চন্দ্ৰমোহন পাটোৱাৰীৰ পলিটিকেল কেৰিয়াৰ কোন দিশে ?

1587
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


১৯৯৭ চন। তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্রীসভাৰ কৃষি মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী। সমষ্টিৰ এজন মানুহে বিশেষ কামত তেখেতক লগ ধৰিবলৈ গ’ল। ৰাতিপুৱা প্ৰায় ১১ বজাত পাটোৱাৰীৰ বাসভৱন পালে।ঘৰুৱা কাম-কাজত সহায়ৰ বাবে থকা  ল’ৰাজনে বহিবলৈ দি ক’লে যে ছাৰ শুই আছে। প্ৰায় এঘন্টা পিছত ছাৰ উঠিল। সমষ্টিৰ মানুহজনৰ লগত পাটোৱাৰীয়ে একেলগে একাপ ৰঙা চাহ খালে। সেইসময়ত চৰকাৰে সকলো নিয়োগ বন্ধ কৰি ৰাখিছিল। পাটোৱাৰীয়ে মানুহজনক বুজালে যে বৰ্তমান চৰকাৰখনে কৰিব পৰা বিশেষ কাম নাই।ল’ৰাজনে চাকৰিৰ বাবে কিছু অপেক্ষা কৰিব লাগিব। সেয়া আছিল আজিৰ পৰা ২৪ বছৰ আগৰ পাটোৱাৰী। সেই সময়তেই যদি মানুহ এজনে ৰাতিপুৱা ১১-১২ বজালৈ শুই থাকে সহজেই অনুমান কৰিব পাৰি আজি কি অৱস্থা হ’ব।  সোণোৱালৰ লগত থকা সুসম্পৰ্কৰ সুযোগতে বিশেষ কোনো কাম নকৰাকৈ মানুহজনে ৫ বছৰ কটাই দিলে। এজন অভিজ্ঞ মন্ত্রী হিচাপে মন্ত্রীসভাৰ আন সদস্যসকলক দিক নিৰ্দেশ দিয়াৰ সলনি তেওঁ ব্যস্ত থাকিল সোণোৱালৰ তোষামোদত। নমামী ব্ৰহ্মপুত্র কৰি তেওঁৰ বিভাগে কৌটি কৌটি টকা পানীত পেলালে। যোৱা ৫টা বছৰত উদ্যোগ আৰু পৰিবহণ বিভাগত কোনো উল্লেখযোগ্য কাম সাধন কৰিব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অহাৰ পিছতে খোল খাইছে চন্দ্ৰমোহনৰ বিভাগৰ আন এক দুৰ্নীতি।  ডিপো লিজত দিয়াত দুৰ্নীতি সংঘটিত হোৱা ঘটনাই ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি জোকাৰি গৈছে। সকলোতকৈ আচৰিত কথা যে মন্ত্রীজনে ইয়াকলৈ কৰা মন্তব্য। কেনেকৈ এজন মন্ত্রীয়ে তেওঁৰ বিভাগত সংঘটিত হৈ থকা ইমান ডাঙৰ ঘটনা এটাৰ ভূ নোপোৱাকৈ থাকে? যদি সঁচাকৈ তেওঁ অজ্ঞ তেন্তে তেওঁৰ মন্ত্রী হোৱাৰ যোগ্যতাকলৈ প্ৰশ্ন উত্থাপন হ’ব। এতিয়াৰ পৰা কেবিনেটৰ সন্মতি নোলোৱাকৈ পৰিবহণ বৰ্ডে একো সিদ্ধান্ত ল’ব নোৱাৰিব। পৰিবহণ বিভাগৰ  বাবে ই চৰম লজ্জাৰ বিষয়। চন্দ্ৰমোহন পাটোৱাৰীয়ো ইয়াক লৈ যথেষ্ট চাপত আছে। আমি পোৱা খৱৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰিব বিচৰা নাছিল চন্দ্ৰমোহন পাটোৱাৰীক। একমাত্র সৰ্বানন্দ সোণোৱালৰ হেঁচাত পৰিহে পাটোৱাৰীক মন্ত্রীত্ব দিছে। মুখ্যমন্ত্রীয়ে পাটোৱাৰীক এক বছৰৰ ভিতৰত উদ্যোগ আৰু পৰিবহণ বিভাগক গতিশীল কৰিবলৈ নিৰ্দেশ দিছে। নিজৰ প্ৰদৰ্শন উন্নত কৰিব নোৱাৰিলে পাটোৱাৰীয়ে হেৰাব পাৰে মন্ত্রীত্ব । হিমন্ত বিশ্ব শৰ্মাৰ পাটোৱাৰীৰ ওপৰত কিমান আস্থা আছে আমি নাজানো কিন্তু আমি আচৰিত হ’ম যদিহে পাটোৱাৰীয়ে ১ বছৰত কিবা চমৎকাৰ কৰিব পাৰে।সাধাৰণ মানুহটো দুৰৰ কথা চৰকাৰী বিষয়া এজনেও যদি ড্ৰাইভিং লাইচেঞ্চ বনাব লগা হয় তেন্তে দালালক নধৰি উপাই নোহোৱা অৱস্থা।১৯৮৫ চনৰ মন্ত্ৰীসভাৰ স্বাস্থ্য মন্ত্ৰী , ১৯৯৬ চনৰ মন্ত্ৰী সভাৰ কৃষি মন্ত্ৰী আৰু যোৱা কাৰ্য্যকালৰ উদ্যোগ মন্ত্ৰী এজনৰ সমষ্টিত কিমানটা উদ্যোগ হ’ল বা কিমানখন চিকিৎসা মহাবিদ্যালয় হ’ল সেই তথ্য অসমৰ ৰাইজে জানে । তেওঁৰ মন্ত্ৰীত্বৰ কাৰ্য্যকাল বিচাৰ কৰিলে ধৰ্মপুৰ সমষ্টিৰ উন্নয়ন কোনো গুণে জালুকবাৰীৰ সমষ্টিৰ তুলনাত কম হ’ব নালাগে । কিন্তু বাস্তৱ ছবিখন সম্পুৰ্ণ ওলোটা । জালুকাবৰীত কৈ মানব সম্পদত বহু গুণে চহকী অঞ্চল ধৰ্মপুৰত মানবসম্পদ গঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য বুলি ক’লে কিছু সংখ্যক শিক্ষকৰ চাকৰি কথা ক’বই লাগিব । লগতে এই কথাও উচ্চাৰণ হয় যে শিক্ষক নিযুক্তিত চলা অবাধ দুৰ্নীতিৰ বাবেই আজি চৰকাৰী স্কুলত দিনক দিনে ছাত্ৰৰ সংখ্যা কমি গৈছে । অৱসৰ লোৱা সময় নিৰ্ধাৰণত ভুল হ’লে মানুহ এলাগী হয় । সেইয়া ক্ৰীড়া,  ৰাজনীতি যিয়েই নহওক ।