গৌৰৱ গগৈ শ্ৰেষ্ঠ সাংসদ

15765

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ জুলাই খণ্ডৰ অ’পিনিয়ন প’ল আছিল  লোকসভাত অসমৰ সাংসদ সকলৰ ওপৰত । বৰ্তমান লোকসভাত অসমৰ ১৪ জন সাংসদ আছে । তাৰ ভিতৰত বিজেপিৰ ৭ জন ,কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফৰ ৩ জন । এই ১৪ জনৰ ভিতৰত শ্ৰেষ্ঠ সাংসদ কোন , সেই বিষয়ে অসমৰ ৰাইজৰ মতামত জনাৰ প্ৰয়াস কৰিছিলো । ১৪ জন সাংসদৰ এজনৰো প্ৰদৰ্শনত যদি ৰাইজ সন্ত্তষ্ট নহয় তেন্তে ১৫ নম্বৰ বিকল্পও আছিল অ’পিনিয়ন প’লত ।

১ জুলাইৰ পৰা ২০ জুলাইলৈ চলা আমাৰ অ’পিনিয়ন প’লত ৪৬৩ জন লোকে অংশ গ্ৰহণ কৰিছিল । আমি সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ।

ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰথম স্হান লাভ কৰিছে । ৩৪.৫০% ৰাইজৰ মতে গৌৰৱ গগৈ অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত সাংসদ সকলৰ ভিতৰত শ্ৰেষ্ঠ । মুঠ ১৫৯ টা ভোট লাভ কৰিছে অসমৰ যুৱ সাংসদ জনে ।

দ্বিতীয় স্হানত আছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল । ১৪৬ জন লোকৰ প্ৰথম পচন্দ আজমল ডাঙৰীয়া । মৌলানা চাহাবে পাইছে ৩১.৭০% ভোট ।

তৃতীয় স্হানত আছে তেজপুৰৰ পৰা নিৰ্বাচিত সাংসদ ৰাম প্ৰসাদ শৰ্মা । বিজেপিৰ সৰ্বাধিক চৰ্চিত সাংসদজনে লাভ কৰিছে ১৩% ভোট । এপিএছচি কেলেংকাৰীৰ লগত নাম সাঙুৰ খোৱা শৰ্মা বিজেপিৰ সাংসদ সকলৰ ভিতৰত সকলোতকৈ বেছি ভোট পাইছে ।

৮.৯% ৰাইজ এজনো সাংসদৰ প্ৰদৰ্শনত সন্ত্তষ্ট নহয় ।

ৰাইজৰ দৃষ্টিত প্ৰথম চাৰিটা স্হান অধিকাৰ কৰা সাংসদ কেইজনৰ ভোট তলৰ দণ্ড চিত্রৰ জৰিয়তে দেখুওৱা হৈছে।

৫ম ৰ পৰা ১০ম স্হান পোৱা সাংসদ সকলৰ নাম আৰু ভোটৰ পৰিমান তলত দিয়া হৈছে।

১১ ৰ পৰা ১৫ নম্বৰ স্হান পোৱা সাংসদ সকলৰ নাম আৰু ভোটৰ পৰিমান তলত দিয়া হৈছে।