গৌৰৱ প্ৰথম, কামাখ্যা দ্বিতীয় , শৰণীয়া তৃতীয় …………

5431

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম ৰাজনৈতিক ই- আলোচনী ‘ৰাজনীতি অসম’ এ প্ৰত্যেক মাহতে ৰাজনৈতিক বিষয়ৰ ওপৰত অ’পিনিয়ন প’ল কৰি আহিছে। যোৱা মাহত ‘ৰাজনীতি অসম’ৰ অ’পিনিয়ন প’ল আছিল অসমৰ ১৪ জন সাংসদৰ ওপৰত। আমি প্ৰশ্ন কৰিছিলো অসমৰ কোন কেইজন সাংসদে আগন্তুক ২০১৯ লোকসভা নিৰ্বাচনত পুনৰ দলীয় টিকট লাভ কৰিব লাগে। ৰাইজে ১৪ জন সাংসদৰ ভিতৰত এজন বা একাধিক সাংসদক নিৰ্বাচন কৰিব পাৰে। যদি ৰাইজে এজনো সাংসদৰ প্ৰদৰ্শনত সন্ত্তষ্ট নহয় তেন্তে ১৫ নম্বৰ বিকল্পও আছিল আমাৰ অ’পিনিয়ন প’লত। ১ ডিচেম্বৰ ২০১৮ৰ পৰা ২০ ডিচেম্বৰ ২০১৮ লৈ চলা আমাৰ অ’পিনিয়ন প’ললৈ অসমৰ প্ৰত্যেক অঞ্চলৰ পৰা আমালৈ সহাৰি আহিছে।
সৰ্বাধিক ৬৬.৭% ৰাইজৰ মতে কলিয়াবৰৰ যুৱ সাংসদ গৌৰৱ গগৈয়ে পুনৰ দলৰ টিকট লাভ কৰিব লাগে। এই কথাটোৱে প্ৰমান কৰে যে গৌৰৱ গগৈ সাংসদ হিচাপে অতি জনপ্ৰিয়। কেইমাহ মান আগতে অসমৰ ৰাইজে ‘ৰাজনীতি অসম’ৰ অ’পিনিয়ন প’লত গৌৰৱ গগৈক অসমৰ শ্ৰেষ্ঠ সাংসদৰ খিতাপ দিছিল।
গৌৰৱ গগৈৰ বাহিৰে আন কোনোৱে ৫০% ভোট অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই। যোৰহাটৰ পঞ্চায়ত নিৰ্বাচনত  যদিও বিজেপিৰ প্ৰদৰ্শন উন্নত নহয় তথাপিও সাংসদ হিচাপে কামাখ্যা প্ৰসাদ তাছা তুলনামুলক ভাবে জনপ্ৰিয়। ৩৭.৭% ভোটেৰে তাছাই দ্বিতীয় স্হান লাভ কৰিছে।
আমাৰ অ’পিনিয়ন প’লত তৃতীয় স্হান লাভ কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰনীয়াই। তেওঁ লাভ কৰে ৩৫.৫% ভোট।
 চতুৰ্থ স্হানত আছে শিলচৰৰ সাংসদ তথা কংগ্ৰেছৰ মহিলা মৰ্চাৰ কেন্দ্ৰীয় সভাপতি সুস্মিতা দেৱ। সুস্মিতাই লাভ কৰিছে ৩৩.৩% ভোট।
ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ৩১.৯% ভোট লাভ কৰি পঞ্চম স্হানত আছে।
৬ নম্বৰৰ পৰা ১৪ নম্বৰ স্হান লাভ কৰা সাংসদ সকলৰ নাম আৰু তেওঁলোকে লাভ কৰা ভোট তলৰ দণ্ড চিত্রৰ জৰিয়তে দেখুওৱা হৈছে।
উল্লেখযোগ্য কথাটো হ’ল ১৬.৭% ৰাইজৰ মতে এজন সাংসদেও ২০১৯ত টিকট পাব নালাগে। বাকী সাংসদ সকলে লাভ কৰা ভোটৰ শতাংশয়ো আশা কৰাতকৈ বহু কম। এইটো নিশ্চয় অসমৰ ৰাজনৈতিক দল বিলাকৰ বাবে শুভ সংকেত নহয়। সময় থাকোতে এই বিষয়ে পৰ্যালোচনা কৰি উচিত ব্যক্তিক প্ৰাৰ্থীত্ব নিদিলে বিপদ সমাগত।