চৈয়দ আব্দুল মালিক: বৈষ্ণব আদৰ্শৰ পুৰোধা

1646
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আব্দুল মালিক আদৰৰ আৰু সন্মানীয় ব্যক্তি । হিন্দু – মুছলমান – পাৰ্চীৰ উৰ্ধত তেওঁ শ্ৰদ্ধাৰ । তেওঁ কৰ্মৰাজী কোনো এক বিশেষ ধৰ্ম বা ভাষিক গোষ্ঠীৰ মালিকাধীন নহয় কাৰণ  আমি লগ পোৱা আজিৰ প্ৰজন্মৰ বহুতেই চৈয়দ আব্দুল মালিক বুলি ক’লে ছোয়েব মালিক ( ক্ৰিকেটাৰ ) বুলি ভুল কৰে ।
জ্যোতি প্ৰসাদ আগৰৱালতকৈ হয়টো মেয়াং আগৰৱালক বেছিকৈ জানে আজিৰ  স্কুলত পঢ়া ল’ৰা ছোৱালীয়ে । ইয়াৰ কাৰণে কিন্তু নতুন প্ৰজন্মক একমাত্ৰ দায়ী কৰিও লাভ নাই ।  আব্দুল মালিকৰ দৰে ব্যক্তিক কোনো ব্যক্তিয়ে চ’চিয়েল মিডিয়াত  দুটা লাইন লেখি কটাক্ষ কৰিলে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হ’ব বুলি একাংশ মানুহে  শংকা ব্যক্ত কৰিছে ,  কিছুমানে  আকৌ ফাঁচি দাবী  কৰিছে ইত্যাদি । সম্প্ৰীতি বোলা বস্তুটো ইমান ঠুনুকা বুলি ভবাটো আচৰিত বা এটা কবিতাৰ সমালোচনাই যদি সম্প্ৰীতি বিনষ্ট কৰে তেন্তে ভুল কাৰ ?  আব্দুল মালিকৰ যিটো   কবিতাৰ  অপবাখ্যা হৈছে সেই  অপবাখ্যা কৰোতা জনৰ শাস্তি , গ্ৰেপ্তাৰ , কাৰাদণ্ড   যিসকলে দাবী কৰিছে সেই সকলৰ বহুতে  কিন্তু সাধু হত্যাত মৌণ , অৰ্ণমাই বৰাৰ মৃত্যুত মৌণ আছিল । বা শংকৰদেৱক বাওঁপন্থী বুলি ব্যক্তি বিশেষৰ বিৰুদ্ধে এটা শব্দও নকয় ।  সকলোৱে স্বীকাৰ কৰে যে আব্দুল মালিকৰ গ্ৰন্থৰ সহায়ত নতুন প্ৰজন্মই শংকৰদেৱক বহু ওচৰৰ পৰাই জানিব পাৰিছিল । ‘ বৈষ্ণৱ ভাৱ ‘ ৰ গুৰিধৰোতা শংকৰদেৱ হিন্দু আছিল আৰু চৈয়দ আব্দুল মালিক চৈয়দ বংশৰ ইছলাম ধৰ্মী আছিল । মালিকক বাদ দি লক্ষ্মীনাথ বেজবৰুৱা আৰু অসমৰ খুব কম সংখ্যক সাহিত্যিকে শংকৰদেৱক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল । চৈয়দ আব্দুল মালিকৰ কবিতাৰ ভুল বাখ্যা মানেই যে অসমীয়া মুছলমানৰ শৌৰ্যক আঘাত সেই চিন্তা এজন অসমীয়া মুছলমানৰ কাৰণে অমুলক । এজন সাহিত্যিকৰ  সাহিত্যৰ অপবাখ্যা অজ্ঞানীৰ কাম । যিসকল বুদ্ধিজীবীয়ে  শংকৰদেবক ভিত্তি কৰি আব্দুল মালিকৰ সাহিত্যক মুৰত তুলি সন্মান কৰা দেখুৱাইছে , সেইসকলৰ বহুতেই হয়টো নিজৰ ঘৰত ব্ৰাহ্মণ্যবাদৰ অহংকাৰত গদ গদাই থাকে । আব্দুল মালিকৰ দৰে বৈষ্ণব কৃষ্টিৰ সাধকৰ সম্প্ৰদায়ত কেনেকৈ মৌলানা শ্বাদৰ অনুগামীৰ জন্ম হ’ল সেইবিলাক প্ৰশ্ন নকৰে বা শুদ্ধ পথ দেখুওৱাৰো প্ৰয়াস নকৰে ।
  আব্দুল মালিকে  ডেকা কাল ছোৱাত( ৩০ বছৰ বয়সৰ আগত)  মুছলীম লীগৰ নেতা আছিল আৰু মুছলীম লীগৰ মুখপত্ৰৰ সম্পাদনা কৰিছিল । কিন্তু পৰৱৰ্তী সময়ছোৱাত ( স্বাধীনতাৰ পিছত)  তেওঁ মৌলবাদক ত্যাগ কৰিছিল , বৰঞ্চ বৈষ্ণব আদৰ্শক প্ৰচাৰ হে কৰিছিল । মুছলীম লীগত থকাটো বাস্তৱ , কিন্তু সেইবুলি তেওঁৰ ব্যক্তিত্বক অপমান কৰাটো সমীচীন নহয় ।  এই ক্ষেত্ৰত অসমীয়া মুছলমানৰো কৰণীয় আছে । বাঘ হাজৰিকা , কালাপানী জেলত থকা বাহাদুৰ গাওঁবুঢ়া ( বাহাদিল ) , ফৰমুদ আলিক অসম তথা ভাৰতৰ জনগণক পৰিচয় কৰাই দিব দুৰৰ কথা অসমীয়া মুছলমানৰ নতুন প্ৰজন্মই নিজেই নেজানে হয়টো  । আব্দুল মালিকৰ মুছলীম লীগৰ লগত সংযুক্ত কালছোৱাৰ সহায়ত  তেওঁক বিচাৰ কৰিলে শুদ্ধ নহ’ব । এটা কথা  আমি মনত ৰাখিব লাগিব ঋষি  বাল্মীকি আৰু দস্যু ৰত্নাকৰ এজনেই ব্যক্তি আছিল ।  কিন্তু বাল্মীকিৰ নাম মহৰ্ষি হিচাপে লোৱা হয় কাৰণ তেওঁ ৰামা্যন ৰচনা কৰিছিল । বাল্মীকি – ৰত্নাকৰ  বুদ্ধিজীবীৰ কাৰণে গুৰুত্বহীন ( বিভাজনৰ এজেণ্ডাত খাপ নেখায় ) ; কাৰণ এইবিলাক ঘটনাৰ উপলব্ধিয়ে  হিন্দু – মুছলমান উভয়কে শিকাব যে মতান্তৰ থাকিলেও মনান্তৰ নেথাকে আৰু মতান্তৰ ভগৱানৰ লগতো থাকিব পাৰে । তথাপি স্বীকাৰ কৰিবই লাগিব যে  আমাৰ সম্প্ৰীতি বিষয়টো এতিয়াও প্ৰশ্নবোধক হৈ আছে । যিহেতু এটা ফেক নিউজে আমাৰ মন মগজুত অলপ হ’লেও ক্ৰিয়া কৰে । সেয়ে আব্দুল মালিক বিতৰ্কটোক সমাজে পজিটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰে । ডেকা বয়সৰ ৰত্নাকৰে যিদৰে পৰিৱৰ্তন হৈ   বাল্মীকি হ’বলৈ সক্ষম হৈছিল , সেইদৰে  ডেকা বয়সত মুছলীম লীগ কৰা ব্যক্তি এজনে যে পৰৱৰ্তী সময়ত মৌলবাদ ত্যাগ কৰি সনাতনী বৈষ্ণব বাদ আৰু শংকৰদেৱক নিজৰ সৃষ্টিৰে নতুন মাত্ৰ প্ৰদান কৰাৰ প্ৰয়াস কৰিছিল ।