জনপ্ৰিয়তাৰ শীৰ্ষত মুখ্যমন্ত্রী

1190
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ৰাস্তাই ঘাতে, বজাৰে দোকানে, সভাই সমিতিয়ে সকলোতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰ্চা। যোৱা ৩০ বছৰ ধৰি অসমৰ ৰাজনীতি প্ৰত্যক্ষ কৰি আহিছো কিন্তু কোনো এজন মুখ্যমন্ত্রীৰে জনপ্ৰিয়তা অসমৰ মূলসুতিৰ মানুহৰ মাজত ইমান দেখা নাছিলো। ইয়াৰ আগতেও স্বাস্থ্য, শিক্ষা বা বিত্ত মন্ত্রী ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ পাৰদৰ্শিতা ৰাইজে দেখিছে। কিন্ত সকলো জানি শুনিও কিছুমান মানুহে হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ কৃতিত্ব দিব বিচৰা নাছিল। কংগ্ৰেছী সকলে কব খোজে যে স্বাস্হ্য আৰু শিক্ষা বিভাগৰ সংস্কাৰ তৰুণ গগৈ মুখ্যমন্ত্রী থকা বাবে হৈছিল। সেইসময়ত ৰাজহ বা কৃষি বিভাগৰ সংস্কাৰ কিয় হোৱা নাছিল বুলি প্ৰশ্ন কৰিলে তেওঁলোকৰ কোনো উত্তৰ নাথাকে। যোৱা ৫ বছৰো শৰ্মাৰ কামৰ কৃতিত্ব বহুখিনি আদায় কৰিলে সৰ্বানন্দ সোণোৱালে। কিন্ত এইবাৰ কাৰো হাতত কোনো অজুহাত নাই। মুখ্যমন্ত্রীৰ বিৰুদ্ধে একো কবলৈ নাপাই শেষত বিৰোধীয়ে এটা নতুন শব্দৰে তেখেতক সম্বোধন কৰিবলৈ আৰাম্ভ কৰিছে। বিৰোধীৰ মতে শৰ্মা হ’ল চুপাৰ চি.এম বা একনায়কত্ববাদী। যোৱা চাৰিমাহত ড° শৰ্মাই যিখিনি কাম কৰিবলৈ সাহস কৰিছে তাক যদি কোনোবাই একনায়কত্ববাদ বুলি কয় তেন্তে অসমৰ মানুহে বিচাৰিব এনে একনায়কত্ববাদ অসমত চিৰকাল চলি থাকক। আন্না হাজাৰে যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিছিল তেতিয়া প্ৰয়াত তৰুণ গগৈদেৱে ধেমেলীয়া সুৰত কৈছিল_ ময়ো মাটিৰ কাম কৰিলে মণ্ডলক চাহ খাবলৈ টকা দিব লাগে। আমি দেখা হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল কোনো এজনে সাধাৰণ মানুহৰ দুখ দুৰ্দশা বুজি পাবলৈ চেষ্টা নকৰিলে। সাধাৰণ মানুহ এজন প্ৰতি পদে ঘাত-প্ৰতিঘাতৰ সন্মুখিন হয়। পুলিছ ষ্টেছন,চক্ৰ বিষয়া, ডিটিও,পেনছন, চাকৰি সকলোতে দুৰ্নীতিৰ পোহাৰ। আজিলৈকে কোনো এজন মুখ্যমন্ত্রীয়ে আন্তৰিকতাৰে এই সমস্যা বিলাক সমাধানত গুৰুত্ব আৰোপ কৰা দেখা নগ’ল। বৰং সাংবাদিকে প্ৰশ্ন কৰিলে হাঁহি ধেমালিৰে উৰুৱাই দিয়াৰ এটা প্ৰবনতা সৃষ্টি হ’ল। মই নিজে ড্ৰাইভিং লাইচেন্সৰ ৰিনিউ কৰাৰ বাবে তিনিদিন ডিটিঅ’ অফিচলৈ দৌৰিব লগা হৈছিল। ডিটিঅ’ জনে অফিছত থাকি ভালেই নাপায়। যোৱা চাৰিমাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাধাৰণ মানুহক সকাহ দিয়াৰ বাবে যি চেষ্টা চলাই আছে তাক সকলোৱে সাধুবাদ দিছে। ৰাইজে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে এতিয়াৰ পৰা টকা নিদিয়াকৈ তেওঁলোকৰ কাম বিলাক সমাধা হ’ব। হাতৰ পাছটা আঙুলি সমান নহয়। মন্ত্রীসভাৰ সকলো মন্ত্রী পাৰদৰ্শী হ’ব বুলি আশা কৰা অবাস্তব। বিশেষকৈ আমাৰ দেশত যত সকলো জাতি- জনজাতিৰ পৰা প্ৰতিনিধিত্ব দিব লাগে। সেয়হে মুখ্যমন্ত্রীয়ে যদি মন্ত্রীসকলক মাইক্ৰ মেনেজ কৰে তেন্তে আপত্তি কিহৰ? আমাৰ লক্ষ্য কেবল ফলাফলৰ ওপৰত। যদি output ঠিকে ঠাকে ওলায় তেন্তে কোনে কি বিষয়ত কৃতিত্ব পাইছে সেয়া ৰাইজৰ বিচাৰ্য বিষয় নহয়। যোৱা চাৰিমাহত চৰকাৰখনে যেনেধৰণে কাম কৰিছে, আগন্তুক চাৰে চাৰি বছৰত যদি তেনেকৈ চলে তেন্তে অসমৰ চেহেৰাই সলনি হৈ যাব। দৈনন্দিন জীবনত ৰাইজক দুৰ্নীতিৰ নাগপাশৰ পৰা মুক্ত কৰাৰ উপৰিও ড° শৰ্মাৰ পৰা ৰাইজে বিদেশী সমস্যা সমাধান কৰাটো আশা কৰে। যি ধৰণে বৰ্তমান চৰকাৰী ভূমিৰ বেদখল মুক্ত কৰি আছে তাকে দেখি ৰাইজৰ মনত আশাৰ সঞ্চাৰ ঘটিছে। ৮৩ৰ পৰা চলি থকা বিদেশী আন্দোলনৰ সফল সমাপ্তি ঘটোৱাৰ কৌশল আছে একমাত্র শৰ্মাৰ হাতত। সেয়েহে ৰাইজে আশাৰে বাট চাইছে।