ছোনীয়া গান্ধী, পশুপতি নাথ কাণ্ড আৰু নেপাল – ভাৰত সম্পৰ্ক

1550
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ডিচেম্বৰ ১৯৮৮ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ নেপাল ভ্ৰমণ  ,  লগত পত্নী ছোনিয়া গান্ধী  । ৰাজীৱ গান্ধীৰ ভ্ৰমণ  কালছোৱাত  পশুপতি নাথ মন্দিৰ দৰ্শনৰ কাৰ্য্যসুচী হাতত লোৱা হৈছিল ।  কিন্তু মন্দিৰ সমিতিয়ে নেপাল চৰকাৰক জনায় যে ৰাজীৱ গান্ধীৰ পত্নী ছোনীয়া গান্ধীক  মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব । কাৰণ এই মন্দিৰত অহিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহয়, যিটো পৰম্পৰা তাহানিৰে পৰা চলি আহিছে । সমগ্ৰ পৃথিৱীৰ লাখ লাখ পৰ্য্যটক আহে যদিও নেপালৰ পশুপতিনাথ মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয় । কিন্তু গান্ধী এই কথাত ক্ৰোধিত হৈ পৰে  । ১৯৮৯ চনত নেপালৰ বিৰুদ্ধে ৰাজীৱ গান্ধী চৰকাৰে  অৰ্থনৈতিক অৱৰোধ কৰে আৰু সীমা ছিল  কৰি দিয়ে ।  অত্যাৱশ্যকীয় সামগ্ৰী ভাৰতৰ পৰা ৰপ্তানি হোৱা সম্পূৰ্ণ বন্ধ হৈ যায় ।  নেপালৰ আভ্যন্তৰীণ বিষয়ত প্ৰত্যক্ষ হস্তক্ষেপৰ পৰিণাম স্বৰূপে  নেপালৰ  শাসকে  ভাৱে চীনৰ শৰণ লৈছিল ।
পুৰ্বৰ ইন্দিৰা গান্ধী চৰকাৰৰ নীতি কিন্তু নেপালৰ ৰজাৰ সপক্ষে আছিল , ইয়াৰ বিপৰীতে  ৰাজীৱ গান্ধীয়ে নেপালৰ ৰজাক ঘৃণা কৰিছিল । নেপালৰ মাওবাদী  উগ্ৰপন্থী নেতা পুষ্প কমল দহল ওৰফে প্ৰচণ্ড আৰু বাওঁপন্থী ৰাজনৈতিক গোট সমুহক ঐক্যবদ্ধ হৈ ৰজাৰ  শাসনক উফৰাই পেলাবলৈ অভিযান চলায় । এই অভিযানত ৰাজীৱ গান্ধীৰ ভুমিকাক লৈ বিভিন্ন মহলত চৰ্চা হৈছিল  । তাৰ পৰিমাণ ১৯৯১ চনত বামপন্থী দল নেপালত  শক্তিশালী বিপক্ষ হিচাপে থিয় দিয়ে আৰু ১৯৯৪ চনত সকলোতকৈ শক্তিশালী দল হিচাপে সংসদ দখল কৰাই নহয় নেপালৰ ক্ষমতা হস্তগত কৰে ।
লগে লগে ৰাজনৈতিক ভাৱে মাওবাদী সংগঠন সমুহো সক্ৰিয় হৈ উঠে ।   আজিৰ অৱস্থা এনে যে নেপালৰ ২৭৫ সংসদীয় সদস্যৰ সংসদত ১৭৪ জন সদস্যৰে সংখ্যাগৰিষ্ঠ নেপাল কমিউনিষ্ট পাৰ্টি ক্ষমতাধীন ।
পশুপতিনাথ মন্দিৰত ছোনিয়া গান্ধীক সোমাবলৈ নিদিয়া ঘটনাৰ পিছতেই ৰাজীৱ গান্ধী চৰকাৰে নেপালৰ ৰজাৰ শাসন বিৰোধী কৰ্মসূচীত বাওঁপন্থীক সহায় কৰাৰ পৰা আৰম্ভ হোৱা প্ৰতিটো কূটনৈতিক সিদ্ধান্তৰ পিছত আজি ভাৰত – নেপাল সম্পৰ্কই মানচিত্ৰ বিবাদ লৈ ৰূপান্তৰ হ’ল ।  অৱশ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নেপাল আৰু ভাৰতৰ সম্পৰ্ক যে যুগ যুগ ধৰি বৰ্তী থকা সম্পৰ্ক সেই  কথা দুয়োখন দেশে বুজিবলৈ এলানি কাৰ্যসূচীও লৈছিল । ৰাম জন্ম ভুমি অযোধ্যা আৰু সীতাৰ পিতৃগৃহ নেপালৰ  জনকপুৰক ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰিছে ।  চীনে তীব্বত আক্ৰমণ কৰাৰ পিছত , যিখন নেপালে চীনৰ পৰা ৰক্ষা পাবলৈ ১৯৫০ চনত ভাৰতৰ লগত  মিত্ৰতাৰ চুক্তি কৰিছিল সেই নেপালৰ আজিৰ চৰকাৰ চীনৰ কাষ চপাটো ভাৰতৰ কাৰণে চিন্তাৰ বিষয় আৰু কূটনৈতিক  বিফলতা বুলিবও পাৰি । নৰেন্দ্ৰ মোদী চৰকাৰে বিগত ৭০ বছৰৰ বিফলতাক আগন্তুক চাৰি বছৰত কেনেদৰে মোকাবিলা কৰে সেয়া সময়ে বিচাৰ কৰিব ।