চন্দ্ৰ মোহন পাটোৱাৰী ডাঙৰীয়া মন কৰক….

4738
  • বুবুল ঠাকুৰীয়া

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


ব্ৰহ্মপুত্ৰ নিজেই ব্ৰহ্মপুত্ৰত ডুব গ’ল ! হয়, আপুনি ঠিকেই পঢ়িছে । যোৱা ৫ ছেপ্টেম্বৰত বিয়লি ১.৩০ মান বজাত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ গৈ থকা অৱস্থাত “এছ.বি.ব্ৰহ্মপুত্ৰ” নামৰ ভূটভূটি খন দুৰ্ঘটনাগ্ৰস্ত হৈ ভৰা লুইতৰ বুকুত ডুব যায়। চৰকাৰী ফালৰ পৰা প্ৰকাশিত খবৰ মতে তাত অতি কমেও ৪০ জন যাত্ৰী আছিল,৮ খন বাইক আৰু আটাইতকৈ ডাঙৰ কথা টিকট কাটি যাত্ৰা কৰিছিল কেৱল ২২ জন মানুহে । ৩ জনৰ মৃতদেহ উদ্ধাৰ হৈছে য’ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী দুগৰাকীও আছিল । এন দি আৰ এফ আৰু এছ দি আৰ এফ এ উদ্ধাৰ অভিযান চলাই কিন্তু সুখৰ কথা দুজন মান স্থানীয় নাৱৰীয়া আৰু এজন জল পৰিবহন বিভাগৰ কৰ্মচাৰীৰ তৎপৰতাত বহুকেইজন যাত্ৰীৰ জীৱন ৰক্ষা পৰে !
এতিয়া আহোঁ কিয় ঘটে এনে দুৰ্ঘটনা:
অসমত এটা বিভাগ আছে যাৰ নাম আভ্যন্তৰীণ জল পৰিবহন বিভাগ,যিটোৰ বিভাগীয় দায়িত্বত আছে আমাৰ বৰ্তমান চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । এই বিভাগটোৰ অকৰ্মন্যতাৰ বাবেই ২০১২ চনৰ ৩০ এপ্ৰিলত ধুবুৰীৰ মেদেৰটাৰীত শতাধিক মানুহে প্ৰাণ বিসৰ্জন দিব লগা হৈছিল । চৰকাৰী দৰমহাৰে উদৰ পুৰাই, পকেট গৰম কৰি সীমাহীন দুৰ্নীতিত নিমজ্জিত এই বিভাগটোৰ একাংশ বিষয়া – কৰ্মচাৰীৰ পৰা একো ভাল আশা কৰিবই নোৱাৰি। জীৱন ৰক্ষাৰ বাবে লাইফ জেকেট নাই,আওপুৰণি মেচিনেৰে চলি থকা এই নাওঁ বোৰ কিছুমান দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বাবে ভৰা লুইত নহয় অসমৰ বিভিন্ন নদীত চলি আছে….
 বাৰিষা আহিলে মঠাউৰি বন্ধা বিভাগটোৰ পৰা  আৰু দিনটো তাছ খেলি,তিৰৰ টিকট কাটি পাৰ কৰা,গধূলি হলে মদ-যুৱাৰ আড্ডা পতা একাংশ কৰ্মচাৰীৰ পৰা কি আশা কৰিব ৰাইজে ? কম টকাত আওপুৰণি নাওঁ বোৰ লিজত দি চৰকাৰৰ ৰাজহৰ ঘৰ শূণ্য কৰি নিজৰ নিজৰ পকেট গৰম কৰা বিভাগৰ পৰা কি আশা কৰিব পাৰি ?
যাত্ৰীৰ নিৰাপত্তাৰ দিশ আওকাণ কৰি বহন ক্ষমতাতকৈ বেছি যাত্ৰী কঢ়িয়ালে প্ৰতি দিনেই এনে দুৰ্ঘটনা ঘটিব পাৰে!মাজ নদীত ইন্ধন শেষ হোৱা আৰু ২০০  মিটাৰ দূৰত্বত গন্তব্য স্থান থকাৰ পিছতো এনে দুৰ্ঘটনাত যাত্ৰীৰ মৃত্যু ঘটাটো বৰ দুৰ্ভাগ্যজনক!
চৰকাৰে কৰিলে কি?:
তাৎক্ষণিক ভাৱে বলবত হোৱাকৈ মেচিন নাওঁ বোৰ অসমৰ সকলো নদী পথত বন্ধ কৰিলে!ফলত অসুবিধা কাৰ হ’ল গোটেই নৈপৰীয়া ৰাইজৰ য’ত ছাত্ৰ-ছাত্ৰী,শিশু-বৃদ্ধ,কৰ্মজীৱী মানুহ,ৰোগী আৰু যিবোৰে নাওখন চলাই জীৱন নিৰ্বাহ কৰি আছিল সেইবোৰৰ ভাত মৰিল!বিভিন্ন চৰ অঞ্চলত কৰ্মৰত শ শ শিক্ষক-শিক্ষয়িত্ৰীৰ অৱস্থা কাহিল হৈ পৰিল!
চৰকাৰৰ কৰণীয়:
নাওঁ ডুবিলে উদ্ধাৰ অভিযান চলোৱা আৰু নিহতলৈ অৰ্থ সাহাৰ্য প্ৰদান কৰাটোৱেই যদি চৰকাৰৰ কৰণীয় তেন্তে আমাৰ কবলগীয়া নাই ! পাটোৱাৰী দেৱ বিভাগ এটাৰ মন্ত্ৰীত্ব ললেই সকলো শেষ নহয়,কত কি অসুবিধা আছে ৰাইজৰ পৰা বুজি লওঁক,দুৰ্নীতিবোৰ বন্ধ কৰক,অসমৰ নদীত ভাল অত্যাধুনিক ফেৰীৰ ব্যৱস্থা কৰক নহলে যাৰ ভোট পাই ক্ষমতাত আহিছে সেইবোৰেই ক্ষমতাৰ পৰা নমাব ও পাৰে ! মনত ৰাখিব। হাজাৰ হাজাৰ জনগণৰ ক্ষোভ আৰু অভিশাপৰ বলি নহব !
কোটি কোটি টকা সৰাধ কৰি “নমামী ব্ৰহ্মপুত্ৰ”,”নমামী বৰাক” পাতি এনে দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰে ! তাৰ সলনি আধুনিক মনেৰে আধুনিক কাম কৰক ! তেতিয়াহে ৰাইজৰ মনত ভাল মন্ত্ৰী হব পাৰিব !
নিচেই কাষত থকা বাংলাদেশ জল পৰিবহনৰ ক্ষেত্ৰত বহু আগবাঢ়ি গ’ল , অলপ শিক্ষা লওঁক তাৰ পৰা । বিদেশত ফুৰিব গৈ কি শিকি আহে ? যদি কিবা শিকি আহে ফুৰাৰ সলনি  সেইবোৰ কামত লগাওক!
উপসংহাৰ:
অসমৰ ৰাইজক বলিৰ পঠা সজাই বহুদিন ৰাজভোগ খাব পাৰিম বুলি নাভাবিব যদিহে সময়ৰ কাম সময়ত নকৰে !কথাৰ নহয় কামৰ মন্ত্ৰী হওঁক আৰু ৰাইজৰ আস্থাভাজন হওঁক নহলে সময়ে যেনেকৈ দিয়ে তেনেকৈ নিবও জানে !