চৰকাৰৰ অধীনৰ ৰাজহুৱা শিক্ষাখণ্ডৰ ভৱিষ্যত আৰু টাটাৰ নেন’ গাড়ী ….

2371
  • প্ৰীতিষ্মিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এটা বিয়াগোম চৰকাৰী শিক্ষা বিভাগ আৰু ৰাজহুৱা খণ্ডৰ নিম্নগামী স্বৰূপ । এফালে শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ আনফালে শিক্ষাৰ গুণগত দিশটো গুৰুত্বহীন । গোলকীকৰণৰ ভোগবাদী চৰিত্ৰই মানুহক বজাৰমুখী কৰিছে । গ্ৰাহকে দামী বজাৰ এখনত বজাৰ কৰি ভালপোৱাৰ দৰে আজিৰ অভিভাবকে নামী দামী স্কুল এখনত নিজৰ ল’ৰা ছোৱালীক পঢ়াই ভাল পায় । এটা সময়ত ছাত্ৰ – ছাত্ৰীৰে গিজগিজাই থকা চৰকাৰী স্কুলত এতিয়া ছাত্ৰ – ছাত্ৰীৰ সংখ্যা কমি আহিছে । কৰ্মথ মন্ত্ৰী , তীক্ষ্ণ বুদ্ধিৰ বিষয়া , বিনামুলীয়া পাঠ্যপুথি , বিনামুলীয়া ইউনিফৰ্ম , নামভৰ্তী মাচুল বিলোপ  স্বত্তেও চৰকাৰী স্কুলত ছাত্ৰ – ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিবৰ্তে হ্ৰাস পাবলৈহে ধৰিছে । দুখীয়া আৰু অতি নিম্ন মধ্যবিত্ত অভিভাবকেও নিজৰ গাঁঠিৰ ধন ভাঙি বেচৰকাৰী স্কুলত নিজৰ সন্তানক পঢ়ুৱাই । চৰকাৰ , ৰাজনৈতিক দল , ছাত্ৰ সন্থা , শিক্ষক , অভিভাবক , সমাজ , শিক্ষাবিভাগৰ কৰ্মচাৰী এই সমুহৰ কৰ্মফল আজিৰ ৰাজহুৱা খণ্ডৰ শিক্ষাৰ অবস্থা । কিন্তু ডাঙৰ কথাটো হ’ল বৰ্তমান সময়ত চৰকাৰী স্কুলত পঢ়ি থকা ছাত্ৰ – ছাত্ৰীৰ ভৱিষ্যত কি হ’ব  ? ১০ – ১৫ বছৰ পিছত এইসকলে নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰিবনে ?
চৰকাৰী শিক্ষানীতিৰ ফচল , বৰ্তমানৰ কমেও ৬০% ছাত্ৰ – ছাত্ৰীয়ে  আগন্তুক সময়ত যদি সমাজৰ মুলসুঁতীৰ পৰা নিজকে আওঁহতীয়া অনুভৱ কৰে তেন্তে তাৰ দায়িত্ব কোনে ল’ব ? উচ্ছৃখল বা বিচ্ছৃখল শব্দবোৰেই শেষ আশ্ৰয় হ’ব নেকি ? ৰতন টাটাৰ টাটা কোম্পানীৰ নেন’ গাড়ীৰ মাৰ্কেটিং বিফল আছিল । কাৰণ নেন’ মানেই দুখীয়াৰ বাহন বুলি মানুহৰ মনত চাপ পৰিছিল । সেই ফলশ্ৰুতিতেই পিছলৈ টাটাই নেন’ গাড়ীৰ উৎপাদন ২০১৮ চনৰ মে’ মাহত  বন্ধ কৰিব লগা হ’ল ।
চহৰাঞ্চলৰ বহু অভিভাবকে দুপৰীয়াৰ মধ্যাহ্নভোজনৰ বাবে নিজৰ সন্তানক চৰকাৰী স্কুলত নপঠায় । দক্ষ মন্ত্ৰী , দক্ষ চৰকাৰ , দক্ষ বিষয়া  থকা স্বত্তেও একমাত্ৰ সদিচ্ছাৰ অভাবতেই চৰকাৰী স্কুলে আসন্ন মৃত্যুৰ ক্ষণ গণি আছে । য’ত শিক্ষক আছে ছাত্ৰ নাই আৰু য’ত ছাত্ৰ আছে শিক্ষক নাই । মুঠৰ ওপৰত অমিল অংক । দৰমহাৰ বিল পাছ  , নিয়মীয়াকৰণ , ঠিকাভিত্তিক ,  ভেঞ্চাৰ , প্ৰাদেশীকৰণ , হাকিম লৰিলে হুকুম লৰা আদি এশটা সমস্যাত শিক্ষা জগত ককবকাই আছে । তথাপি মন্ত্ৰী ,  বিষয়া , সমাজসেৱী আদি বিভিন্ন ব্যক্তি সকলৰ সম্বৰ্ধণা ল’বলৈ সময় নাই । কেজিত বিক্ৰি হয় গামোচা । ছিৰিয়া , লেবাননৰ পৰা গৃহহীন হোৱা  হাজাৰ হাজাৰ মানুহক আশ্ৰয় দিছে ইটালী ,ফ্ৰান্স ,জাৰ্মানী আদি ৰাষ্ট্ৰবোৰে । একমাত্ৰ উদ্দেশ্য হ’ল কম খৰছৰ শ্ৰমিক মোতায়ন কৰা । একদৰে বহুতে ক’ব খোজাৰ দৰেই ভাৰতবৰ্ষটো আগন্তুক সময়ত শ্ৰমিকৰ চাহিদা পুৰণ কৰিবলৈ  চৰকাৰী স্কুলক আজিৰ অৱস্থাটোলৈ অনা হৈছে নেকি ?