ছোৱালীলৈ সোণ.. চৰকাৰ, বিৰোধী আৰু হিন্দু

2056
‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এইবাৰৰ বাজেটত সকলোতকৈ বেছি চৰ্চিত বিষয় হৈছে সোণ আৰু এক টকাত চাউল । চাউলক লৈ বিশেষ বিতৰ্ক হোৱা নাই যদিও সোণক লৈ বিশেষ চৰ্চা আৰম্ভ হৈছে । একাংশ নেতা বা তথাকথিত  সমাজসেৱীয়ে  চৰকাৰ আচঁনিটোক লৈ ঠাট্টা মষ্কৰা আৰম্ভ কৰিছে । এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব যে বিৰোধী দলৰ সমালোচনাক বিশেষ গুৰুত্ব আমি দিয়া নাই । কাৰণ বিৰোধীত যি দলেই নাথাকক বাজেট দাখিল কৰাৰ পিছত কেতিয়াও ভাল বুলি প্ৰতিক্ৰিয়া নিদিয়ে । আজি বিজেপি দল চৰকাৰত আছে , সেয়ে কংগ্ৰেছে বাজেট খনক সমালোচনা কৰিছে ; ইয়াৰ আগতে কংগ্ৰেছ চৰকাৰত থাকোতেও বিজেপি বা আন দলে সমালোচনা কৰিছিল । কিন্তু সাধাৰণ ৰাইজে নিজৰ কাৰণে ভাল বেয়াটো বিচাৰ কৰিব জানে । পুনৰ আহিছো সোণৰ প্ৰসংগলৈ । চৰকাৰৰ আচঁনি মতে সোণ কোনে পাব ? ছোৱালীৰ বিবাহত চৰকাৰে এক টোলা সোণৰ মুল্য দিব , যিবিলাক পৰিয়ালৰ বছেৰেকীয়া আয় ৫ লাখৰ উৰ্ধত নহয় আৰু লগতে বিবাহ কাৰ্য্যত স্ত্ৰী ধন দিয়াৰ পৰম্পৰা থাকিব লাগিব । অৰ্থাৎ ৫ লাখৰ বেছি আয়ৰ পৰিয়াল আৰু স্ত্ৰী ধনৰ পৰম্পৰা নথকা পৰিয়ালে চৰকাৰৰ পৰা এই সুবিধা ল’ব নোৱাৰে । সোণৰ এই আচঁনিটোক বহুতে ইতিকিং কৰিছে আৰু যৌতুকৰ সৈতে তুলনা কৰিছে । এচামে আকৌ এই আচঁনিক  নাৰীৰ প্ৰতি অপমান বুলি চৰকাৰক ধিক্কাৰ দিছে । এই আচঁনিটোক সমালোচনা কৰা মানুহখিনি দুটা ভাগত বিভক্ত । এচামে গোপন উদ্দেশ্য ৰাখি এই আচঁনিক সমালোচনা কৰিছে আৰু আন চামে তথ্যৰ অভাবত সমালোচনা কৰিছে । যিখিনিয়ে উদ্দেশ্য প্ৰণোদিত ভাবে সমালোচনা কৰিছে সেই চামক লৈ আমি আলোচনা কৰাৰ পৰা বিৰত থাকিলো ।
মূল বিষয়টো হৈছে স্ত্ৰীধন । ছোৱালী সন্তানৰ বিবাহ কৰ্মত স্ত্ৰী ধন কি ?
ইয়াৰ বাবে সৰল ভাষাত ভাৰতীয় পৰম্পৰাৰ বিবাহ বৰ্ণনা থকা কৌটিল্যৰ অৰ্থশাস্ত্ৰ খন উল্লেখ কৰিব লাগিব । কৌটিল্যৰ অৰ্থশাস্ত্ৰ হৈছে ভাৰত আৰু ভাৰতীয় সংস্কৃতিৰ ঔৰসত জন্ম লোৱা অৰ্থনীতি আৰু ৰাজনীতিৰ এখন ভিত্তি গ্ৰন্থ । কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ ৩য় অভিকৰণৰ দ্বিতীয় অধ্যায়ৰ ৯৫ তম প্ৰকৰণত উল্লেখ থকা মতে স্ত্ৰীধন দুই প্ৰকাৰ ১/ বৃত্তি __ অৰ্থাৎ ভৰণ পোষণৰ অৰ্থে দিয়া মাটি বাৰী , টকা পইচা  আৰু ২/ আবণ্ধ্য __ অৰ্থাৎ অলঙ্কাৰ – পাতি ।
বৃত্তিৰূপ স্ত্ৰীধনৰ পৰিমাণৰ সীমা নিৰ্ধাৰণ কৰা থাকে ; কিন্তু আবণ্ধ্যৰূপ স্ত্ৰীধনৰ কোনো নিৰ্দিষ্ট পৰিমাণ নাই ।
কোনো ছোৱালীয়ে বিবাহৰ সময়ত লাভ কৰা স্ত্ৰীধন তেওঁ পিছলৈ পুতেক – বোৱাৰীয়েকৰ ভৰণ পোষণৰ অৰ্থে যদি খৰছ কৰে বা স্বামী প্ৰবাসত থাকিলে নিজৰ ভৰণ পোষণৰ কাৰণে খৰছ কৰে তেন্তে সেই কাৰ্য্য দোষ হিচাপে ধৰা নহয় । বিপদ বিঘিনি , দুৰ্ভিক্ষ , বেমাৰ  আদি সংকটৰ সময়ত স্বামীয়ে যদি স্ত্ৰীধন খৰছ কৰে তেন্তে স্বামীৰো কোনো দোষ নহয় । দুটা সন্তানৰ জন্মৰ পিছতহে স্বামী আৰু তেওঁৰ পত্নীয়ে উভয়ে মিলি স্ত্ৰীধন খৰছ কৰিব পাৰে । গান্ধৰ্ব-বিবাহ আৰু আসুৰ বিবাহ কাৰ্য্যৰ ক্ষেত্ৰত স্বামীয়ে যদি স্ত্ৰীধন খৰছ কৰে তেন্তে সুতেৰে সৈতে স্ত্ৰী ধন ওভতাই দিব লাগিব ; অন্যহাতে ৰাক্ষস আৰু পৈশাচ বিবাহৰ ক্ষেত্ৰত স্বামীয়ে স্ত্ৰীধন খৰছ কৰিলে, স্বামীয়ে চোৰ – ডকাইতে লাভ কৰা সমকক্ষ দন্দৰে দণ্ডিত হ’ব ।
যদি স্বামী জীয়াই থাকোতে পত্নীৰ মৃত্যু হয় তেন্তে স্ত্ৰীধনৰ গৰাকী হ’ব তেওঁলোকৰ পুত্ৰ সন্তান । পুত্ৰ সন্তান নেথাকিলে ছোৱালীয়ে স্ত্ৰীধনৰ গৰাকী হ’ব আৰু যদি সন্তান নাথাকে তেতিয়াহে স্ত্ৰীধন স্বামীয়ে খৰছ কৰিব পাৰে ।
এইবাৰ আহিছো ভাৰতবৰ্ষত প্ৰচলিত সংবিধান আৰু আইনী ব্যৱস্থাটোলৈ । সংবিধানৰ হিন্দু বৈবাহিক বিধিত স্ত্ৰীধন সম্পৰ্কে স্পষ্ট ভাবে বৰ্ণনা আছে । সেইমতে _________
 “Section 14 of The Hindu Succession Act, 1956 clearly outlines that the property acquired by a female Hindu to be her absolute property, and therefore her Stridhan.”
‘ অৰুন্ধতী আচঁনি ‘ যি দলৰ  চৰকাৰেই বাজেটক নাৰাখক বা যি দলেই বিৰোধ নকৰক সেইবিলাক ইচ্ছ্যু নিম্ন মধ্যবিত্ত অসমীয়া সমাজখনৰ কাৰণে গুৰুত্বহীন । গুৰুত্ব এইখিনিতেই যে ছোৱালীৰ বিবাহ কাৰ্য্যৰ সময়ত ছোৱালীৰ একাংশ পৰিয়ালৰ অলপ হ’লেও বোজা কমিব । আমি আগতেই কৈছো প্ৰমাণ অবিহনে কাৰো যুক্তিক খণ্ডন নকৰো । কিন্তু বিধান সভাৰ বাহিৰত বিধায়ক আব্দুল খালেকে আচঁনিখনক যৌতুক প্ৰথাক উৎসাহ যোগাব বুলি দিয়া মন্তব্যৰ ভিতৰৰ কাহিনী  সাধাৰণ ৰাইজে বিচাৰ কৰিব ( স্ত্ৰীধনৰ বিষয়ে তথ্য লোৱাৰ পিছত) ;  আনহাতে উচ্চ মধ্যবিত্ত, আভিজাত্য বুদ্ধিজীবী বা ৬০ হাজাৰ টকা চাকৰি পেঞ্চন পোৱাৰ লগতে সাহিত্যিক পেঞ্চনো পোৱা সকলৰ কাৰণে হয়টো এক তোলা সোণ এপাচি শাকত এটা জলকীয়া  , কিন্তু নিম্ন মধ্যবিত্তৰ কাৰণে আৰ্থিক আৰু মানসিক সকাহ । তিনি তালাকক লৈ যিসকল ৰাজনৈতিক নেতা বা সমাজসেৱীয়ে মৌণতা অৱলম্বন কৰে সেইসকল ব্যক্তি অধিক প্ৰতিবাদী হৈ উঠিছে ‘ অৰুন্ধতী আচঁনি ‘ ৰ বিৰুদ্ধে ; হয়টো আচঁনীটোৱে খ্ৰীষ্টান ধৰৰ্মালম্বী অসমীয়া আৰু ইছলাম ধৰ্মী অসমীয়া সকলক সাঙুৰী নল’ব বুলি প্ৰতিবাদ কৰিছে । কিন্তু বহু বছৰ আগৰ পৰা অৰম্ভ কৰি এই বছৰৰ বাজেট খনলৈ যিবিলাক আচঁনি অকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীৰ কাৰণে ৰূপায়ন হৈ আছে , সেই বিলাকৰ কাৰণে ৰাজনেতা বা বুদ্ধিজীৱী সকল সদায় মৌণ ।সদৌ শেষত বিচাৰ ৰাইজৰ ।