জনসংখ্যা নীতি :বালো-গালো;সকলো খোলাকটিৰ তাল ?

1437
  • বিশ্বজিত নাথ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে শাসনভাৰ লোৱাৰ পিছৰে পৰা দেশৰ ৰাষ্ট্ৰবাদী মানুহখিনিৰ মোডী ডাঙৰীয়াৰ ওপৰত আশা-আকাংক্ষা বাঢ়ি যাবলৈ ধৰিলে। জন্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰিলে। ৰামমন্দিৰৰ ঐতিহাসিক ৰায়দান। এতিয়া শেহতীয়াকৈ কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন দেশজুৰি প্ৰণয়ন কৰাৰ ব্যাপক দাবী উত্থাপন হৈছে। সমান্তৰালকৈ দুটা সন্তান নীতি(Two Child Policy) প্ৰযোজ্য কৰাৰ কথাও আলোচিত হৈছে। কিন্তু এই আলোচনা কিমান বাস্তৱ সন্মত? ভাৰতবৰ্ষত ব্যাপক জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহৰ বিজ্ঞানসন্মত আলোচনা আৰু তৰ্ক-বিতৰ্ক হৈছেনে? সেয়ে এই সন্দৰ্ভত এক আলোচনা কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ।
  হয় জনসংখ্যা নিয়ন্ত্ৰণ হ’ব লাগে। দুটা সন্তান নীতি দেশজুৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰযোজ্য হোৱা উচিত। কিন্তু ইয়াৰ ভিত্তি কি? এটা পৰিয়ালৰ দুটা সন্তান। It’s OK.ভাল কথা। কিন্তু এজন পুৰুষক লৈ নে এগৰাকী মহিলাকলৈ?এই সন্দৰ্ভত আমাৰ আৰু চৰকাৰৰ স্থিতি কি? যদিহে এগৰাকী মহিলাৰ দুটাতকৈ অধিক সন্তান থাকিলে তেওঁ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব। তেন্তে এজন পুৰুষে প্ৰতি দুবছৰ-তিনিবছৰৰ মূৰে মূৰে এগৰাকী মহিলাক বিয়া পাতি দুটাকৈ সন্তান জন্ম দি বিবাহ বিচ্ছেদ কৰে। আকৌ সেই পুৰুষজনে আন এগৰাকী মহিলাক বিয়া পাতি আকৌ দুটা সন্তান জন্ম দিয়ে তেতিয়া তেওঁৰ বৰ্তমানৰ পৰিয়ালটোহে তেওঁৰ বৈধ পৰিয়াল হ’ব আৰু বৰ্তমানৰ পৰিয়ালটোহে চৰকাৰী ভাবে Accountable হ’ব। তেনেক্ষেত্ৰত হাজাৰ জন্ম নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিও এই জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কৰা সম্ভব নহয়। ইয়াৰ বাবে প্ৰথমতেই বহু-বিবাহ (Multiple Marriage) প্ৰথা বন্ধ হ’ব লাগিব। যিহেতু Muslim Personal Law Board অনুসৰি এজন পুৰুষে নিজৰ পত্নী থকাৰ পিছতো কোনো ধৰণৰ বিবাহ বিচ্ছেদ নকৰাকৈ চাৰি গৰাকীলৈ বিয়া পাতিব পৰাটো বৈধ তেনেক্ষেত্ৰত তেওঁলোকে চাৰি গৰাকী মহিলা বিয়া কৰাই সৰ্বোচ্চ আঠটাকৈ সন্তান জন্ম দিব পাৰে তেন্তে তেওঁলোকৰ ক্ষেত্ৰত এই জনসংখ্যা নিয়ন্ত্ৰণ আইনখন এক অৰ্থহীন বাগাড়াম্বৰত পৰিণত হ’ব। ইয়াৰোপৰি যদিহে এই পৰিয়াল পৰিকল্পনা ব্যৱস্থাটো সম্পূৰ্ণ ধৰ্মীয় এজেণ্ডা ভিত্তিক আৰু বুজাবুজিৰ চুক্তি অনুসৰি হৈ তেতিয়া?
   উদাহৰণস্বৰূপে মোৰ প্ৰথম পত্নীৰ যোগেদি মোৰ দুটা সন্তান। মই মোৰ প্ৰথম পত্নীক বুজালো যে সন্তান উৎপাদন কৰাটো ঈশ্বৰৰ ইচ্ছা। আমি যিমান সন্তান জন্ম দিম আমাৰ সিমান পূণ্য হ’ব। সন্তান অধিক জন্ম দিয়াটো আমাৰ ধৰ্মীয় এজেণ্ডা। মই প্ৰথমা পত্নীক বুজাই-বঢ়াই আৰু ভৱিষ্যতে ভৰণ-পোষণ কৰিম বুলি আকৌ দ্বিতীয় বিবাহ কৰালো। এই দ্বিতীয় বিবাহ কৰিও মোৰ আকৌ দুটা সন্তান। সেই একেটা সূত্ৰত মোৰ জৈৱিক তাড়না থকালৈকে মই পোন্ধৰ-বিশ গৰাকী বিয়া পাতি প্ৰায় ৮০-৯০ টা সন্তানৰ পিতৃ হলো। কিন্তু চৰকাৰী ভাবে Accountable হ’ব কেৱল মোৰ শেষৰ পত্নী গৰাকী আৰু সন্তান কেইটা। তেনেক্ষেত্ৰত মোৰ পূৰ্বৰ পত্নী কেইগৰাকীৰো বিবাহ বিচ্ছেদ হোৱাৰ বাবে মোৰ লগত কোনো Legal bindings নাথাকিব। ইফালে মোৰ প্ৰতিগৰাকী প্ৰাক্তন পত্নীয়ে দুই সন্তানৰ লগত স্বতন্ত্ৰ পৰিয়াল হিচাবে বাস কৰিব পাৰিব।আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ বাবে চৰকাৰে প্ৰদান কৰা সকলো সা-সুবিধাও লাভ কৰি থাকিব।সেয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ লগতে এই বহু বিবাহ(Multiple Marriage) বন্ধ হ’ব লাগিব। এটা পৰিয়াল Accountable কেৱল মহিলাক লৈ নহয়;পুৰুষক লৈয়া হ’ব লাগিব। Male-Female দুয়োৰে সন্তানৰ সংখ্যা Accountable হ’ব লাগিব। তেতিয়াহে এক কঠোৰ জনসংখ্যা নীতি বাস্তবায়িত হ’ব।
   আনহাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি সূত্ৰৰ ওপৰত ভিত্তি কৰি ST,SC আৰু চাহ-জনজাতি সম্প্ৰদায়ক এই জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ আওতাৰ বাহিৰত ৰখাৰ(Exempted) কথা ঘোষণা কৰিছে সেয়াও বোধগম্য নহল। আইন সকলোৰে বাবে সমান। উদাহৰণস্বৰূপে ভাৰতীয় দণ্ড বিধি (Indian Penal Code)ৰ কোনো ধাৰা ST, SC আৰু চাহ জনজাতিৰ ক্ষেত্ৰত ব্যতিক্ৰম নহয়। তেন্তে এইক্ষেত্ৰত ই Exempted কেনেকৈ হ’ব ?
    জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই বিষয়সমূহৰ আলোচনা আৰু বিশ্লেষণ হোৱা উচিত। যদিহে দেশত নামতহে এখন জনসংখ্যা নিয়ন্ত্ৰণ আইন পৰবৰ্তী সময়ত প্ৰণয়ন হয় তেন্তে এই সকলোবোৰ শেষত গৈ হ’ব—–আলো-বালো-গালো;সকলো খোলাকটিৰ তাল!