চৰকাৰৰ বান সাহায্যকলৈ ৭৩% লোক সুখী

362

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবছৰৰ প্ৰলয়ংকাৰী বানত ৰাইজক সাহায্য দিয়াত কিমান সফল তাক আমি জানিব বিচাৰিছিলো। চৰকাৰক ১ৰ পৰা দহৰ ভিতৰত নম্বৰ দিয়াৰ সুযোগ আছিল। ১ জুলাইৰ পৰা ২০ জুলাইলৈ চলা আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনেধৰণৰঃ

৯ৰ পৰা ১০ – ২৭.৩%
৬ৰ পৰা ৮ – ৪৫.৫%
৪ৰ পৰা ৫- ১৮.২%
৩তকৈ কম – ৯.১%

দেখা যায় যে প্ৰায় ৭৩% লোকে চৰকাৰখনক ৬ বা তাতকৈ অধিক নম্বৰ দিছে। ৯ ৰ পৰা ১০ দিয়া লোক ২৭.৩%। বহু বছৰৰ মুৰত এনে বিধ্বংসী বান অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। লাখ লাখ মানুহ আক্ৰান্ত হোৱা লোকক বান সাহায্য দিবৰ বাবে প্ৰয়োজন আছিল এখন কৰ্মঠ চৰকাৰৰ। আমি ফিল্ডত গৈও দেখিছো যে ৰাইজে সময়মতে সাহায্য লাভ কৰিছে। সামগ্ৰিক ভাবে ৰাইজে বান সাহায্য বিতৰণৰ ক্ষেত্রত চৰকাৰক সাধুবাদ দিছে।