কৰ্ণাটকত কংগ্ৰেছ?

2200
ৰাজ ইফটিকাৰ হুছেইন

“মোৰ নামত ৰাম অাছে” – এই কথাষাৰ কেইদিনমান আগতে কৈছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী  চিদ্দাৰামাইয়াই। এইটো কংগ্ৰেছৰ নৰম হিন্দুত্বৰ এক উদাহৰণ বুলি বহুতে ভাৱে  । আচলতে কংগ্ৰেছৰ বাবে কৰ্ণাটকৰ নিৰ্বাচন অতি গুৰুত্বপুৰ্ণ । সেইবাবে চিদ্দাৰামাইয়াই সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছে কংগ্ৰেছৰ বিজয়ৰ বাবে। কৰ্ণাটকত পৰাজয় হ’লে কংগ্ৰেছৰ হাতত ডাঙৰ ৰাজ্য থাকিব মাত্ৰ  পঞ্জাৱ। বিজেপি ইয়াত জয়ী হলে ,এইখন তেওঁলোকৰ দখলত থকা  ২২ তম ৰাজ্য হব ।

কৰ্ণাটকৰ ইতিহাস চালে দেখা যায় যে ইয়াত মুলত:  কংগ্ৰেছ আৰু জনতা দলৰ মাজত প্ৰতিদ্বন্দিতা হৈছিল । কিন্তু যোৱা  প্ৰায় পাচঁটা বিধানসভা নিৰ্বাচনত বিজেপিৰ উত্থান হৈছে অাৰু নিৰ্বাচন  তিনিকোণীয়া হৈছে । তলত যোৱা চাৰিটা বিধানসভা নিৰ্বাচনত এই তিনিটা দলে কিমান অাসন পাইছিল সেই বিষয়ে  উল্লেখ কৰা হৈছে ।

চন           কংগ্ৰেছ         বিজেপি        জনতাদল

২০১৩         ১২২             ৪০            ৪০
২০০৮         ৮০             ১১০           ২৮
২০০৪          ৬৫             ৭৯           ৫৮
১৯৯৯        ১৩২             ৪৪            ১০

১৯৯৯ চনত জনতা দলক পৰাস্ত কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল । এচ,এম,কৃষ্ণা হৈছিল মুখ্যমন্ত্ৰী । ২০০৪ চনত কোনো দলে সংখ্যাগৰিষ্ঠতা নাপালে । প্ৰথম বাৰৰ বাবে বিজেপি সৰ্ববৃহৎ দল হ’ল । ২০০৪  ৰ পৰা ২০০৮ লৈ  ৪ বছৰত তিনিজন মুখ্যমন্ত্ৰী হয় । প্ৰথমে কংগ্ৰেছৰ ধৰম সিং, পিছত জনতা দলৰ কুমাৰস্বামী আৰু ৭ দিনৰ বাবে বিজেপিৰ য়েদুৰাপ্পা মুখ্যমন্ত্ৰী হৈছিল । দক্ষিণ ভাৰতত বিজেপিৰ প্ৰথম চৰকাৰৰ অভিজ্ঞতা মুঠেও সুখৰ নাছিল । অৱশ্যে ২০০৮ চনত ১১০ খন আসন দখল কৰি বিজেপি পুনৰ ক্ষমতালৈ আহে । বিজেপিৰ ৫ বছৰীয়া শাসন কালে ৰাইজক খুব তিক্ততা দিয়ে । তিনিজন মুখ্যমন্ত্ৰী, দুৰ্নীতিৰ অভিযোগ, য়েদুৰাপ্পাৰ  জেলযাত্রা আদিয়ে নিশ্চিত কৰিলে ২০১৩ ত বিজেপিৰ পৰাজয় । ২০১৩ চনত কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহে । ১২২ খন অাসন দখল কৰি  চিদ্দাৰামাইয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হয় । যেদুৰাপ্পাই বিধান সভাৰ আগে আগে বিজেপিৰ পৰা ওলাই গৈ নিজৰ দল গঠন কৰিছিল যদিও ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ  আগে আগে পুনৰ বিজেপিলৈ প্ৰত্যাৱৰ্তন কৰে ।

কৰ্ণাটকৰ ৰাজনীতিত জাত পাতে  প্ৰভাৱ পেলায়। অতীজৰে পৰা কৰ্ণাটকৰ ৰাজনীতি লিংগায়ট আৰু ভোক্কালিকা এই  দুটা সম্প্ৰদায়ৰ নেতাই  নিয়ন্ত্ৰন কৰি অাহিছে । দলৰ স্থান তেওঁলোকৰ বাবে গৌণ। মুখ্য হ’ল দলৰ  মুৰব্বীজনৰ  সম্প্ৰদায়টো । উদাহৰণস্বৰূপে লিংগায়ট সম্প্ৰদায়ে ইতিমধ্যে বিজেপিক সমৰ্থন দিয়াৰ সিন্ধান্ত লৈছে । কাৰণ বিজেপিৰ মুখ্যমন্ত্ৰী  পদৰ প্ৰাৰ্থী য়েদুৰাপ্পা  লিংগায়ট । জনতা দল (চেকুলাৰ) ৰ  মুৰব্বী হ’ল প্ৰাক্তন প্ৰধান মন্ত্ৰী দেৱেগৌড়া  আৰু তেওঁ হ’ল  ‘ভোক্কালিগা ‘ সম্প্ৰদায়ৰ লোক । সেইবাবে ‘ভোক্কালিগা’ সকলে জনতা দল( চেকুলাৰ) ক সমৰ্থন কৰিব । বৰ্তমানৰ  মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়া কুৰুৱা সম্প্ৰদায়ৰ । এটা বেচৰকাৰী সংস্থাই কৰা চাৰ্ভে অনুসৰি কৰ্ণাটকত ১৭% লিংগায়ট, ১৩%  ভোক্কালিগা, ১২% মুছলমান, ২০% দলিত, ৭% কুৰুৱা , ৩% বামুন অাৰু বাকী অন্যান্য সম্প্ৰদায়ৰ মানুহ অাছে ।
বিজেপিয়ে ১৭% লিংগায়ট অাৰু অন্যান্য উচ্চ বৰ্ণৰ হিন্দুৰ  সমৰ্থন লাভ কৰিব কৰি আহিছে । কিন্তু বৰ্তমানৰ কংগ্ৰেছ চৰকাৰখনে ‘ লিংগায়ট ‘ মানুহখিনিক ধৰ্মীয় সংখ্যালঘুৰ মৰ্য্যদা দিবৰ কাৰণে বিধান সভাত বিল উত্থাপন কৰিছে আৰু সেইমৰ্মে কেন্দ্ৰীয় চৰকাৰলৈ সন্মতিৰ বাবে  প্ৰতিবেদন পঠিয়াইছে  । কংগ্ৰছৰ এইটো পদক্ষেপক লিংগায়ট খিনিয়ে নিৰ্বাচনৰ সময়ত কিদৰে সহাঁৰি জনায় তাৰ ওপৰত বিজেপিৰ নিৰ্বাচনত সফলতা বহু পৰিমানে নিৰ্ভৰ কৰিব ।  জনতা দলে ভোক্কালিগাৰ সমৰ্থন পাইছে । কংগ্ৰেছৰ  প্ৰতি কুৰুৱা অাৰু মুছলমানৰ সমৰ্থন অাছে । বাকী থকা ২০% দলিতে নিৰ্ণয় কৰিব কৰ্ণাটকৰ পৰৰ্ৱতী মুখ্যমন্ত্ৰী ।  বিভিন্ন অ’পিনিয়ন প’ল মতে কৰ্ণাটকত এইবাৰ ওলোমা  বিধানসভা হব । ৫ টা অ’পিনিয়ন প’ল ৰ ফলাফল তলত দিয়া  হৈছে।

 

 

ফেব্ৰুৱাৰীত কৰা অ’পিনিয়ন প’ল বিলাকৰ গড় ল’লে দেখা  যায় যে কোনো এটা দলেই  সংখ্যাগৰিষ্ঠতা নাপায় । অৱশ্যে নিৰ্বাচনলৈ এতিয়াও এমাহ বাকী । সময় যোৱাৰ লগে লগে ছবিখন পৰিষ্কাৰ হব । বিজেপি অাৰু কংগ্ৰেছ  দুয়োটা দলৰ সপক্ষে কাম কৰিব পৰা কিছু  কাৰক তলত উল্লেখ কৰা হৈছে। এই কাৰকবোৰে যিকোনো দলৰ পক্ষে ঢৌ সৃষ্টি কৰাত সহায় কৰিব  পাৰে ।

বিজেপি

১) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাই বিজেপিক  সুফল দিব পাৰে। মোডীৰ জনসভাবোৰে বিজেপিৰ সপক্ষে ঢৌ সৃষ্টি কৰাৰ  সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি ।

২) ১৯৮৫ চনৰ পিছত  কৰ্ণাটকত কোনোৱে  একেৰাহে দুবাৰ মূখ্যমন্ত্ৰী  হবলৈ সক্ষম হোৱা নাই।

৩) চিদ্দাৰামাইয়া চৰকাৰৰ কিছুমান মন্ত্ৰী যেনে জৰ্জ, শিৱকুমাৰ অাদিৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগে অহা নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ আশা অাছে।

৪) বিজেপিৰ ব্যাপক প্ৰচাৰ অাৰু ডিজিটেল মাধ্যমৰ প্ৰয়োগ ।

৫) লিংগায়ট ইচ্যুটোৱে  কিন্তু ওলোটাকৈ বিজেপিকহে সহায় কৰিব পাৰে নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়ছোৱাত ।

 

কংগ্ৰেছ

১) যদিও মন্ত্ৰীসভাৰ  কেইজমান সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ অাছে, তথাপি  চিদ্দাৰামাইয়াৰ ব্যক্তিগত ভাৱমুৰ্তি  নিকা।

২) কানাড়া মানুহৰ  কথা কৈ কানাড়া ভাষী লোকসকলৰ মন জয় কৰিবলৈ  চেষ্টা কৰিছে কংগ্ৰেছে ।

৩) পুৰ্বৰ বিজেপি চৰকাৰৰ ব্যৰ্থতা।

৪) লিংগায়ট সম্প্ৰদায়ক ধৰ্মীয় সংখ্যালঘুৰ মৰ্য্যদা প্ৰদান কৰাই কংগ্ৰেছক প্ৰভাৱিত কৰিব ।

৫) নৰম হিন্দুত্বৰে উচ্চবৰ্ণৰ  হিন্দুক নিজৰ কাষ চপাই  অনাৰ প্ৰচেষ্টা ।

শেষত এই কথা ক’ব পাৰি যে এইবাৰ কৰ্ণাটকৰ  যুঁজখন  অাকৰ্ষণীয় হব। জনতা দলৰ অাসনৰ সংখ্যাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব ।বৰ্তমান সময়ত কৰ্ণাটকৰ মানুহৰ মাজত থাকি ধাৰণা হয় যে বিজেপি দলে আশা কৰা ধৰণৰ ফল পোৱাটো কঠিন হ’ব । সেইদৰে কংগ্ৰেছক প্ৰভাৱ পেলাব প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌ এটাই । এইবাৰ জনতা দল (চেকুলাৰ) হব  পাৰে কৰ্ণাটকৰ কিং মেকাৰ । তেন্তে ৰাষ্ট্ৰীয় ৰাজনীতিত পুনৰ গুৰুত্ব পাব দেৱেগৌড়াই । মাজত অপেক্ষা মাত্ৰ ১ মাহ।