গৌৰৱ গগৈ হ’ব পাৰিবনে নৱীন পাটনায়ক?

1143
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০০১ চনত এজন ওঁৰিয়া বন্ধুক সুধিছিলো _ তোমালোকৰ মুখ্যমন্ত্রীয়ে কেনে কাম কৰি আছে? তেওঁ দুখ কৰি কৈছিল যে মুখ্যমন্ত্রীয়ে ওঁৰিয়া ভাষাটোৱে ভালকৈ কব নাজানে। সেইজন নৱীন পাটনায়কে আজি অভিলেখ গঢ়াৰ পথত। সুৰ্দীৰ্ঘ ২২বছৰ কাল মুখ্যমন্ত্রী হৈ থকা নৱীন পাটনায়কে আৰু তিনি বছৰ পিছত ভংগ কৰিব পৱন চামলিংৰ দীৰ্ঘতম সময়ৰ বাবে মুখ্যমন্ত্রী হৈ থকাৰ ৰেকৰ্ড। আমেৰিকাত পঢ়া শুনা কৰা পাটনায়কৰ ৰাজনৈতিক যাত্রা ইমান সহজ নাছিল। তেওঁৰ নাছিল ৰাজনীতিত ভৰি দিয়াৰ ইচ্ছা। কিন্তু পিতৃ বিজু পাটনায়কৰ আকস্মিক মৃত্যুৰ পিছত ৰাইজৰ হেচাত ৰাজনীতিত আহিবলৈ বাধ্য হয়। তেওঁৰ পিতৃ তথা দুবাৰৰ মুখ্যমন্ত্রী বিজু পাটনায়ক আছিল জনতা দলৰ। ১৯৯৭ চনত নৱীন পাটনায়কে জনতা দলৰ শীৰ্ষ নেতাসকলক লগ ধৰি আবেদন জনায় যে ওৰিষ্যাত কংগ্ৰেছক প্ৰতিহত কৰিবলৈ হ’লে বিজেপিৰ লগ লগা উচিত। সেইসময়ৰ জনতা দলৰ নেতা দেৱগৌড়া, লালু যাদৱ আদিয়ে ইয়াত সন্মতি প্ৰদান নকৰিলে। বিজু জনতা দল নামৰ নতুন দল খুলি বিজেপিৰ সহযোগত নৱীন পাটনায়ক ২০০০ চনত মুখ্যমন্ত্রীৰ আসনত বহে। ইয়াৰ পিছত নৱীন পাটনায়কে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। এটাৰ পিছত আন এটা আচনিৰে তেওঁ ওৰিষ্যাৰ অপ্ৰতিদ্বন্দী নেতা হৈ পৰিল। যেতিয়া তেওঁ বুজি পালে যে বিজেপি নহলেও তেওঁ জয়ী হ’ব তেতিয়া বিজেপিক আতৰাই মিত্রতাৰ বান্ধোনৰ পৰা ওলাই আহি চৰকাৰখন সম্পূৰ্ণভাবে নিজৰ নিয়ন্ত্রণত আনিলে। দিন যায় মানে পাটনায়কৰ ৰাজনৈতিক পৰিপক্কতা বৃদ্ধি পালে। অসমৰ বৰ্তমান বিজেপি প্ৰভাৰী বৈজয়ন্ত পাণ্ডা তেওঁৰ এসময়ৰ ভাল বন্ধু আছিল। কিন্তু তেওঁৰ পৰা বিপদৰ উমান পাই পাণ্ডাক একাষৰীয়া কৰিলে। উপাই নাপাই পাণ্ডাই বিজেপিত যোগদান কৰে। পাটনায়কে তিনিখন কিতাপো লেখে। খুৱ কম কথা কোৱা নবীন পাটনায়ক নিজৰ ইমেজক লৈ খুব সচেতন। সেয়াই হয়তো তেওঁৰ সফলতাৰ কাৰণ।
অসমৰ পৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু নৱীন পাটনায়কৰ মাজত বহু মিল আছে। দুয়োজন প্ৰাক্তন মুখ্যমন্ত্রীৰ পুত্র। দুয়োজনে ৰাজনীতিত প্ৰবেশ কৰাৰ আগত বেছিভাগ সময় বাহিৰত কটাইছিল আৰু সেইবাবে দুয়োজন নিজৰ মাতৃভাষাত দুৰ্বল। নবীন পাটনায়কে অৱশ্যে পিতৃৰ মৃত্যুৰ পিছতহে ৰাজনীতিত প্ৰবেশ কৰে আৰু নিজাকৈ দল গঠন কৰি শাসনৰ বাঘজৰী দখল কৰে। আনহাটে গৌৰৱ গগৈয়ে নিজৰ পিতৃৰ হাতত ধৰি ৰাজনীতিত প্ৰবেশ কৰে। এটা প্ৰতিষ্ঠিত দলৰ নেতা হোৱাৰ সুবাদতে অতি সহজে দুবাৰ লোকসভালৈ নিৰ্বাচিত হয়। এতিয়া প্ৰশ্ন হয় গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্রী হ’ব পাৰিবনে? ইয়াৰ বাবে প্ৰথমতে কংগ্ৰেছ শাসনত আহিব লাগিব। ২০২১ৰ নিৰ্বাচনী যুঁজ চলি আছে। কোন জয় হয় এতিয়াই কৈ দিয়া কঠিন। যদি ২০২১ বা ২০২৬ যেতিয়াই কংগ্ৰেছ মিত্রজোঁটে ৬৪ খন আসন পায় তেতিয়াই হাই কামাণ্ডে নিৰ্ণয় কৰিব মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী । ৰাহুল গান্ধীৰ লগত সু সম্পৰ্ক থকাৰ সুবাদতে তেওঁৰ প্ৰথম পচন্দ হ’ব পাৰে গৌৰৱ। অসমৰ বাকী ৰাজ্যিক কংগ্ৰেছ নেতাসকলৰ দুৰ্বলতাও ইয়াৰ অন্যতম কাৰণ। সেয়েহে কব পাৰি যে কংগ্ৰেছ যেতিয়াই ক্ষমতালৈ আহিব গৌৰ‍ৱ গগৈ  মুখ্যমন্ত্রী হোৱাৰ সম্ভাবনা প্ৰবল। হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা কংগ্ৰেছে সদায় আহোম সম্প্ৰদায়ৰ নেতাক মুখ্যমন্ত্রীৰ পদৰ বাবে অগ্ৰাধিকাৰ দি আহিছে। সেয়েহে গৌৰৱৰ বাবে ই এক ইতিবাচক দিশ। ২০১৬ চনত কংগ্ৰেছ শোচনীয় ভাবে পৰাজিত হ’লেও কংগ্ৰেছৰ শক্তিক অসমত আওকাণ কৰিব নোৱাৰি। ইয়াৰ কাৰণ হ’ল অসমৰ জনগাঠনি। বিজেপিয়ে অসমৰ নিৰ্বাচন খেলে ৬৫% মানুহকলৈ। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ টাৰ্গেট ১০০% মানুহ। বিজেপি ক্ষমতালৈ অহাৰ মুল কাৰণ আছিল ২০১৬ চনত দলটোৰ ষ্ট্ৰাইক ৰেট। এই ৬৫% মানুহৰ ৪২.৫% মানুহে ভোট দিছিল বিজেপিক। বিজেপিয়ে সদায় এনে ষ্ট্ৰাইক ৰেট আশা কৰিব নোৱাৰে। তাৰ বাবে সকলো হিন্দু জাতি জনগোষ্ঠীক সন্তুষ্ট কৰি ৰাখিব লাগিব। অলপ মান প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিলেই কংগ্ৰেছক ক্ষমতা দখলৰ সুবিধা দিব। কংগ্ৰেছ -এ.আই.ইউ.দি.এফ মিলি ৬৫% হিন্দু ভোটাৰৰ ২০% দখল কৰিব পাৰিলেই অসমত কংগ্ৰেছ নেতৃতাধীন চৰকাৰ হ’ব আৰু পৰবৰ্তী মুখ্যমন্ত্রী হ’ব গৌৰৱ গগৈ। এবাৰ মুখ্যমন্ত্রী হ’ব পাৰিলে তেওঁ আহোমৰ লগতে চাহ জনগোষ্ঠী, বড়ো আৰু কাৰ্বীসকলৰ নিজৰ হাতলৈ আনিব পাৰিলেই অসমত নিগাজি হ’ব পাৰিব। কোৱা দৰকাৰ নাই যে মুছলমানৰ জনসংখ্যা প্ৰতিটো লোক পিয়লত বৃদ্ধি পাই আছে আৰু বছৰ যায় মানে কংগ্ৰেছৰো ভোট বেংক বৃদ্ধি পাই আছে। অসমত কংগ্ৰেছ অহা মানে গৌৰৱ মুখ্যমন্ত্রী হোৱা। গৌৰৱে হয়তো ৫-১০ বছৰ অপেক্ষা কৰিব লগা হ’ব পাৰে। কিন্তু এবাৰ মুখ্যমন্ত্রী হ’ব পাৰিলে তেওক আতৰ কৰা বিৰোধী বা নিজ দলৰ নেতাসকলৰ বাবে কঠিন হ’ব।