বৰত  হোৱা ধলাৰ গণহত্যাত ৫ গৰাকী নিৰিহৰ মৃত্যু হৈছিল । সেই  সম্পৰ্কত  ২ নৱেম্বৰত  ধলাৰ গণহত্যা সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰিছিল ৰাজ্যিক বিজেপি দল তথা চৰকাৰৰ তৰফৰ পৰা ।  চৰকাৰ পৰিচালনাত বিফলতাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ গৃ্হ বিভাগক ‘সফল’ হোৱা বুলিহে কৃতিত্ব দিছিল  বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। – “চৰকাৰৰ গৃহ বিভাগ সফল হৈছে। এটা মাত্ৰ ঘটনা ঘটিলেই গৃহ বিভাগ বিফল হয় নেকি?”  সংবাদমেলত  সাংবাদিকক ওলোটাই প্ৰশ্ন কৰিছিল ৰাজ্যিক বিজেপিৰ  সভাপতিগৰাকীয়ে । সাধাৰণ ৰাইজক নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা স্বীকাৰ কৰিও   প্ৰতিজন লোকক ‘এজনকৈ নিৰাপত্তাৰক্ষী’ দিয়াতো অসম্ভৱ বুলি  উল্লেখ কৰিছিল মাননীয় ৰঞ্জিত দাসে। মনকৰিবলগীয়া যে , অপ্ৰিয় হ’লেও দাস ডাঙৰীয়াৰ কথাষাৰ কিন্তু গুৰুত্বপূৰ্ণ ! জনগণৰ মাজত আজি এনে এক ধাৰণাই বাঁহ লৈছে যে সাধাৰণ হাই – কাজিয়াবোৰ কিম্বা অভাৱ – অভিযোগবোৰো চৰকাৰেই সকলো ঠিক কৰি দিব লাগিব । আনকি ঘৰৰ সমূখত জাৱৰ জোঠৰ নেপেলাবলৈ অথবা য’তে ত’তে থু- খেকাৰ , শৌচ- প্ৰস্ৰাৱ নকৰিবলৈকেও চৰকাৰেই ( প্ৰশাসনে ) সোঁৱৰাই থাকিব লাগিব !
ইফালে উগ্ৰতাৰা মন্দিৰৰ  মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি চুৰি কাৰ্যৰ ক্ষীপ্ৰ তদন্তৰ আদেশ দিছিল গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে । যদিওবা গুৱাহাটীস্থ আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছিল , তত্ৰাচ অনুসন্ধানত কোনোধৰণৰ কৃপনালি কৰা নাছিল !  অৱশেষত এ পি এছ চি দুৰ্নীতিৰ ৰহস্য ফাদিল কৰাত মুখ্য ভূমিকা লোৱা সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বৰ এটা দলে উক্ত চুৰি কাণ্ডৰ লগত জড়িত অভিযুক্তৰ লগতে মন্দিৰৰ বিগ্ৰহ  উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চুৰিকাণ্ডটো সংঘটিত হোৱাৰ পাঁচমাহৰো অধিক কাল পিছত  মন্দিৰটোৰ মূল বিগ্ৰহটো উদ্ধাৰ হোৱাত ধৰ্মপ্ৰাণ ৰাইজৰ লগতে  উগ্ৰতাৰা মন্দিৰ পৰিচালনা সমিতিয়ে অসম ( গোলাঘাট )  আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
উল্লেখ্য গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে এ পি এছ চি কেলেংকাৰীৰ বৃহত তথ্য উদঘাটন হৈছিল । মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰৰ গৃহ বিভাগে   দুৰ্নীতিৰ ক্ষেত্ৰত লোৱা শূন্য সহনশীল নীতিৰ বাবেই এনে বৃহৎ সফল্য  লাভ কৰাত সহায়ক হৈছে বুলি স্বয়ং আৰক্ষী প্ৰশাসনৰ মূৰব্বীয়ে প্ৰকাশ কৰিছিল ।
শেহতীয়া ভাবে জুৰোডৰ চেণ্টেল মলৰ সমূখত হোৱা বোমা বিষ্ফোৰণৰ জড়িত সকলক –   প্ৰাণময় ৰাজগুৰু , জাহ্নৱী বৰদলৈকে ধৰি  আটাই কেইজন অপৰাধীক ক্ষীপ্ৰতাৰে  গ্ৰেপ্তাৰ কৰিব পৰাতো ৰাজ্যৰ গৃহ বিভাগৰ বাবে এক  বৃহত সাফল্য বুলি ক’ব লাগিব । য’ত বিজয় অসমৰ দৰে মোষ্ট ওৱাণ্টেদ দুধৰ্ষ  আলফা কৰ্মী জালত পৰিছে ।  এয়াও ৰাজ্যখনৰ গৃহ বিভাগৰে এক বৃহৎ সাফল্য বুলি ক’ব লাগিব ।    নে একমাত্ৰ কাজিৰঙা অথবা সত্ৰসমূহৰ বেদখলকাৰীসকলক পুলিয়ে পোখাই উভালিব নোৱাৰাতে সীমাবদ্ধ হৈ আছে গৃহমন্ত্ৰীৰ ব্যৰ্থতা  ? যুগ যুগ ধৰি  পূৰ্বজই গ্ৰহণ কৰা নীতি নিয়ম বা পৰম্পৰা অনুজই হঠাতে উৎখাত কৰাতো ইমান সহজ সাধ্য নহ’ব নিশ্চয় ?   লগতে  দেশৰ আইন কানুন (আদালত ) ক  নস্যাৎ কৰি চৰকাৰে আগভাগ ল’ব যোৱাতোও এখোজ আগুৱাই এখোজ পিছুৱাই যোৱা লেখিয়া বিষয় । যিহেতু গণতন্ত্ৰত জনগণৰ স্বাৰ্থ সদায় আগত । সেয়েহে গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ বিনয়ী মুখ্যমন্ত্ৰী সোণোৱালে নিশ্চয়কৈ সকলো চালিজাৰি চাই আগবাঢ়িব আৰু এক সুদৃঢ় সিদ্ধান্তত উপনিত হ’ব !  এনে এক ধাৰণাৰে  আই অসমীৰ  সকলো সন্তানে আজি  আশাপালি ৰৈ আছে । য’ত জাতিৰ লগতে  দেশ আৰু দহৰ মংগল সাধন হ’ব আৰু ইতিহাসত অসমৰ সৰ্বতোকালৰ সফল  মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিচাবে সোণালী আখৰেৰে লিখা  থাকিব ।   ■◆■