চালানী মাছ,বৰ বিহ আৰু অসমীয়া নিম্ন মধ্যবিত্ত

2842
  • বুবুল ঠাকুৰীয়া

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


১১ জুলাইৰ পৰা ১০ দিনৰ বাবে অসমৰ বজাৰত চালানী মাছ বন্ধ আছিল। অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য-মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্দেশ। লগতে আইন উলংঘা কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা ১০ লাখ টকালৈ জৰিমনা। কিয়নো চালানী মাছত  বিষাক্ত ফৰ্মেলিন থকাৰ প্ৰমাণ পোৱা গৈছে। মাছৰ বজাৰত ক্ষুদ্ৰ মাছ বেপাৰী আৰু নিম্ন মধ্যবিত্ত মানুহ খিনিৰ মাজত হাহাকাৰ লাগিছিল।

দহ দিনৰ অন্তত চৰকাৰে চালানী মাছ বিক্ৰী কৰাৰ অনুমতি দিয়ে, পিছে চালানী মাছৰ দামো বাঢ়িল।

কিয় চালানী মাছ?

আমি অসমীয়া বোৰে মাছ খাই ভাল পাওঁ। মাছ বিভিন্ন ধৰণে খাওঁ আৰু ভাতৰ কাঁহিত মাছ এডোখৰ টেঙাৰ আঞ্জা খনেৰে খালেহে যেন উদৰে শান্তি পাই!কিন্তু মাছৰ খেতি বিজ্ঞান সন্মতভাৱে কিমানে কৰোঁ?এয়া এক লাখটকীয়া প্ৰশ্ন!অসম কৃষি নিৰ্ভৰ ৰাজ্য।কিন্তু অসমৰ ৰাইজে মাছ খাব লাগে অন্ধ্ৰপ্ৰদেশ নাইবা আন ৰাজ্যৰ।কিয় এই অৱস্থা?অসমত এতিয়া থলুৱা মাছ পাবলৈয়ে নাই ! পুঠী, খলিহনা, গৰৈ, কাৱৈ মাছ অলপ পৰিমানে পালেও প্ৰতি কিলগ্ৰামত ৫০০ টকা দিব লাগে ! গতিকে চালানী মাছৰ বিকল্প নাই যাৰ মূল্য ১০০-১৫০ টকা!গাওঁৰ লৰা-ছোৱালী মাছ মাৰিব নাযায়,হাতত স্মাৰ্টফোন লৈ আড্ডা দিব।পুখুৰী নাখান্দে,মাছ নোপোহে!গতিকে চালানী মাছ জিন্দাবাদ!গাঁৱবোৰত খেতি পথাৰৰ বিলুপ্তি ঘটি আহিছে!কল-কাৰখানাই গাঁও বোৰ চানি ধৰিছে!গাঁও বোৰত গৰু নোহোৱা হৈ আহিছে,ট্ৰেক্টৰ নহলে খেতি নহয়!আমিবোৰ এলেহুৱা হলোঁ।আৰু তাৰ সুবিধা লৈছে বহিৰাগত বণিয়াই!

অসমত যিখিনি স্থানীয় মাছৰ উৎপাদন হয় সেয়াও কেইখনমান জিলাৰ কিছুসংখ্যক বেপাৰিয়ে অধিক মুনাফাৰ বাবে ইউৰিয়া সাৰ প্ৰয়োগ কৰাৰ তথ্য পোৱা গৈছে।গতিকে খাব কি?বিয়া-বাৰুত মাছ নহলে নহয় আৰু লোকেল মাছ বহু দামত কিনি খুৱাবও নোৱাৰি!গতিকে চালানী মাছ জিন্দাবাদ!

কিন্তু চালানী মাছৰ নামত কি খাই আছোঁ?

জীৱ-জন্তু মৰাৰ পিছত গেলি নাযাবলৈ পৰীক্ষাগাৰত পৰীক্ষাৰ বাবে ফৰ্মেলিন দিয়া হয় আৰু সেই ফৰ্মেলিন আমি বৰ তৃপ্তিৰে খাই আছোঁ চালানী মাছৰ মাধ্যমেৰে!যি ফৰ্মেলিনৰ বাবে মানৱ দেহত কেঞ্চাৰ সদৃশ মাৰাত্মক ৰোগ হব পাৰে সেয়াই আমি গিলি আছোঁ!ইয়াৰ বাবে দায়ী কোন?চৰকাৰ নে প্ৰশাসন নে স্বয়ং আমি নিম্ন মধ্যবিত্তবোৰ যিসকলে কাম কৰিব ও নোৱাৰোঁ আৰু আনক দোষ দিবহে পাৰোঁ!আমি লৰা-ছোৱালীক স্বাৱলম্বী হবলৈ নিশিকাও কেনেবাকৈ চৰকাৰী চাকৰি এটা কৰিব লাগে ঘোচ দি হলেও!খেতি কৰিব নিশিকাও,চব বস্তু বজাৰৰ পৰা কিনি খাম।গতিকে ইয়াৰ পূৰ্ণ সুযোগ লৈছে বহিঃ ৰাজ্যৰ বেপাৰী আৰু অসমৰ বেপাৰীয়ে!বহু দিনলৈ বেয়া নহবলৈ ফৰ্মেলিন দিয়া মাছ অতি নিম্ন দৰত কিনি আনি আমাক খুৱাই আছে আৰু আমি খাই আছোঁ!

চৰকাৰৰ কৰণীয়

খাদ্য সুৰক্ষা আৰু ষ্টেণ্ডাৰ্ডছ আইন-২০০৬ ৰ ৩(১) (জেদ জেদ) দফা অনুসৰি ফৰ্মেলিন যুক্ত মাছ খোৱাৰ অনুপযোগী।আৰু ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰৰ প্ৰতিবেদন অনুসৰি অসমৰ সৰহ সংখ্যক চালানী মাজত এই বৰবিহ ফৰ্মেলিন পোৱা গৈছে।খাদ্য সুৰক্ষা আৰু মান আইন ২০০৬ ৰ ৩৪(৪) আৰু ৫৯ দফা অনুসৰি ফৰ্মেলিন যুক্ত মাছ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে দুবছৰৰ পৰা সাত বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ ব্যৱস্থা আৰু ১০ লাখ পর্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে-এইয়া ৰাজ্যিক স্বাস্থ্য-মন্ত্ৰীৰ ঘোষণা।এতিয়া তেঁওৰ এই ঘোষণা আৰু ইয়াৰ কাৰ্যকাৰিতা সময়ৰ ওপৰত নিৰ্ভৰ কৰিব!ক্ষন্তেকীয়া চমকৰ বাবে নকৰি দীৰ্ঘম্যাদী পদক্ষেপ ললে অসমীয়া জাতি ঘুনীয়া হোৱাৰ পৰা বাচিব!আগৰ চৰকাৰ বোৰে এইবোৰ দিশত চকু দিয়া দেখাই নাপালোঁ!এই চৰকাৰ খনলৈ অসমবাসীৰ বৰ আশা।গতিকে চৰকাৰ কঠোৰ হলে ব্যৱসায়ীবোৰেও চিন্তা কৰিব লাগিব যে চালানী মাছ বিকিলেও কেতিয়াও ফৰ্মেলিন যাতে প্ৰয়োগ নকৰে!

চালানী মাছ বন্ধৰ চাইড এফেক্ট

ৰাজ্যত ১০ দিনলৈ চালানী মাছ বন্ধৰ ফলত ধুৰন্ধৰ ব্যৱসায়ী সকলে থলুৱা মাছৰ দাম কিলোৱে প্ৰতি ১০০-১৫০ টকা লৈ বৃদ্ধি কৰিছে! ইয়াৰ মাজতেই  আন এটা কথাই সন্দেহৰ সৃষ্টি কৰিছে যে কেইদিনমান চালানী মাছ বন্ধ কৰি পিছত আকৌ এই ব্যৱসায়ৰ মূল চাবি-কাঠী নতুন ব্যৱসায়ীৰ হাতলৈ নাযায়টো ?  থলুৱা সৰু  মাছ খালে হেনো দৃষ্টি শক্তি বৃদ্ধি পাই,চালানী মাছ খোৱা আমিবোৰে এইবোৰত কেনেকৈ দৃষ্টি ৰাখো সেয়া লক্ষণীয় হব !

উপসংহাৰ:

অসমৰ যুৱ প্ৰজন্মই কেৱল আনক দোষ দি নিজৰ কৰ্ম-সংস্কৃতি পাহৰি গলে চিৰ ঘুনীয়া হব লাগিব সকলো দিশৰ পৰা সেয়া হব পাৰে শাৰীৰিক,মানসিক আৰু অৰ্থনৈতিকn!গতিকে চাকৰি বিচৰাৰ লগতে আমি স্বাৱলম্বী হবলৈ ও শিকা নিতান্তই প্ৰয়োজনীয় ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)