চক্ৰ বিষয়া যাব লাগিব জেললৈ

1148
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


সাধাৰণ লাট মণ্ডল এজনে কি কৰিব নোৱাৰে ? মন্ত্ৰীৰ ঘৰ-মাটি কিনিব পাৰে , মাৰোৱাৰী বেপাৰীৰ লগত ব্যৱসায় কৰিব পাৰে , পত্নীৰ নামত শ্বৰুম খুলিব পাৰে , চৰকাৰী মাটিক একে বহাই নিজৰ কৰি লব পাৰে , পত্নী-পুত্ৰক সপ্তাহৰ সাতোটা দিন কে এফ চিত দিনাৰ কৰাব পাৰে আৰু লগতে নিজৰ খুলশালী ,ভাগিনক চাকৰি , পত্নীৰ প্ৰেমিকক কাছাৰলৈ বদলি ইত্যাদি সকলো কৰিব পাৰে । আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ গামোচাৰে মুখ ঢাকি জেলত সোমোৱা মণ্ডল ৰূপী দালাল বোৰৰ বিৰুদ্ধে সুৰুঙা নথকা চাৰ্জশ্বিত দাখিল হওক , আয়ৰ লগত মিল নথকা সম্পত্তি সমুহ বাজেয়াপ্ত হওক । অন্তত: চৰকাৰী চাকৰি কৰি দালালৰ লগত মাটিৰ চিণ্ডিকেট চলোৱা মণ্ডল সকলৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হোৱা দৰকাৰ । একাংশ মণ্ডলৰ প্ৰচুৰ সম্পত্তিয়ে অনিল আম্বানিকো হয়টো অতিক্ৰম কৰিব । তেনে স্থলত চুপাৰ চিএম হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰুদ্ধে যাতে অলপো দুৰ্বল স্থিতি গ্ৰহণ নকৰে সেয়া ৰাইজে তেওঁৰ পৰা আশা কৰে । বিভিন্ন সুত্ৰই দাবী কৰা মতে মণ্ডল দালাল আৰু প্ৰাইভেট দালালক প্ৰচুৰ টকা পইচাৰ  দ্বাৰা সহায় কৰি আছে একাংশ চিকিৎসকে । ৮ লাখ টকাৰ টেক্স ফাইল থকা চিকিৎসকেও ৮ কৌটিৰ ঘৰ বান্ধে দালালীৰ পইচাৰে ।  নামজাৰী ৫ হাজাৰ , পাৰ্মিচন ৬ হাজাৰ , ট্ৰেচ মেপ দুই হাজাৰ , আয়ৰ প্ৰমাণ পত্ৰ এক হাজাৰ আদি বিভিন্ন ধৰণৰ নিৰিখৰ পৰা ৰাইজ মুক্ত হব বিচাৰে । চক্ৰ বিষয়াৰ সমৰ্থন অবিহনে লাট মণ্ডল এজনৰ দুৰ্নীতিত লিপ্ত হোৱা সম্ভব নহয়। ৭০-৩০, ৬০-৪০ আদি চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত সঘনে শুনা যায়। প্ৰাপ্ত খৱৰ মতে সকলোতকৈ দুৰ্নীতিগ্ৰস্থ চক্ৰ বিষয়াৰ এখন তালিকা মুখ্যমন্ত্রীয়ে তৈয়াৰ কৰিছে। বৰ্তমান আইনী মেৰপেছ বিলাকৰ বিষয়ে আলোচনা চলি আছে। অতি শীঘ্ৰে কেইবাজনো চক্ৰ বিষয়া ৰঙা ঘৰৰ আলহী হ’ব। তাৰ পিছতহে ৰাইজৰ মনত বিশ্বাস হ’ব যে সচাকৈ চক্ৰ বিষয়াৰ কাৰ্য্যালয় দুৰ্নীতি মুক্ত হ’ব।