জনতাই জৱাব বিচাৰিব একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা

946
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


শিক্ষা  আৰু স্বাস্থ্য এই দুটাৰ বিভাগৰ কাম কাজৰ ওপৰত নিৰ্ভৰ কৰে এটা অঞ্চল বা এখন ৰাজ্যৰ ভৱিষ্যত । বিগত প্ৰায়  এটা দশকৰ সৰহ সংখ্যক সময় এই দুটা বিভাগৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা । আজি যিসকল ব্যক্তিৰ বয়স ৭০ বছৰ তেখেত সকলে স্কুলত থাকোতে পঢ়িছিল যে অসমৰ চিকিৎসা মহাবিদ্যালয় তিনিখন আৰু এইখিনি মানুহৰ সন্তান যাৰ বয়স হয়টো ৪০ -৪৫ বছৰ হব তেওঁলোকেও স্কুলত পঢ়িছিল অসমৰ চিকিৎসা মহাবিদ্যালয় তিনিখন । আজি যিসকল যুবকৰ বয়স ২৫ -৩০ বছৰ তেওঁলোকেও লেখিছিল যে অসমৰ চিকিৎসা মহাবিদ্যালয় তিনিখন । এতিয়া যদি আমি ক্লাচ চেভেন বা চিক্সৰ ছাত্ৰ এজনক অসমৰ মেডিকেল কলেজ কেইখনৰ নাম সোধা যায় তেন্তে ছাত্ৰ জনে সহজে উত্তৰটো দিব নোৱাৰে । ছাত্ৰ এজনৰ কথা যেনিবা বাদেই দিলোঁ , অসাধাৰণ সাংবাদিক এজনেও  হয়টো কব নোৱাৰিব । যিখিনি সময়ত নতুন নতুন হস্পিতল বনাই থকা হৈছিল তেতিয়া বাওঁপন্থীৰ ভেশচনকাৰী মৌলবাদী চৰিত্ৰৰ ব্যক্তি আৰু সংগঠনে এই নিৰ্মাণকাৰ্য্যক দালালি আখ্যা দিছিল । ডাক্তৰ নাথাকিলে হস্পিতল বনাই কি লাভ হব প্ৰশ্ন কৰিছিল । হয়টো তেওঁলোকে ভাবিছিল যে মাদ্ৰাছা শিক্ষাৰ পৰাই ডাক্তৰ জন্ম হব । যোৱা দহ বছৰত অসমত ভালে কেইখন নতুন হস্পিতল বনোৱা হ’ল আৰু তাৰেই ফলশ্ৰুতিত আজি কভিদৰ সময়ত হস্পিতল সমুহ ত্ৰাণকৰ্তা হিচাপে দেখা দিছে । যোৱা বছৰ কভিদৰ সময়ত একাংশ বাওঁপন্থী বুদ্ধিজীবী আৰু তবলিগি জামাত সমৰ্থক শিক্ষাবিদ আৰু বিশেষকৈ এজন ডাক্তৰ ( সত্যকাম ফুকন) এ কভিদ নিয়ন্ত্ৰণৰ নামত বিজেপি চৰকাৰে নাটক কৰা বুলি সমালোচনা কৰিছিল । ঘৰত থাকিলেই বেমাৰ ভাল হৈ যায় , কিন্তু হিমন্ত বিশ্ব শৰ্মাই অজথা আইচোলেচন চেন্টাৰ আৰু কভিদ হস্পিতল বনাই ৰাজ কোষ উদং কৰিছে বুলি কটাক্ষ কৰা সেই চাম ব্যক্তি এতিয়া পুনৰ চৰকাৰৰ সমালোচনাত মুখৰ । এইবাৰ তেওঁলোকে কৈছে যে ঘৰত কিয় মানুহক ৰখা হৈছে ?  মুল বিষয়টো আচলতে কভিদ নহয় । মুল বিষয়টো হৈছে বিজেপি অস্পৃশ্য তেওঁলোকৰ কাৰণে । শংকৰ- মাধবৰ মাধবক কাটি নি শংকৰ -আজান কৰি তেওঁলোক ক্ষান্ত হৈ থাকিব পৰা নাই । শংকৰৰ ঠাইত চান্দ খাঁক বহুৱাই চান্দ খাঁ- আজানৰ দেশ কৰাৰ নিপুন পৰিকল্পনাক হিমন্ত বিশ্ব শৰ্মাই পানী কৰা বাবেই গণ্ডগোল । বৰ্তমান চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু আৰু স্বাস্থ্যৰ দায়িত্বত কেশব মহন্ত ।  কিন্তু কথা হ’ল ৫ বছৰ পিছত বিজেপি মিত্ৰজোঁটৰ ভোটাৰে কামৰ খতিয়ান বিচাৰিব মুখ্যমন্ত্ৰীৰ পৰা । ৰাস্তা – ঘাট, হস্পিতল , স্কুল , মথাউৰি সকলোৰে খতিয়ান দিব লাগিব হিমন্ত বিশ্ব শৰ্মাই । পুৰ্বৰ চৰকাৰৰ সময়ত সৰ্বানন্দ সোণোৱালক মানুহে নৈতিকতাৰ জ্ঞান দিয়া শান্ত সৌম্য ব্যক্তি হিচাপে ধাৰণা ৰাখিছিল ।ৰাইজৰ এক্সপেক্টটেচন সোণোৱালৰ প্ৰতি যি আছিল , সেইয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগত নিমিলে ।  যোৱা ৫ বছৰতো কেব আন্দোলনেই হওক বা কভিদেই হওক সাংবাদিক আৰু ৰাইজৰ সন্মুখত মন্তব্য ৰাখিছিল হিমন্ত  বিশ্ব শৰ্মাই ।  বংগ ,দিল্লীত কোন স্বাস্থ্য মন্ত্ৰী সেইয়া ভাৰতৰ ১% মানুহৰো জ্ঞাত নহয় । জনতাই চিনি পাই মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালক । অসমতো কোনে স্বাস্থ্যৰ দায়িত্ব লৈছে বা শিক্ষাৰ বা জলসম্পদৰ সেইয়া বিচাৰ্য্য নহয় । জনতাই জৱাব বিচাৰিব হিমন্ত বিশ্ব শৰ্মাৰ পৰা ।