চিপৰাং ৰাজনীতি মুল্যহীন হল…

1142

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


প্ৰতিটো দলতেই চিপৰাং ৰাজনীতি আছিল আৰু সদায় থাকে । মন্ত্ৰী বিধায়ক প্ৰভাবশালী নেতা সকলো এই চিপৰাং মৰা ৰাজনীতিত স্বীকাৰ হয় । চিপৰাং শক্তিশালী হ’লে নিৰ্বাচনৰ ফলাফলেই সলনি হয় । চিপৰাং মৰা ৰাজনীতি কি আচলতে ? নিৰ্বাচন জিকি মন্ত্ৰী বিধায়ক হোৱাৰ  ইচ্ছা সকলোৰে থাকে । কিন্তু ৰাজনৈতিক দল এটাই এজন প্ৰাৰ্থীকহে টিকট দিব পাৰে , যদিও টিকট প্ৰত্যাশী অধিক থাকে । যিকেইজনে টিকট নাপায় তেওঁলোকে নিজৰ দলৰ প্ৰাৰ্থী জনক গোপনে বিৰোধ কৰে আৰু নিজৰ নিয়ন্ত্ৰণত থকা ভোটখিনি বিৰোধী দলৰ প্ৰাৰ্থীক দিয়াই । এইয়াই হৈছে চিপৰাং ৰাজনীতি । চচিয়েল মিডিয়া অহাৰ আগত বিধায়ক জন দিছপুৰলৈ যোৱা মাত্ৰকেই সমষ্টিৰ মানুহৰ লগত প্ৰতিনিধিজনৰ সংযোগ বিচ্ছিন্ন হৈছিল । মবাইল , মিডিয়া নথকা সময়ত একমাত্ৰ বাতৰি কাকত খনেই আছিল খৱৰ দাঁতা ।  সাংসদৰ ক্ষেত্ৰতটো আৰু অধিক বিপদ আছিল । বিধায়ক বা সাংসদৰ অনুপস্থিতিত জন্ম হৈছিল কিছুমান সয়ম্ভু প্ৰতিনিধি যিসকলে ৰাইজ আৰু প্ৰতিনিধিৰ সাঁকো হৈ কাম কৰিছিল । দালাল প্ৰকৃতিৰ মানুহৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল নেতাৰ জনপ্ৰিয়তা । কিন্তু যোৱা দহ বছৰত সময় সলনি হ’ল । মবাইল আহিল আৰু পিছে পিছে  আহিল ফেচবুক আৰু ৱাটচএপ । নেতা আৰু ৰাইজৰ মাজত সংযোগ সহজ হ’ল । নেতাৰ প্ৰতিটো মুহুৰ্তৰ খৱৰ ৰাইজে পাবলৈ সক্ষম হ’ল । চ’চিয়েল মিডিয়াৰ প্ৰভাবত আজিৰ পঞ্চায়ত নিৰ্বাচনো নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ বেনাৰত চলা হ’ল । ভোটাৰৰ প্ৰয়োজন বৃদ্ধি পালে । এখন গাঁৱত দুখন চাইকেল থকা অসমীয়া সমাজত এতিয়া ঘৰে ঘৰে মটৰ চাইকেল আৰু প্ৰতিটো চ’কত  গড় হিচাপত এখন চাৰিচকীয়া হ’ল । ৰাস্তা চাই ভোট দিয়া বৰ্ণ হিন্দু অসমীয়া সমাজেও চৰ অঞ্চলৰ ভোটাৰৰ দৰে প্ৰাৰ্থীৰ নাম চাই ভোট দিব শিকিলে । যিটো সময়ত চিপৰাং মৰা ৰাজনীতিয়ে দলক ক্ষতি কৰিছিল সেই সময়ত ভোটাধিকাৰৰ শতাংশ অতি কম আছিল । আজিৰ দিনত ভোটাধিকাৰ সাব্যস্ত কৰা মানুহৰ সংখ্যা প্ৰায় ৮০% ।  কংগ্ৰেছ , বিজেপি বা ইউডিএফ যি দলৰে নহওক বিসম্বাদ কৰি চিপৰাং মাৰিব গ’লে ফলাফল শুন্য । কাৰণ কংগ্ৰেছ ভোটাৰে ৰাহুল গান্ধীক চাই ভোট দিব , বিজেপি ভোটাৰে নৰেন্দ্ৰ মোদীক চাব আৰু ইউডিএফৰ ভোটাৰে বদৰুদ্দিন আজমলক চাইহে ভোট দিব । ২০১৬ ত যিদৰে চিপৰাং মৰা ৰাজনীতিয়ে কামত দিয়া নাছিল , একেদৰে ২০২১ চনতো চিপৰাং এ কাম নিদিয়ে । বৰঞ্চ চিপৰাং মাৰিব যোৱাজনহে বিপদত পৰিব ।