চামগুৰি জয় বিজেপিৰ বাবে অভিশাপ?

136
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


চামগুৰি বিধানসভাত উপ-নিৰ্বাচনত কংগ্ৰেছ দল পৰাজিত হ’ল। প্ৰায় ৬৫% মুছলমান ভোটাৰৰ বুজনসংখ্যকে ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ বিৰোধ কৰিলে। এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ। চামগুৰিক নিজৰ পৈত্রিক সম্পত্তি বুলি ভবা হুছেইন পৰিয়ালক ৰাইজে উচিত শিক্ষা দিলে। ইয়াৰ পৰা প্ৰত্যেক ৰাজনৈতিক দলৰ নেতাসকলে শিকিবলগীয়া আছে। নিজৰ কাৰ্য্যকৰ্তাক গুৰুত্ব নিদি পৰিয়ালৰ লোকক আগুৱাই দিয়াৰ পৰিণাম ভোগ কৰিলে কংগ্ৰেছ দলে। ফলত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’ল বিজেপিৰ দীপ্লু ৰজ্ঞন শৰ্মা।

চামগুৰি জয় বিজেপিৰ বাবে আশীৰ্বাদ নে অভিশাপ

অসমত বিজেপিৰ উত্থানৰ মূল কাৰণ হ’ল বাংলাদেশী মুছলমানৰ জনসংখ্যা বৃদ্ধি। অনাগত দিনত অসমৰ ৰাজনৈতিক আৰু সামাজিক ক্ষমতা পমুৱা মুছলমানৰ হাতলৈ যাব বুলি চিন্তিত হৈ অসমৰ খিলঞ্জীয়া ৰাইজে বিজেপিক সমৰ্থন দিছিল। বিজেপিৰ এই নীতিৰ বাবেই এতিয়ালৈকে মুছলমানসকল বিজেপিৰ পৰা বহু নিলগত আছিল। ২০১৬ত স্থানীয় ইছুৰ বাবে বৰাকৰ পৰা এজন মুছলমান বিধায়ক বিজেপিয়ে লাভ কৰে যদিও ২০২১ত এজনো মুছলমান নেতা বিজেপিৰ টিকটত জয়ী হ’ব নোৱাৰিলে। এটা ক্ষেত্রত এইটো বিজেপিৰ বাবে সহায়ক আছিল। বিজেপিয়ে মুকলিকৈ হিন্দুত্বৰ কথা ক’ব পাৰিছিল। চামগুৰি, ৰুপহী আদি স্থানত বাংলাদেশী মূলৰ মুছলমান সকলৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে। ইয়াৰ ফলত হয়তো বিজেপি দলে বাংলাদেশী ইছুটোত কিছু নৰম হ’ব পাৰে। অহাবাৰ বিধানসভা নিৰ্বাচনত যদি ৪ বা ৫ জন মুছলমান বিধায়ক বিজেপিয়ে লাভ কৰে তেন্তে বিজেপিৰ বাবে হিন্দুত্ববাদী এজেণ্ডাটো আগবঢ়াই নিয়া আৰু কঠিন হ’ব। ইয়াৰ ফলত খিলঞ্জীয়া ৰাইজৰ আক্ৰোশৰ বলি হ’ব পাৰে বিজেপি দল। সেয়েহে চামগুৰি জয়ত উল্লাস কৰা দলটোৰ বাবে আচলতে এইটো বিপদৰ কাৰণ হ’ব পাৰে। পমুৱা মুছলমান আৰু খিলঞ্জীয়া ৰাইজৰ আশা আকাঙ্ক্ষা বিজেপি দলে কিদৰে অগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ’ব।