চাব্বাছ গাডকাৰী

1476

■ দেবজিত দত্ত


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


আজিৰ পৰা ছয়  মাহমান আগত গুৱাহাটীৰ পৰা হোজাই অভিমুখে যাত্রা কৰিছিলো। লগত আছিল সহধৰ্মিণী আৰু ৩ বছৰীয়া সন্তান। সুন্দৰ ৰাস্তা । ৰাষ্ট্ৰীয় ঘাইপথৰ কেকুৰী এটা ঘুৰি লগে লগে সন্মুখত দেখিলো এখন চাৰিচকীয়া মাৰুতী  কাৰ। নিয়ম কানুন নামানি ওৱান ওৱেৰে গাড়ীখন সোমাই দিছে। কেনেবাকে গাড়ীখন কাট কৰি নিজৰ লগতে সন্মুখৰ পৰিয়ালটোৰো জীবন ৰক্ষা কৰিলো। হাতখন  ৫ মিনিটমান কপি আছিল। মোৰ গাড়ীৰ গতিবেগ যদি আৰু অলপ বেছি থাকিলহেতেন সেইদিনা দুটা পৰিয়ালৰ সলিল সমাধি ঘটিলহেতেন। দোষ এজনৰ কিন্তু ইয়াৰ পৰিণাম ভোগ কৰিলেহেতেন আন ৫ জন মানুহে। ভাৰতত প্ৰতি দিনে ৰাস্তাৰ দুৰ্ঘটনাত মৃত্যু হয় ৩৭৭ জন মানুহৰ। মদ্য পান কৰি গাড়ী চলোৱা, হেলমেট নিপিন্ধা, চিটবেল্ট নলগোৱা ইয়াৰ প্ৰধান কাৰণ। ইমান বছৰে চৰকাৰ বিলাকে এই সমস্যাটো আওকাণ কৰি আছিল। ট্ৰেফিক আইন উলংঘা কৰা বিষয়টো সৰু ঘটনা হিচাপে বিবেচিত হৈ আহিছিল। প্ৰথম বাৰৰ বাবে ভাৰতৰ পৰিবহণ মন্ত্রী নিতিন গাডকাৰী ডাঙৰীয়াই এই সমস্যাটোক গম্ভীৰ ভাবে ল’লে। ট্ৰেফিক আইন উল্লঙ্ঘনক যে কোনো কাৰণতে সহ্য কৰা নহ’ব সেই কথাটো তেখেতে নতুন আইনখনৰ জৰিয়তে বুজাই দিলে। প্ৰতিটো উল্লঙ্ঘনৰ বিপৰীতে থকা জৰিমনা বৃদ্ধি পালে বহুগুণে। ইয়াৰ বাবে গাডকাৰী মহোদয় ধন্যবাদৰ পাত্র। কিন্তু গাডকাৰী ডাঙৰীয়াৰ এই সিদ্ধান্তৰ বিৰোধ কৰিছে বহুতে। পশ্চিমবংগ চৰকাৰে এই আইন বলবৎ নকৰে। আনকি বিজেপিৰ গুজৰাট চৰকাৰেও জৰিমনা কমাই দিছে। সাধাৰণ মানুহৰ মাজত অলপ আক্ৰোশ হৈছে ঠিকে কিন্তু ৰাজ্য চৰকাৰ বিলাকে ৰাইজক এই আইনৰ সুফল বুজোৱাৰ সলনি ট্ৰেফিক আইন ভংগ কৰিবলৈ যেন উদগণি যোগাইছে তেনে অনুমান হয়। আমাৰ দৃষ্টিত এজন ট্ৰেফিক আইন ভংগকাৰী আৰু এজন সন্ত্রাসবাদীৰ মাজত কোনো পাৰ্থক্য নাই। সন্ত্রাসবাদী এজনে দেখা দেখিকৈ মানুহ হত্যা কৰে। আনহাটে ট্ৰেফিক আইন নামানি কিছুমান লোকে নিজৰ লগতে আন কিছুমান নিৰপৰাধী লোকৰ জীবনলৈ বিপদ মাতে। দুয়োতা সমানে ভয়ংকৰ। ৰাইজৰ মনত আইনৰ প্ৰতি শ্ৰদ্ধা জন্মাব নোৱাৰিলে এনেদৰে মানুহ মৰিয়েই থাকিব। আৰু শ্ৰদ্ধা জন্মোৱাৰ একমাত্র পন্হা ফাইনৰ পৰিমান বৃদ্ধি কৰা। বাৰত মদ খোৱাৰ পিছত ১০,০০০ টকা ফাইনৰ কথা ভাবি বহুতে নিজে গাড়ী চলোৱাৰ অ’লা -উবেৰ লবলৈ বাধ্য হ’ব। সকলোৱে হেলমেট পিন্ধি গাড়ী চলালে দৈনিক শ-শ লোকৰ জীবন ৰক্ষা পাব। এতিয়া বলটো ৰাজ্য চৰকাৰ বিলাকৰ হাতত। তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব তেওঁলোক কাৰ পক্ষত? জীবনৰ পক্ষত নে মৰণৰ ?