জন্মু-কাশ্মীৰত হিন্দু মুখ্যমন্ত্রী?

654

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


৩৭০ ধাৰা বিলোপ কৰাৰ পিছত এতিয়ালৈকে জন্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। লাডাখক কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষণা কৰাৰ পিছত জন্মু-কাশ্মীৰৰ বিধানসভাৰ মুঠ আসন হৈছেগৈ ৮৩ খন। ইয়াৰে ৩৭ খন জন্মু উপত্যকাৰ আৰু আন ৪৬ খন কাশ্মীৰ উপত্যকাৰ। ভাৰতৰ একমাত্র ৰাজ্য এইখনে যত মুছলমান সংখ্যাগৰিষ্ঠ। আজিলৈকে ৰাজ্যৰ প্ৰতিজন মুখ্যমন্ত্রীয়ে মুছলমান সম্প্ৰদায়ৰ পৰা অহা। হিন্দুবহুল জন্মু অঞ্চলৰ লোকে তেওঁলোকক ভেদভাব কৰাৰ অভিযোগ অতি পুৰণি। সেয়েহে ৰাজ্যৰ বিধানসভা পুনঃ নিৰ্ধাৰণ কৰাৰ বাবে গঠন কৰা আয়োগে দাখিল কৰা প্ৰতিবেদন তাৎপৰ্য্যপূৰ্ণ। নতুনকৈ ৰাজ্যখনত ৭টা নতুন বিধানসভা গঠনৰ প্ৰস্তাব ৰখা হৈছে। ইয়াৰে জন্মুৰ পৰা আছে ৬টা আৰু কাশ্মীৰৰ ১টা। ইয়াৰ ফলত জন্মুৰ বিধানসভা সমষ্টিৰ সংখ্যা ৪৩ আৰু কাশ্মীৰৰ ৪৭ হ’ব। ইয়াতেই অসন্ত্তষ্ট হৈ পৰিছে কাশ্মীৰ ৰাজনৈতিক দল নেছনেল কনফাৰেন্স আৰু পি.ডি.পি। কাশ্মীৰ উপত্যকাৰ লোকসকলে সন্দেহ প্ৰকাশ কৰিছে যে বিজেপিয়ে ৰাজ্যত হিন্দু মুখ্যমন্ত্রী নিৰ্বাচিত হোৱাটো বিচাৰিছে। কিন্তু প্ৰকৃততে এয়া সম্ভব নে? দেখা গৈছিল যে যোৱা নিৰ্বাচনত বিজেপিয়ে জম্মু অঞ্চলত প্ৰায় ৪৮% আৰু কাশ্মীৰত মাত্র ২% ভোট লাভ কৰিছিল। বিজেপিয়ে কাশ্মীৰত এখনো আসন লাভ কৰা নাছিল আৰু অদূৰ ভবিষ্যতেও লাভ কৰাৰ কোনো সম্ভাবনা নাই। জন্মু অঞ্চলৰো যে সকলো সমষ্টিত হিন্দু সংখ্যাগৰিষ্ঠ তেনে নহয়। বৰ্তমান থকা ৮৩টা বিধানসভাৰ মাত্র ২৬টাত হিন্দুসংখ্যাগৰিষ্ঠ। নতুনকৈ গঠন হ’ব লগীয়া গোটেই ৬টাত জয়ী হ’লেও কোনোপধ্যে বিজেপিৰ আসনৰ সংখ্যা ৩২তকৈ বেছি নহয়। আনহাটে পিডিপি,এন.চি,কংগ্ৰেছ আদি মিলি বাকী ৫৮ খন আসন লাভ কৰিব। কোনো এটা দলে বিজেপিৰ হিন্দু মুখ্যমন্ত্রী প্ৰাৰ্থীক সমৰ্থন নকৰে। তেনে ক্ষেত্রত জন্মু কাশ্মীৰত বিজেপিয়ে হিন্দু মুখ্যমন্ত্রীক শাসনভাৰ অৰ্পন কৰিব বুলি কৰা ধাৰণা সম্পূৰ্ণ অমূলক। এটা খৱৰ বৰ্তমান ৰাজ্যখনত চৰ্চাত আছে। সেয়া হ’ল গুলাম নৱী আজাদে এটা নতুন দল গঠন কৰিব পাৰে। যদি এয়া হয় আৰু তেওঁৰ দলে ১৫-২০  খন আসনো দখল কৰিব পাৰে তেন্তে বিজেপিয়ে আজাদক মুখ্যমন্ত্রী পাতিব পাৰে। আজাদ আৰু মোদীৰ মাজৰ সু-সম্পৰ্কৰ কথা সৰ্বজনবিদিত। গান্ধী পৰিয়ালৰ লগত আজাদৰ মত বিৰোধ আৰম্ভ হৈছে। ৰাজ্যসভাত আজাদক পুণৰ মনোনীত কৰাৰ আৱশ্যকতা গান্ধী পৰিয়ালে অনুভব নকৰিলে। জন্মু কাশ্মীৰ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য। ইয়াৰ ৰাজনীতিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।