ৰজনীৰ ৰাজনীতি : চলিবনে ইয়াতো চিনেমাৰ যাদু ?

2282
দেবজিত দত্ত

তামিলনাডু অসমৰ মানুহৰ কাৰণে অতি চিনাকী নাম । সুদুৰ দক্ষিণত হোৱা স্বত্তেও তামিলনাডুক  মানুহে  জানে   ‘ মাদ্ৰাজ ‘ ৰ বাবে । এতিয়াও কেন্সাৰ বুলি ক’লে ভেল্লোৰ আৰু ডাঙৰ বেমাৰ বুলি ক’লে এপ’লো আমাৰ মনলৈ আহে । মাৰ্চ মাহত এনেকুৱা কিছুমান কাৰণতেই  গৈছিলো চেন্নাইলৈ । ইদলি , বগা চোলা , সাগৰীয় মাছ আদিৰ মাজতে মানুহখিনিৰ সামাজিক অাৰু ৰাজনৈতিক অনুভুতি জনাৰ চেষ্টা কৰিছিলো । চেষ্টা আছিল একেবাৰে ‘গ্ৰাউণ্ড জিৰো’ ৰিপোৰ্ট লোৱাৰ । পোনপ্ৰথমে অলপ পুৰণি ৰাজনীতিৰ কথা জনাৰ আগ্ৰহ জন্মিছিল ।

চক্ৰৱৰ্তী ৰাজাগোপালাছাৰি আৰু কে কামৰাজ এই দুজন কংগ্ৰেছ নেতাই স্বাধীনতাৰ পিছৰ কালছোৱাত তামিলনাডুক নেতৃত্ব  দিছিল । দ্ৰাৱিড় ৰাজনীতিয়ে কালক্ৰমত ৰাষ্ট্ৰীয় দল কংগ্ৰেছক শাসনৰ পৰা ওফৰাই পেলায় । ১৯৬০ চনৰ পৰা শিপাই অহা        ‘হিন্দী ভাষা বিৰোধী’ আন্দোলনে তামিলনাডুত কংগ্ৰেছক শাসনৰ পৰা ওফৰাই  আঞ্চলিক দলৰ উত্থান সম্ভৱ কৰি তোলে । সেইমৰ্মে ১৯৬৭ চনত কংগ্ৰেছক পৰাভুত কৰি ডি এম কে দল ক্ষমতালৈ আহে । আজিপৰ্যন্ত প্ৰায় ৫০ বছৰ কাল কংগ্ৰেছ দল শাসনত আহিব পৰা নাই । কালক্ৰমত ডি এম কে দলত নেতৃত্ব কেন্দ্ৰীক বিবাদৰ ফলত নতুন কিছুমান দ্ৰাৱিড়ীয় আদৰ্শৰ  দল গঠন হয় । তেনে এটা দল হ’ল এ আই ডি এম কে । তামিল  চিনেমাৰ মহানায়ক এম জি ৰামচন্দ্ৰনৰ নেতৃত্বত ১৯৭৭ চনত গঠন হয় এ আই ডি এম কে । ১৯৬৭ চনৰ পৰা আজি পৰ্যন্ত আঞ্চলিক দল ডি এম কে  আৰু এ আই ডি এম কে দলৰ মাজতে সীমাবদ্ধ আছে তামিলনাডু ৰাজ্যৰ চৰকাৰ । মাত্ৰ সলনি হৈছে নেতৃত্ব আৰু মুখ্যমন্ত্ৰী  ।

তামিলনাডু আৰু ভাৰতৰ আন ৰাজ্যৰ ৰাজনৈতিক নেতাৰ মাজত এটা ডাঙৰ পাৰ্থক্য হ’ল তামিলনাডুত চিনেমাৰ নায়কসকলে বহু সময়ত ৰাজনীতিৰ পথাৰখনত সফলতা পায় । যিটো অইন ৰাজ্যত সহজতে দেখা নাপায় । ৰাজনৈতিক দলৰ পোষ্টাৰ- বেনাৰ আৰু তামিল চিনেমাৰ পোষ্টাৰৰ জাকজমকতা প্ৰায় সমপৰ্যায়ৰ । তামিলনাডুৰ ৰাজনীতিত বৰ্তমান সময়ত আটাইতকৈ উল্লেখযোগ্য ঘটনা হ’ল চিনেমাৰ  চুপাৰষ্টাৰ ৰজনীকান্তৰ ৰাজনীতিত প্ৰৱেশ । বিভিন্ন ৰাজ্যত যেনেকৈ বিজেপিয়ে পৰিবৰ্তনৰ শ্লোগান দিছে তেনেকৈ ৰজনীকান্তে দিছে  ‘শুণ্যতা ‘ৰ শ্লোগান । ৰজনীৰ যুক্তিত এ আই ডি এম কে ৰ নেত্ৰী জয়াললিতাৰ মৃত্যু পিছত  আৰু  ডি এম কে দলৰ নেতা এম কৰুণানিধিৰ দুৰ্ৱল স্বাস্থ্য আৰু বাৰ্ধক্যই তামিলনাডুৰ ৰাজনীতিক শুণ্যতাই গ্ৰাস কৰিছে । বৰ্তমান এ আই ডি এম কে নেতৃত্বৰ চৰকাৰখন অতি দুৰ্ৱল আৰু দিশহীন বুলি ৰাইজে ধৰি লৈছে । কাৰণ জয়াললিতাৰ অনুপস্থিতিত বাকী নেতাসকল ৰাইজৰ মাজত গ্ৰহণযোগ্য নহয় ।  ইয়াৰ প্ৰধান কাৰণ হ’ল জয়াললিতা জীয়াই থকা সময়ছোৱাত তেওঁ দল আৰু চৰকাৰক একক ভাবে নেতৃত্ব দিছিল । আনহাতে  ডি এম কে নেতা কৰুণানিধিৰ বয়স নব্বৈৰ উৰ্ধত আৰু তেওঁৰ স্বাস্থ্যৰ অবনতিৰ ফলস্বৰুপে  উত্তৰাধিকাৰী হিচাপে দলক নেতৃত্ব দিছে পুত্ৰ ষ্টেলিনে । কি্ন্তু দলৰ পৰিয়ালকেন্দ্ৰীক চৰিত্ৰ আৰু ষ্টেলিনৰ ভাৱমুৰ্তী নিকা নোহোৱাৰ ফলত অধিক ক্ষতিৰ সন্মুখিন হৈছে ডি এম কে দল ।

এনে এক সময়ৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰি ৰজনীয়ে শুণ্যতা পুৰণৰ শ্লোগান দি নিজকে প্ৰক্ষেপ কৰিছে । থিক এতিয়াৰ পৰা ৪০ বছৰ আগত তামিলনাডুৰ ৰাজনীতিত নতুনত্ব আনিছিল সেইসময়ৰ দক্ষিন ভাৰতৰ চিনেমাৰ মহানায়ক এম জি ৰামচন্দ্ৰনে চমুকৈ এম জি আৰ  । যিজন ব্যক্তি চিনেমাত যেনেকৈ নায়ক আছিল তেনেকৈ তামিলনাডুৰ ৰাজনীতিতও নায়ক হ’বলৈ সক্ষম হৈছিল । গোটেই জীৱন সমাজৰ নামত উচৰ্গা কৰা এম জি আৰৰ  মৃত্যুৰ পিছত সমষ্ট সম্পত্তি দলক দান হিচাপে দি গ’ল তেওঁৰ পত্নীয়ে । এম জি আৰ ধাৰা আনিবলৈ ৰজনীয়ে চেষ্টা কৰা পৰিলক্ষিত হ’ল য়েতিয়া আমি দেখা পালো ৰজনীয়ে নিজৰ আৰু এম জি আৰ একেলগে উঠা ফটোৰে পোষ্টাৰ বনাই তেওঁৰ দলৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰ কৰিছে ।

ৰজনীৰ সমসাময়িক আন এজন তামিল অভিনেতা কমল হাচানেওঁ নিজা ৰাজনৈতিক দল গঠন কৰি  ৰাইজৰ মাজলৈ আহিছে । কমল হাচানৰ কিছুমান চিনেমা যিদৰে হিট নোহোৱা স্বত্তেও বিতৰ্কিৰ কাৰণে শিৰোনমা দখল কৰিছিল তেনেকৈ দলৰ সাংগঠনিক ভেটি যিয়েই নহওক দল আৰম্ভ কৰিয়েই বিভিন্ন বিতৰ্কিত মন্তব্যৰে তেওঁ সংবাদজগতৰ শিৰোনমা দখল কৰিছে ।

 

 

বৰ্তমানৰ তামিলনাডুৰ ৰাজনৈতিক পৰিবেশকলৈ সাধাৰণ ৰাইজৰ কি প্ৰতিক্ৰিয়া তাক জনাৰ চেষ্টা কৰিছিলো । চেন্নাইত থকা প্ৰায় দহদিনত লগ পাইছিলো কৰ্মসুত্ৰে তামিলনাডুৰ বিভিন্ন জিলাৰ পৰা অহি চেন্নাইত বাস কৰি বিভিন্ন কামত আত্মনিয়োগ কৰা কিছুমান মানুহক  । ভেংকতেশ বয়স প্ৰায় ৪৫ বছৰ । দুখন ইণ্ডিকা আছে । এখম ভাড়াত দিয়ে আৰু আনখন নিজে চলায় । চেন্নাইত থকা সময়ছোৱাত আমাৰ ঘুৰা ফুৰাৰ একমাত্ৰ সাৰথি ভেংকতেশৰ ইণ্ডিকা । ঘৰ চেন্নাইৰ পৰা প্ৰায় ৮০ কি: মি: দুৰত কাঞ্চিপুৰম জিলাত । চেন্নাইত অকলে থাকে । বস্তি অঞ্চলৰ দৰে ঠাই এখনত থাকে । তেওঁৰ লগত থকা মানুহখিনিক লগ কৰিম বুলি কোৱাত এদিন আৱেলি লৈ গ’ল তেওঁ থকা ঠাইখনলৈ । মেইন ৰাস্তাৰ পৰা সোমাই যাব লাগে ।   সৰু বাট এটাৰ দুয়োকাষে ঘৰ । চাই বাবা , মাডাৰ মেৰী , আম্বেদকাৰ আদিৰ মুৰ্তিবিলাক চাই চাই তেওঁৰ ঘৰ উঠিলো । তাত থকা প্ৰায় সকলোৱে অসম , গুৱাহাটী , শ্বিলংৰ কথা জানে । হয়টো এইয়া এপ’লো বা ভেল্লোৰ এফেক্ট । মানুহৰখিনিৰ কথাত গ’ম পালো এতিয়াও তাত মোদী , ৰাহুল , অমিত শ্বাহ নামবিলাক ৰাজনৈতিক মানচিত্ৰৰ পৰা বহু দুৰত । বৰ্তমান চৰকাৰৰ কামত মুঠেও সন্তুষ্ট নহয় । জয়াললিতাৰ পিছত এজনো নেতাৰ কামকলৈ সন্তুষ্ট নহয় তেওঁলোক । মুঠৰ ওপৰত আম্মাৰ মৃত্যুৰ পিছত এ আই ডি এম কে ৰ প্ৰতি অলপো আগ্ৰহী নহয় । তেন্তে বিকল্প কি ? ডি এম কে দল বিকল্প বুলি কৈও বিৰক্তি প্ৰকাশ কৰিলে তেওঁলোকৰ দুৰ্ণীতি আৰু পৰিয়াল কেন্দ্ৰীক ৰাজনীতিকলৈ ।  মহেশ থমাচ ৩৬ -৩৭ বছৰ বয়সৰ  প্লামবাৰ । ৰজনীকান্ত ফেন ক্লাবৰ সদস্য । তেওঁ ক’লে   ”ৰাজনীতি নহয় সব দুৰ্নীতি হয় ।” ৰজনীৰ” খৱৰে তেওঁক চুই যোৱা নাই । তেওঁ প্ৰশ্ন কৰিলে  “ক’ত আছিল ইমান দিন তেওঁ যেতিয়া কাবেৰীৰ পানী তামিলনাডুৰ কৃষকে নাপায় ।”  কমল হাচানকলৈ অলপো চিৰিয়াচ দেখা নগ’ল এজন মানুহকো ।

নতুন প্ৰজন্মৰ যুবক – যুবতীসকলে অইন ৰাজ্যৰ দৰে তামিলনাডুতও নিজকে নিয়োগ কৰিছে বহু ৰাষ্ট্ৰীয় কোম্পানীবোৰত । বিভিন্ন কাৰিকৰী শিক্ষা বা এম বি এ আদি শিক্ষাগত অৰ্হতাৰ যুবকসকলে ৰাতিপুৱা ১০ বজাৰ পৰা ৰাতি ৯ বজালৈ কাম কৰে । এইসকলেই হ’ল নতুন প্ৰজন্মৰ ভোটাৰ । নিৰ্বাচন আয়োগৰ তথ্যমতে ২০২১ চনৰ তামিলনাডু বিধান সভা নিৰ্বাচনত নতুন ভোটাৰ বৃদ্ধি পাৱ প্ৰায় ৪০ লাখ । সেয়ে অনাগত নিৰ্বাচনবোৰত এই ভোটাৰ সকলে বিশেষ ভুমিকা লোৱাটো প্ৰায় খাতাং ।  কুমাৰ স্বামী পেছাত এজন মাৰ্কেটিং টিম লিডাৰ । তেওঁ মোদী, অমিত শ্বাহ, ৰাহুল সকলোৰে খবৰ ৰাখে । দেউতাক, খুড়াকহ’তৰ দৰে অকল ডি এম কে বা  এ আই ডি এম কে মাজতে জ্ঞান সীমাৱদ্ধ হোৱাটো তেওঁ নিবিচাৰে ।   ৰাষ্ট্ৰীয় দলৰ বিভিন্ন নীতিৰ মাজত নিজেক বিচাৰি যায় । প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমনে বহু ৰাষ্ট্ৰীয় কোম্পানীত কাম কৰা এনেকুৱা নতুন প্ৰজন্মৰ ল’ৰাখিনিৰ ওপৰত পৰা প্ৰভাব পেলাইছে । নিজৰ চাকৰিৰ সুবিধা অাৰু মোদীৰ বিদেশ নীতিৰ সামঞ্জস্য বিচাৰি যায়  । দুৰ্নীতিৰ পৰা মুক্ত নোহোৱা দ্ৰাৱিড় ৰাজনীতিত এওঁলোকে নিজকে একাকাৰ নকৰে । বিজেপিৰ দুৰ্বল সাংগঠনিক ভেটি আৰু প্ৰভাৱশালী স্থানীয় নেতাৰ অভাবৰ ফলত বিজেপি নতুন প্ৰজন্মৰ বিকল্প চিন্তা এতিয়াও নহয় ।

কিন্তু ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ কথা অলপ সুকীয়া । বিজেপিৰ তুলনাত কংগ্ৰেছৰ দলৰ স্থিতি অধিক সুদৃঢ় । কাৰণ এসময়ৰ সফল মুখ্যমন্ত্ৰী কে. কামৰাজৰ স্মৃতি এতিয়াও ৰাইজৰ মাজত সজীৱ । কিন্তু কংগ্ৰেছ দলে ডি এম কেৰ লগত মিত্ৰতা কৰি ‘সতী’ হোৱাৰ মানসিকতাৰ ফলত কংগ্ৰেছ দল আৰু ভোটাৰ ৰাইজৰ মাজতযে দুৰত্ব যে বাঢ়ি গৈ থাকিব সেয়া স্পষ্ট । এইবিলাক কথাই আমাক মনত পেলাই দিলে ত্ৰিপুৰাত কংগ্ৰেছ দলে চি পি এমৰ লগত মিত্ৰতা কৰি নিজৰ হাতৰ কুঠাৰ ভৰিত মৰাৰ কথা ।

ৰজনীকান্ত আৰু কমল হাচানে ৰাজনীতিত  কেনেকুৱা প্ৰভাব পেলাব পাৰে তাকে লৈ আলোচনা আৰম্ভ কৰিলো । কাৰ্তিক বীমা কোম্পানী এটাৰ এজেন্ট । মাদ্ৰাজ খ্ৰীষ্টান কলেজৰ স্নাতক । ৰজনীকলৈ যথেষ্ট  আশাবাদী । আচলতে ৰজনীৰ শক্তি হ’ল নতুন প্ৰজন্মৰ ভোটাৰ আৰু ডি এম কে বিৰোধী ভোটাৰ যিসকলে বিকল্প নথকাৰ ফলতেই এ আই ডি এম কে দলক সমৰ্থন কৰি   আহিছে । জয়াললিতাৰ মৃত্যুৰ পিছত এ আই ডি এম কে দলত আগ্ৰহ নোহোৱা হৈ যোৱাা  এক গৰিষ্ঠ সংখ্যক ৰাইজ আছে যিসকলে  ডি এম কে দলক কোনোপধ্যে সমৰ্থন নকৰে আৰু শক্তিশালী বিকল্পৰ সন্ধানত আছে । এই তিনিটা কাৰকেই প্ৰধানত: ৰজনীকান্তৰ ভেটি বুলি ভাবিব পাৰি । মানুহখিনিৰ লগত আলোচনা কৰি এনে ভাব হয়যে আৰু দুটা নিৰ্বাচনৰ পিছত তামিলনাডুৰ ৰাজনীতিত জাত – পাত ,সম্প্ৰদায় , ভাষাৰ ৰাজনীতি সমাপ্ত হৈ যাৱ । বৈদিক হিন্দুক বিৰোধীতা কৰি ৰাজনীতিৰ পথাৰত খোজ দিয়া নিয়ম এতিয়া অতীত । যিটো প্ৰমানিত হ’ল ৰজনীৰ হিমালয়লৈ আধ্যাত্মিক যাত্ৰাৰ পৰা ।  ২০২১ চনলৈ উন্নয়নৰ ৰাজনীতিক অগ্ৰাধিকাৰ দিয়া  নতুন প্ৰজন্মৰ প্ৰায় ৪০ লাখ ভোটাৰ , জয়াললিতাৰ অনুপস্থিতি , কৰুণানিধিৰ বৃদ্ধ অৱস্থা , এ আই ডি এম কেত নেতৃত্বৰ  অভাব , ডি এম কে ৰ পৰিয়ালকেন্দ্ৰীক ৰাজনীতি আৰু দুৰ্নীতি , দিশহীন কমল হাচান , কংগ্ৰেছৰ ডি এম কেৰ লগত আসন্ন মিত্ৰতা আৰু প্ৰভাব শুণ্য অমিত শ্বাহ – মোদী আদি কাৰকে সহায় কৰিব একমাত্ৰ ৰজনীকান্তক । কিন্তু এইখিনিতে গুৰুত্বপুৰ্ণ কথাটো হ’ল ৰাজনীতিৰ ক্ষেত্ৰখনত নৱাগত ৰজনীয়ে সংগঠন কেনেকৈ কৰিব আৰু নিজৰ ফেন ক্লাৱবোৰক কেনেদৰে বুথ সমিতিলৈ ৰূপান্তৰ কৰে তাৰ ওপৰতে সমষ্ট তামিলনাডুৰ ৰাজনীতি নিৰ্ভৰ কৰিব ।