গৌৰবে পাৰিবনে কলিয়াবৰত?

4616

লোকসভা ২০১৯ : বিজেপি ১০ , কংগ্ৰেছ ২, এ.অাই.ইউ.ডি.এফ ২ – দ্বিতীয় খণ্ড

পাৰ্থ সাৰথি দত্ত

যোৱা খণ্ডত আমি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা কোনটো দলে কেইখন আসন পোৱাৰ সম্ভাবনা আছে, সেই বিষয়ে বিশ্লেষণ কৰিছিলো। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দলবোৰে লাভ কৰা ভোটবোৰ যদি লোকসভা সমষ্টি অনুসৰি যোগ কৰা হয়, তেতিয়া দেখা যায় যে বিজেপি মিত্রজোঁট ১০, কংগ্ৰেছ ২ আৰু এ.আই.ইউ.দি.এফ ২ টা লোকসভা সমষ্টিত আগবাঢ়ি আছে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিফলন ২০১৯ চনত পৰিলে, কংগ্ৰেছ জয়ী হব কলিয়াবৰ আৰু বৰপেটা সমষ্টিত। এ.আই.ইউ.দি.এফে শেষ হাঁহি মাৰিব ধুবুৰী আৰু কৰিমগজ্ঞত। বাকী ১০ টা সমষ্টি দখল কৰিব বিজেপি মিটজোঁটে। যোৱা খণ্ডত আমি ২০১৪ আৰু ২০১৬ত দলবিলাকে লোকসভা সমষ্টিবিলাকত পোৱা ভোটৰ তুলনা কৰি এখন তালিকা প্ৰকাশ কৰিছিলো। ইয়াৰ উপৰিও আমি বৰপেটা, গুৱাহাটী, মংগলদৈ আৰু শিলচৰ লোকসভা সমষ্টিৰ বিশ্লেষণ আগবঢ়াইছিলো। এই খণ্ডত কলিয়াবৰ, তেজপুৰ, ধুবুৰী, লখিমপুৰ আৰু অট’নমাচ দিচট্ৰিক লোকসভা সমষ্টিৰ কিছু তথ্য আগবঢ়াম।

কলিয়াবৰঃ এই সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ বুলি জনা যায়। কংগ্ৰেছ এই সমষ্টিটোত মাত্র দুবাৰ ১৯৮৪ আৰু ১৯৯৬ চনত পৰাজিত হৈছিল। দুয়োবাৰ অগপৰ প্ৰাৰ্থী ক্ৰমে ভদ্ৰেশ্বৰ তাঁতী আৰু কেশব মহন্তৰ হাতত পৰাজিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্রী তৰুন গগৈ। ১৯৯৮ চনত হোৱা লোকসভা নিৰ্বাচনত তৰুন গগৈ ডাঙৰীয়া ইয়াৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল। গগৈ পৰিয়াল ইয়াৰ পৰা মুঠ ৭ বাৰ জয়ী হয়। ইয়াৰে তৰুন গগৈ ৩ বাৰ, তেখেতৰ ভাই দীপ গগৈ ৩ বাৰ আৰু পুত্র গৌৰব গগৈ এবাৰ জয়ী হয়। কলিয়াবৰ লোকসভা সমষ্টিত যঠেষ্ট মুছলমান ভোটাৰ আছে যিটো কংগ্ৰেছৰ বাবে এটা প্লাচ পইন্ট। সেইবাবে প্ৰচণ্ড মোডী ঢৌ থকা স্বত্বেও ২০১৪ চনত গৌৰব গগৈয়ে বিজেপিৰ মৃনাল শইকীয়াক ৯৩,৮৭৪ টা ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ ভোটৰ হিচাপ কৰিলে দেখা যায় যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ভোটৰ ব্যবধান কমি ১১,৩৮০ হৈছে।

কলিয়াবৰ লোকসভাৰ অৰ্ন্তগত ১০ টা বিধান সভা সমষ্টিৰ ৫টাত বিজেপি মিত্রজোঁট , ৪ টাত কংগ্ৰেছ আৰু ১টাত এ.আই.ইউ.দি.এফ জয়ী হৈছিল। ধিং সমষ্টিত এ.আই.ইউ.দি.এফ যথেষ্ট ভোট পাইছিল। এ.আই.ইউ.দি.এফৰ এই ভোটখিনি ২০১৯ ত কংগ্ৰেছলৈ যোৱাৰ সম্ভাবনা আছে। ড: হিমন্ত বিশ্ব শৰ্মাই এইবাৰ গৌৰব গগৈক তাৰ্গেট হিচাপে লৈ এজন শক্তিশালী পাৰ্থী দিয়াটো নিশ্চিত। গৌৰবৰ ২০১৪ ৰ সাৰথি ৰকিবুল হুছেইন ইতিমধ্যে কিছু দুৰ্বল হৈছে। কংগ্ৰেছে এ.আই.ইউ.দি.এফ ভোটবিলাক কংগ্ৰেছলৈ নিয়াৰ বাবে চেষ্টা কৰিব। এই সমষ্টিৰ যুঁজখনে বাতৰিৰ শিৰোনামা দখল কৰিব বুলি মনে ধৰে। তুমুল প্ৰতিদ্বন্দ্বিতা স্বত্বেও শেষত গৌৰব গগৈ ইয়াৰ পৰা ২০ৰ পৰা ৩০ হাজাৰ ভোটত জয়ী হব বুলি অামি অনুমান কৰিছো।

তেজপুৰঃ ১৯৭৭ চনত জনতা দলৰ পুৰ্ণ নাৰায়ন সিংহ, ২০০৯ চনত অগপৰ যোচেফ টপ্প আৰু ২০১৪ চনত বিজেপিৰ আৰ.পি শৰ্মা তেজপুৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈছিল। তাৰ বাহিৰে বাকী কেইবাৰ এইটো কংগ্ৰেছৰ দখলত আছিল। এই সমষ্টিটো এটা সময়ত প্ৰতিনিধিত্ব কৰিছিল বিজয় চন্দ্ৰ ভাগবতী আৰু বিপিন পাল দাসৰ নিছিনা গুণী লোকে। আনহাটে মনি কুমাৰ চুব্বাক প্ৰাৰ্থিত্ব দি কংগ্ৰেছ দল সমালোচনাৰো সন্মুখিন হৈছিল। ২০১৪ চনত বিজেপিৰ আৰ.পি শৰ্মাই কংগ্ৰেছৰ যুব নেতা ভূপেন বৰাক ৮৬,০২০ ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। এই সমষ্টিটোত বহু নেপালী ভোটাৰ আছে আৰু এই ফেক্টৰ টোৱে বিজেপিক যোৱাবাৰ সহায় কৰিছিল। এই সমষ্টিত বড়ো ভোটাৰো কম নহয়। দেখা গৈছিল যে ২০১৬ চনত বিপিএফৰ লগত মিত্রতা কৰি বিজেপি লাভবান হৈছিল আৰু তেজপুৰ লোকসভাত কংগ্ৰেছৰ বিৰুদ্ধে ২,০৬,৯৯২ টা ভোটৰ অগ্ৰগতি লবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও তেজপুৰ লোকসভাৰ অৰ্ন্তগত ৯ টা বিধান সভা সমষ্টিৰ আটাইকেইটা বিজেপি মিত্রজোঁটে দখল কৰিছিল। মুঠৰ ওপৰত কব পাৰি যে তেজপুৰত জয়ী হোৱাটো বিজেপিৰ বাবে কঠিন নহব। বিজেপিৰ জোঁট বন্ধন আৰু কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনৰ পিছত গম পোৱা যাব বিজেপি কিমান ব্যবধানত জয়ী হব পাৰিব।

ধুবুৰীঃ স্বাধীনতাৰ ঠিক পিছত ধুবুৰীত প্ৰজা চচিয়েলিষ্ট দলৰ প্ৰভাব আছিল। তেওলোক এই সমষ্টিৰ পৰা তিনিবাৰ জয়ী হৈছিল। লাহে লাহে প্ৰজা চচিয়েলিষ্ট দলৰ প্ৰভাব কমিবলৈ ধৰে আৰু ধুবুৰী লোকসভা সমষ্টিটো কংগ্ৰেছৰ দুৰ্গত পৰিনত হয়। কংগ্ৰেছ দল ইয়াৰ পৰা মুঠ দহ বাৰ জয়ী হয়। এ.আই.ইউ.দি.এফৰ গঠনৰ পিছত কংগ্ৰেছ ২০০৯ আৰু ২০১৪ত বদৰুদ্দিন আজমলৰ হাতত পৰাজিত হয়। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ধুবুৰী লোকসভাৰ অৰ্ন্তগত ১০ টা বিধান সভা সমষ্টিৰ ৫ টাত কংগ্ৰেছ, ৩ টাত এ.আই.ইউ.দি.এফ অাৰু বিজেপি দুটাত জয়ী হৈছিল।

২০১৬ ত দলবিলাকে পোৱা ভোট যোগ কৰিলে দেখা যায় যে এ.আই.ইউ.দি.এফ কংগ্ৰেছতকৈ ২৯,১৭৮ টা ভোটত আগবাঢ়ি আছে। ২০১৪ ত এই ব্যবধান আছিল ২,২৯,৭৩০।এই পৰিসংখ্যাটোৱে হয়তো বদৰুদ্দিন আজমল ডাঙৰীয়াক চিন্তিত কৰিব।২০১৬ ত জলেশ্বৰ আৰু ধুবুৰী বিধানসভা সমষ্টিত এ.আই.ইউ.দি.এফৰ জয় ব্যবধান আছিল বিশাল। কংগ্ৰেছে যদি এই সমষ্টি দুটাত অলপ কষ্ট  কৰে তেন্তে ২০১৯ত বদৰুদ্দিন আজমল পৰাজয় হলেও আচৰিত হবলগীয়া নাই। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত তেখেত নিজে পৰাজিত হৈছিল যিয়ে প্ৰমান কৰে যে এ.আই.ইউ.দি.এফৰ স্তিতি সিমান ভাল নহয়।

লখিমপুৰঃ ১৯৯৬ আৰু ২০০৪ চনত অগপৰ ডঃ অৰুন কুমাৰ শৰ্মা লখিমপুৰ লোকসভা সমষ্টিৰ পৰা জয়ী হোৱাৰ বিপৰীতে ৰাণী নৰহ ইয়াৰ পৰা নিৰ্বাচিত হৈছিল ১৯৯৮, ১৯৯৯ আৰু ২০০৯ চনত। ২০১৪ চনত বৰ্তমানৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে ৰাণী নৰহক ২,৯২,১৩৮ টা ভোটৰ ব্যবধানত পৰাজিত কৰে। ২০১৬ বিধানসভা নিৰ্বাচনত বিজেপিয়ে লখিমপুৰ লোকসভাৰ পৰা ১,৩২,৪৪৫ টা ভোটৰ ব্যবধানত আগবাঢ়ি আছে। সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্রী হোৱাৰ পিছত হোৱা উপ নিৰ্বাচনত বিজেপিৰ প্ৰদান বৰুৱা এই সমষ্টিৰ পৰা ১,৯০,২১৯ টা ভোটৰ ব্যৱধানত জয়ী হয়।

২০১৬ বিধান সভা নিৰ্বাচনত লখিমপুৰ লোকসভাৰ অন্তৰ্গত ৯টা সমষ্টিৰ ৬ টা বিজেপি মিত্রজোঁট দখল কৰে। কংগ্ৰেছ ,এ.আই.ইউ.দি.এফ আৰু গণশক্তিয়ে ১ খনকৈ আসনত জয়ী হবলৈ সক্ষম হয়।

 

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই সমষ্টিটোত বিজেপি শক্তিশালী স্তিতিত আছে। গণশক্তিয়েও বিজেপিক সমৰ্থন জনাব । সেয়ে বিজেপিক হৰুওৱাটো কংগ্ৰেছৰ বাবে সহজ নহব।

আট’নমাচ দিচট্ৰিকঃ ১৯৭৭  চনত বৰ্তমানৰ সাংসদ বীৰেন সিং ইংতি ইয়াৰ পৰা প্ৰথম নিৰ্বাচিত হৈছিল। তেতিয়া তেখেতৰ বয়স আছিল মাত্র ৩২ বছৰ। ১৯৯১ চনত চিপিআই (এম এল) ৰ ডঃ জয়ন্ত ৰংপীয়ে এই সমষ্টিটো কংগ্ৰেছৰ পৰা কাঢ়ি আনিবলৈ সমৰ্থ হয়। ১৯৯১ ৰ পৰা ২০০৪ লৈ তেখেত একেৰাহে ইয়াৰ পৰা সাংসদ হৈ থাকে। ২০০৪ চনত বীৰেন সিং ইংতিয়ে এই সমষ্টিটো কংগ্ৰেছৰ বাবে পুনৰ উদ্ধাৰ কৰে। ২০০৯ আৰু ২০১৪ চনত তেখেত পুনৰ ইয়াৰ পৰা বিজয়ী হয়। ২০১৪ চনত তেখেতে বিজেপিৰ জয়ৰাম ইংলেংক ২৪,০৯৫ ভোটৰ ব্যবধানত পৰাজিত কৰে। ২০১৬ চনৰ বিধান সভা   নিৰ্বচনত অবশ্যে বিজেপিয়ে ইয়াৰ পৰা অগ্ৰগতি লাভ কৰে ৩৮,১৫৮ টা ভোটৰ ব্যবধানত।

 

ইয়াৰ পিছত বিজেপি ইয়াৰ পৰা বৈঠালংছু আৰু কাৰ্বি পৰিষদৰ নিৰ্বাচনতো জয় লাভ কৰে। ৫ জন বিধায়কৰে বিজেপি ইয়াত যঠেষ্ট শক্তিশালী । বিজেপিয়ে ২০১৯ত এই আসন খন দখল কৰাটো প্ৰায় নিশ্চিত। ৭৩ বছৰীয়া বীৰেন সিং ইংতিৰ এইটোৱে হব শেষ কাৰ্য্যকাল।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


আগলৈ