গৰুখুটিৰ উচ্ছেদ অভিযান আৰু ভুমি কেলেংকাৰী বাতৰিৰ সংযোগ

595
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


গৰুখুঁটি শব্দটোৱেই খিলঞ্জীয়া মানে নিভাজ অসমীয়া শব্দ। গৰুৰ খুঁটি মৰা ঠাইৰ নামেই কালক্ৰমত গৰুখুঁটি হৈছিলগৈ। খুঁটি শব্দৰ অৰ্থঃৰাতি ম’হৰ জাক ৰখা ঠাই (হেমকোষ)। গতিকে ঠাইটুকুৰাৰ নাম অনুযায়ী সেই ঠাইৰ মূল বা প্রকৃত অধিকাৰী কোন হ’ব সেয়া বাংলাভাষী দখলকাৰীৰ হৈ ওকালতি কৰা সকলে এটা পৰিবেশ সৃষ্টি কৰিছে যে বিজেপি চৰকাৰে মুচলমানক হাৰাশাস্তি কৰিব বিচাৰে । এইবিলাকৰ সমান্তৰাল ভাবে বিভিন্ন  ইচলামিক দল -সংগঠনে উচ্ছেদিত মানুহখিনিক ৰাষ্ট্ৰৰ বিৰুদ্ধে এক মানসিকতা গঢ় দিয়াৰ কাৰণে অহৰহ চেষ্টা কৰিছে । মৌলবীয়ে মাটিত নামাজ পঢ়িছে , নামাজ পঢ়া ফটো ভাইৰেল কৰিছে ; হয়টো কাইলৈ আল জাজিৰাৰ দৰে নিউজ চেনেলে ভংগ মচজিদৰ ফটোৰ লগত নামাজৰ ফটো খন সংলগ্ন কৰি বাতৰি কৰিব । এফালে চৰকাৰৰ অবৈধ বেদখল উচ্চেদ নীতিক মুচলমান নিপীড়ন নাম দি বৌদ্ধিক জেহাদ চলিব আৰু আনফালে ৰাজনীতিৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ দৰে আঞ্চলিক দলেও উচ্ছেদক বিৰোধ কৰি অবৈধ বেদখলক প্ৰকাৰন্তৰে উৎসাহ যোগাব । গৰুখুঁটিৰ উচ্ছেদৰ পিছত আজি প্ৰায় তিনিমাহ হৈ যোৱাৰ পিছত প্ৰতিটো শংকাই বাস্তৱ ৰূপত প্ৰতিফলিত হৈছে । জমিয়ত , অজাপ ,কংগ্ৰেছ , ইউদিএফ সকলোৱে সমস্বৰে চৰকাৰ আৰু মুখ্যমন্ত্ৰীক বিৰোধ কৰিছে । কিন্তু বিৰোধৰ পৰা যিহেতু একো লাভ নহ’ল তেতিয়া এটা মৌলবাদী চক্ৰৰ ছত্ৰছাঁয়াত আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দ্বাৰা ভুমি কেলেংকাৰী বিতৰ্ক । হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এনেকুৱা ব্যক্তিগত অভিযোগ নতুন নহয় । একেই ৰাষ্ট্ৰ বিৰোধী চক্ৰ এটাই মুখ্যমন্ত্ৰীৰ সন্তানকলৈও বিতৰ্কৰ সুত্ৰপাত কৰিছিল যেতিয়া তেওঁ বিত্ত মন্ত্ৰী আছিল । কামে কাজে বলে নোৱাৰি মানসিক ভাবে দুৰ্বল কৰাৰ পৰিকল্পনা কৰা হৈছে । এই ষৰযন্ত্ৰৰ তাঁৰডাল গুৱাহাটীৰ পৰা দিল্লী,চিৰিয়া ,কৰাচীলৈ বিয়পি আছে । আমাৰ দেশৰ একাংশ সংবাদ মাধ্যমে ভুমি কেলেংকাৰীৰ বাতৰি পৰিবেশন কৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ অস্থিৰ কৰাৰ পৰিকল্পনাক অৱশ্যে অসমৰ ৰাষ্ট্ৰবাদী জনতাই গুৰুত্ব নিদিলে ।এক বিংশ শতিকাৰ অসম সলনি হৈছে । অসমৰ জনতাই ৰাষ্ট্ৰবাদী আৰু মৌলবাদীৰ পাৰ্থক্য বুজি পায় আৰু মৌলবাদীৰ দ্বাৰা প্ৰৰোচিত তথাকথিত জাতীয়তাবাদী নেতাকো চিনাক্ত কৰিছে ।