চিৰাগক লৈ প্ৰশান্ত কিশোৰৰ গেম প্লেন

1344
  • ৰুপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভাৰতৰ এজন বিশেষ ৰাজনীতি বিদ, বহু বাৰৰ কেন্দ্ৰীয় মন্ত্রী তথা দলিত সম্প্ৰদায়ৰ এজন অন্যতম নেতা ৰাম বিলাস পাছোৱান আজি আমাৰ মাজত নাই। ভি.পি সিংৰ পৰা আৰম্ভ কৰি তাৰ পিছৰ প্ৰায় প্ৰতিখন চৰকাৰতে মন্ত্রী আছিল তেখেত। এসময়ত বিহাৰৰ হাজীপুৰ সমষ্টিৰ পৰা ৰেকৰ্ড ভোটত বিজয়ী হৈ লোকসভালৈ নিৰ্বাচিত হৈছিল। তেখেতক সকলোৱে নাম দিছিল বতৰ বিজ্ঞানী। কোন দলৰ চৰকাৰ আহিব সেয়া তেওঁ আগতীয়াকৈ অনুমান কৰিব পাৰিছিল তথা সেই দলৰ লগত মিত্রতা কৰি চৰকাৰত অংশীদাৰ হৈছিল। এসময়ত বিজেপিক সাম্প্ৰদায়িক বুলি কৈ অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ পৰা ওলাই যোৱা পাছোৱানে হঠাৎ সকলোকে আচৰিত কৰি ২০১৪ লোকসভা নিৰ্বাচনৰ আগত বিজেপিৰ লগ লাগে। পিছত পাছোৱানে কৈছিল যে এই সিদ্ধান্তৰ আঁৰত আছিল তেওঁৰ পুত্র চিৰাগ পাছোৱান। দেউতাকৰ সেই ভবিষ্যত দ্ৰষ্টাৰ গুণটো চিৰাগে ভালদৰে আয়ত্ব কৰি লৈছিল। চিৰাগৰ সেই চালটোৰ বাবে মোদী চৰকাৰত দুবাৰ মন্ত্রী হোৱাৰ সুযোগ পাইছিল ৰাম বিলাস পাছোৱানে।
এতিয়া বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তংগত উঠিছে। নিতিশ কুমাৰ বৃহৎ ব্যবধানত জয়ী হ’ব বুলি প’ল পণ্ডিত সকলে ধৰি লৈছিল। কিন্তু এনেতে চিৰাগৰ কিছুমান কাণ্ড কাৰখানাই নিৰ্বাচন জমাই তুলিছে। চিৰাগে নিতিশৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাব লৈছে কিন্তু মোদীক প্ৰশংসাৰে উপচাই পেলাইছে। চিৰাগৰ লোক জনশক্তি দল এইবাৰ নিৰ্বাচনত বিজেপি-জনতা দল( ইউ) ৰ লগত নাই। কিন্তু তেওঁ  বাৰে বাৰে কৈছে যে মোদী তেওঁৰ অন্তৰত আছে। সেয়েহে বিজেপিৰ বিৰুদ্ধে তেওঁ প্ৰাৰ্থী দিয়াৰ পৰা বিৰত আছে। আনহাতে জনতা দলৰ বিৰুদ্ধে তেওঁ যুঁজিছে। চিৰাগৰ এই কাণ্ডৰ আৰত প্ৰশান্ত কিশোৰৰ হাত আছে বুলি জনা গৈছে।  চিৰাগ আৰু নিতিশৰ মাজত মতানৈক্য আৰম্ভ হৈছিল ৰাজ্যৰ মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ সময়ত। সেইসময়ত লোকজনশক্তিৰ কোটাৰ এজন মন্ত্রীৰ বাবে চিৰাগে এজন উচ্চ বৰ্ণৰ বিধায়কৰ নাম দিছিল। কিন্তু নিতিশ মান্তি হোৱা নাছিল। নিতিশে হেনো কৈছিল “তোমালোকে দলিত ৰাজনীতি কৰা, সেইবাবে দলিতৰ মাজৰ পৰাই এজন মন্ত্রী হব লাগে।” ইয়াৰ পিছত চিৰাগ বহু বাৰ নিতিশ কুমাৰক লগ ধৰিবলৈ গৈ বিমুখ হৈছিল। ইয়াৰ পূৰ্ণ সুযোগ ল’লে নিতিশ কুমাৰৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবে ৰৈ  থকা প্ৰশান্ত কিশোৰে। প্ৰশান্ত জনতা দলৰ উপ সভাপতি নিৰ্বাচিত হৈছিল কিন্ত নিতিশৰ লগত হোৱা মতবিৰোধৰ বাবে দলৰ পৰা বাহিৰ হ’ব লগা হৈছিল। এতিয়া প্ৰশান্তৰ মন্ত্রণাতে আগবাঢ়িছে চিৰাগ। বিজেপি যদিও নিতিশৰ লগত আছে তথাপিও মোদীক বিজেপিতকৈ চিৰাগে বেছি নিজৰ হ’কে প্ৰচাৰত ব্যবহাৰ কৰিছে। এনে পৰিস্হিতিত অস্বস্তিত পৰিছে বিজেপি। আনকি বিজেপিয়ে কবলগীয়া হৈছে যে চিৰাগে মোদীৰ ফটো ব্যবহাৰ কৰিব নোৱাৰিব। তাৰ উত্তৰত চিৰাগে কৈছিল মোদী মোৰ অন্তৰত থাকে। ৰাজনীতিৰ এনে প্ৰয়োগ ভাৰতত প্ৰথমবাৰ হৈছে যত বিৰোধী দল এটাই প্ৰতিপক্ষৰ দলৰ নেতাৰ নামত ভোটভিক্ষা কৰিব।