জিন্নাৰ বংশধৰ আমি নে তেওঁলোক? _____ মামুন ইমদাদুল

4219

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ সাৰথি দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: ১৯৬৭ চনত ভূপেন হাজৰিকা দেৱে প্ৰতিনিধিত্ব কৰা নাওবৈচা সমষ্টিৰ আপুনি যোৱা তিনি বছৰে বিধায়ক। আপোনাৰ বিধায়ক হিচাপে অভিজ্ঞতা কেনেকুৱা?
মামুন ইমদাদুল হক চৌধুৰী:  প্ৰথম বিধায়ক আছিল ডঃ ভূপেন হাজৰিকা ডাঙৰীয়া। তাৰ পিছত আফাজউদ্দিন আহমেদ, মনি চুব্বা, সঞ্জয় চুব্বাকে ধৰি বহুকেইজন বিধায়ক হ’ল। এই বিধায়কসকলৰ সৰহ সংখ্যকেই সমষ্টিৰ বাহিৰৰ । বহু বছৰৰ মুৰত নাওবৈচাৰ ৰাইজে এজন স্হানীয় বিধায়ক পাইছে। এই সুযোগটো দিয়াৰ বাবে মই নাওবৈচাৰ ৰাইজৰ ওচৰত কৃতজ্ঞ। বিৰোধী দলৰ বিধায়কৰ সীমাবদ্ধতাৰ মাজত যিমানখিনি সম্ভব সমষ্টিৰ কাম কৰি আছো। বিধানসভাত আইন প্ৰণয়নত বিধায়ক হিচাপে যিমান কাম কৰিব লাগে তাত গাফিলতি কৰা নাই। বিপদে আপদে সমষ্টিৰ মানুহৰ লগত আছো। মই by chance এম.এল.এ নহয় , by choice MLA । বহুত  ভাল কেৰিয়াৰ এৰি থৈ আহি মই ৰাজনীতিৰ পথাৰত ভৰি দিছো। ইয়াত বহুত বাধা বিঘিনি আছে, বদনাম আছে, কাইট আছে ; এইবিলাক জানিও মই ইয়াত খোজ দিছো। সেয়েহে মোৰ প্ৰদৰ্শনক লৈ মই mentally satisfied।
ৰাজনীতি অসম: আপোনাক যদি সোধা হয় নিজৰ সমষ্টিৰ বাবে সকলোতকৈ ডাঙৰ কাম কি কৰিছে তেন্তে কি বুলি ক’ব?
মামুন ইমদাদুল হক চৌধুৰী:  আমাৰ সমষ্টিৰ ৰাস্তা পদূলি ভাল নহয় কাৰণ  সমষ্টিটো বেছিসময় সমষ্টিৰ বাহিৰৰ মানুহে প্ৰতিনিধিত্ব কৰিছে। সমষ্টিৰ demography আৰু geography ৰ বিষয়ে তেওঁলোক ভালকৈ অবগত নাছিল। আমাৰ প্ৰথম কাম আছিল পথ উন্নত কৰা। আমি বেছিভাগ ৰাস্তা PWD লৈ আপদেট কৰি আছো। এইটো এটা ডাঙৰ সফলতা। বিধানসভাত মই ৰাস্তাবিলাকৰ চাৰ্ভে কৰাৰ কথা কৈছো। মই প্ৰত্যেকটা GP ৰ  ২০ টাকৈ ৰাস্তা PMGSY ত অৰ্ন্তভুক্ত কৰাৰ বাবে প্ৰস্তাব দিছিলো ।
ৰাজনীতি অসম: আপোনাৰ সমষ্টিত ৰাস্তা নিৰ্মানৰ কাম আৰম্ভ  হৈছে নে?
মামুন ইমদাদুল হক চৌধুৰী: আৰম্ভ হৈছে।  যিহেতু মোৰ আগৰ কেইজন বিধায়ক সমষ্টিৰ বাহিৰৰ সেয়েহে মোৰ কৰিবলগীয়া তালিকাখন বহু দীঘল।
ৰাজনীতি অসম: আপুনি বিধানসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰি ইতিমধ্যে জনপ্ৰিয় হৈছে। আনকি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা প্ৰভাবশালী মন্ত্রীৰ মুখত আপোনাৰ নাম ওলাইছে। তেখেতৰ অভিযোগ মতে আপুনি কৰুণাবাৰীক কম গুৰুত্ব দিছে। কি কব?
মামুন ইমদাদুল হক চৌধুৰী: হিমন্ত বিশ্ব শৰ্মা এতিয়া চৰকাৰৰ 2nd in Command , আমি তেখেতক সন্মান কৰো। তেখেতৰ মূখেৰে মোৰ সমালোচনাই কি সুচায়? তাৰমানে মোৰ  political relevance টো আছে। মোৰ সমষ্টিত গৈ মোক তেখেতে বাংলাদেশী এম.এল.এ বুলি কয়। এইটো শোভা পায় নেকি? মই এজন elected  MLA । মোৰ দেউতা আৰু মই যিখন স্কুলত পঢ়িছো সেইখন ১৯২৮ ত স্হাপন হোৱা। মোৰ দেউতা মেট্ৰিকত ষ্টেণ্ড কৰিছিল কটন কলেজত যেতিয়া মোৰ দেউতা পঢ়িছিল , তেতিয়া তেওঁৰ জন্মই হোৱা নাই। ময়ো কটনত পঢ়া হিমন্ত বিশ্বৰ নিচিনা । এইবিলাক তেওঁ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা কয়। কিন্তু ক’ব নালাগে। মোৰ ঘৰ কৰুণাবাৰী development block  ৰ ভিতৰত পৰে। মোৰ মনত কোনো ভেদভাব নাই। ফাণ্ড ৰিলিজ কৰা  authority বিত্ত মন্ত্রীৰ হাতত থাকে। PWD ও তেওঁৰ হাতত। সকলো ক্ষমতা তেওঁৰ হাতত গতিকে মোক গালি পাৰি লাভ কি?
ৰাজনীতি অসম: সৰ্বানন্দ সোণোৱাল চৰকাৰক দহৰ ভিতৰত কিমান নম্বৰ দিব?
মামুন ইমদাদুল হক চৌধুৰী: মই সেই মাৰ্কিঙটো নকৰো। গণতন্ত্ৰ সংখ্যাৰ খেল , সংখ্যাৰ খেলত আমি হাৰিছো। ৰাইজৰ mandate  পাই তেওঁলোকে চৰকাৰ চলাই আছে।
ৰাজনীতি অসম:  বিৰোধী দলৰ বিধায়ক আপুনি। কাম কৰাত কিবা অসুবিধা পাইছে নেকি?
মামুন ইমদাদুল হক চৌধুৰী: কৰবাত কৰবাত অসুবিধা হৈছে। উদাহৰণ স্বৰুপে আমাৰ নেচনেল হাইৱেটো প্ৰায় বানত ডুবি যায় বা চিঙি যায়। তেতিয়া গোটেই অসম বা ভাৰতবৰ্ষৰ লগত ধেমাজি বা লখিমপুৰৰ সংযোগ নাইকিয়া হৈ যায়। সেইবাবে আমি alternate হাইৱে এটাৰ প্ৰপোজেল দিছিলো। ৰাস্তাটো ইতিমধ্যে আছে, গাৱলীয়া PWD ৰাস্তা। দিল্লীৰ পৰা মানুহ আহিল। ৩৯ কৌটিৰ প্ৰজেক্ট বনালে কিন্ত sanction  নিদিলে। বিজেপিৰ সকলো এম.এল.এক দিলে কিন্তু বিৰোধীৰ এজনকো নিদিলে। এই কথাটো মই বিধানসভাতো উত্থাপন কৰিছিলো। মই যিহেতু বিৰোধী বিধায়ক সেয়েহে আবেদনহে কৰিব পাৰো, সেইখিনিলৈ মই কৰিছো।
ৰাজনীতি অসম: যোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে ইমান বিপুল জনসমৰ্থন লাভ কৰাৰ কাৰণ কি?
মামুন ইমদাদুল হক চৌধুৰী: ৰাজনৈতিক পণ্ডিতসকল ফেইল হৈ গ’ল। যোৱা ৪০ বছৰে অকলে সংখ্যাগৰিষ্ঠতা লৈ অহা দলটো পিছৰ নিৰ্বাচনত হাৰি গৈছিল। এইবাৰ সেইটো ন’হল। ৰঘুৰাম ৰাজন , উৰ্জিট পেটেলৰ দৰে মানুহ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদৰ পৰা ওলাই গুছি গ’ল। দেশৰ অৰ্থনৈতিক অবস্হা কিন্তু বেয়াৰ পিনে গৈ আছে।
ৰাজনীতি অসম: ইমানৰ পিছতো বিজেপি কেনেকৈ জিকিল? বিৰোধীৰ দুৰ্বলতাৰ কাৰণে নেকি?
মামুন ইমদাদুল হক চৌধুৰী: দুৰ্বলতাটো আছেই। যিসকলে একেলগে নিৰ্বাচন খেলিব লাগিছিল তেওঁলোকে একেলগে নিৰ্বাচন খেলা নাই। বিজেপিতকৈ বেছি শতাংশ ভোট পাইছে অ-বিজেপি দলে । যদি এই সকলো দল একেলগে খেলিলেহেতেন তেন্তে বিজেপিক কতো বিচাৰি পোৱা নগ’লহেতেন। কিন্তু বিজেপিৰ বিৰোধী দলবোৰ একলগ হ’ব নোৱাৰাটো এটা ডাঙৰ ব্যৰ্থতা। তেওঁলোকে মাৰ্কেটিংও কৰিছে। ভগবানৰ তাত গৈও publicity কৰিছে।
ৰাজনীতি অসম:  মুছলমান সকলে মোদীৰ বিজয়ক লৈ শংকা কৰিব লগীয়া কাৰণ আছে নেকি?
মামুন ইমদাদুল হক চৌধুৰী: অসমত প্ৰায় ৩৪% মুছলমান মানুহ আছে তাৰ মানে এক তৃতীয়াংশ মানুহ। যেনেকৈ এখন হাত কাটি দিলে আপুনি সুস্হ ভাবে চলিব নোৱাৰে থিক তেনেকৈ মুছলমান সকলক বাদ দিও চৰকাৰ ভালভাবে চলিব নোৱাৰে। সিদিনা হিমন্ত বিশ্ব শৰ্মাই  বিধানসভাত কৈছে ৬৫% এ ৩৫% ৰ কথা কিয় চিন্তা কৰিব? এইটো ভুল কথা। মোৰ কথা এটাই এই গৰু-গাহৰি কেন্দ্ৰীক ৰাজনীতিৰ পৰা উৰ্ধত গৈ আমি বিকাশৰ ৰাজনীতি কৰিব লাগে। সংখ্যালঘু আৰু সংখ্যাগুৰুৰ সন্মানজনক সহবস্হানেৰেই অসমত শান্তি সম্ভব। এয়া মোৰ ব্যক্তিগত মত। নতুন প্ৰজন্মই চাকৰি বিচাৰে , উন্নয়ন বিচাৰে। সেইবিলাকৰ ওপৰত ভিত্তি কৰি ৰাজনীতি হ’ব লাগে।
ৰাজনীতি অসম:  অকল উন্নয়নৰ ওপৰত নিৰ্বাচনত জয়ী হোৱা জানো সম্ভব? অটল বিহাৰী বাজপেয়ী জানো পৰাজিত হোৱা নাছিল?
মামুন ইমদাদুল হক চৌধুৰী: আপোনাৰ লগত মই একমত। মনমোহন সিংএও গোটেই অৰ্থনীতি থিক কৰিছিল যদিও নিৰ্বাচনত হাৰিলে। কিন্তু মই ভাবো যে উন্নয়নৰ ওপৰত ৰাজনীতি হ’ব লাগে। ভোটবেংকৰ ৰাজনীতিক কবৰ দিব লাগে।
ৰাজনীতি অসম:  এ.আই.ইউ.দি.এফকো বহুতে সাম্প্ৰদায়িক বুলি ভাবে। কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৰাজনীতি অসমৰ সৈতে সাক্ষাৎকাৰত কৈছিল যে ‘আজমল ডাঙৰীয়াই মিহি  communalism কৰে আৰু বিজেপিয়ে open communalism কৰে।
মামুন ইমদাদুল হক চৌধুৰী: আমি communal দল নহয়। বড়ো সকলৰ নিজা দল আছে, মিচিং সকলৰ আছে, ৰাভা সকলৰো আছে আমিতো তেওলোকক সাম্প্ৰদায়িক বুলি কোৱা নাই। আমাৰ ১৩ জন বিধায়ক আছে তাৰে ১ জন হিন্দু। আমাৰ কাৰ্যকৰী সভাপতি ডিমাচা মানুহ ডা: আদিত্য লাংথাছা, দলৰ সাধাৰণ সম্পাদক হ’ল চম্পক কলিতা। আমি বিচাৰি আছো যে সংখ্যালঘু আৰু সংখ্যাগুৰুৰ সহবস্হান হওক, কিন্তু আপুনি কোৱাৰ দৰে হয়তো এতিয়াও সফল হ’ব পৰা নাই। এইখিনিলৈ মানি লম কিন্তু সাম্প্ৰদায়িক বুলি ক’লে মানি নলও।
ৰাজনীতি অসম:  আপোনাৰ দলৰ জন্মই হৈছিল আই.এম.ডি.টি এক্টৰ বাতিল হোৱাৰ পিছত। ৰাইজে কেনেকৈ বিশ্বাস কৰিব ‍আপোনালোক সাম্প্ৰদায়িক নহয় বুলি?
মামুন ইমদাদুল হক চৌধুৰী: এইটো ভুল কথা। আই.এম.ডি.টি বাতিল হৈছিল ২০০৫ চলৰ জুলাই মাহত। আৰু আমাৰ দল গঠন হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল ৩ এপ্ৰিল ২০০৫ তাৰিখে। সেইদিনা সোনাৰাম হাইস্কুল খেলপথাৰত মিটিং হৈছিল। তেতিয়া আমাৰ অনুৰোধ আছিল যে আমাৰ সমস্যা বিলাক সমাধান কৰি সংখ্যালঘু আৰু সংখ্যাগুৰুক একেশাৰীতে ৰখাৰ। আই.এম.ডি.টি আইন বাতিল হোৱা নোহোৱাকলৈ এ.আই.ইউ.ডি.এফৰ কোনো সম্বন্ধ নাই।
ৰাজনীতি অসম:  আপুনি এই কথা স্বীকাৰ কৰিবনে যে আপোনালোকে লাভ কৰা ভোটৰ ৯৮ %-৯৯% কেবল মুছলমানৰ ভোট?
মামুন ইমদাদুল হক চৌধুৰী: আমি সংখ্যগুৰুৰ মাজতো সোমাব লাগিব। হয়তো কৰবাত lapse হৈ আছে। আমি সেইবিলাক দুৰ কৰিব লাগিব।
ৰাজনীতি অসম:  হাইদৰ হুছেইনে ৰাজনীতি অসমৰ আগত কৈছিল যে অকল মুছলমানকলৈ কৰা ৰাজনৈতিক দল টিকি থাকিব  নোৱাৰে। যেতিয়া হিন্দুৱে মুছলমানৰ সমস্যা বুজিব তেতিয়াহে সমস্যা সমাধান হ’ব।  কি কব?
মামুন ইমদাদুল হক চৌধুৰী: মই সম্পূৰ্ণ একমত। কালি এই কথাটো আদিত্য লাংথাছাক কবৰ বাবেই মই হোজাই গৈছিলো । মই নিজে সন্ত্তষ্ট নহয়। এটা community কলৈ ৰাজনীতি কৰাটো থিক নহয়। এইটো বড়ো, ৰাভা, মিচিং সকলোৰে বাবে প্ৰযোজ্য। আমি সকলোৱে মিলি ৰাজনীতি কৰিব লাগিব।
ৰাজনীতি অসম: কংগ্ৰেছে কব খোজে যে আপোনালোক থকাৰ পৰা বিজেপিৰ লাভ হৈছে। বদৰুদ্দিন আজমলৰ ভয় দেখুৱাই বিজেপিয়ে নিজৰ ভোট বৃদ্ধি কৰিছে। মুছলমান লোকসকলো কিন্তু আপোনালোকৰ পৰা লাহে লাহে আতৰি গৈছে।
মামুন ইমদাদুল হক চৌধুৰী: আজি বিজেপি ক্ষমতালৈ আহিছে একমাত্র কংগ্ৰেছৰ অহংকাৰৰ বাবে। মমতা বেনাৰ্জী, অখিলেশৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাই তেওঁলোকক হৰুওৱাৰ কাম কৰিছে। কংগ্ৰেছে উত্তৰাখণ্ড, হাৰিয়াণা, গুজৰাট, ৰাজস্হান আদি বহুত ৰাজ্যত এখনো আসন পোৱা নাই। তাতটো আমি টিকট দিয়া নাই। ভাৰতৰ ৫৪৩ খন আসনৰ মাত্র ৩ খনত আমি খেলিছো, ৫৪০ খনত আমি খেলা নাই। কংগ্ৰেছে পাইছে মাত্র ৫২ খন অাসন। আমি ৩ খনত খেলিছো তাতো যত আমি যোৱাবাৰ জিকিছিলো।
ৰাজনীতি অসম:  আপোনাৰ দলৰ সাংসদৰ সংখ্যা ৩ৰ পৰা নামি কিয় ১ হ’ল?
মামুন ইমদাদুল হক চৌধুৰী: এইটো আমি পৰ্যালোচনা কৰি আছো। আমি দুটা জিকিম বুলি ভাবিছিলো। কৰিমগজ্ঞত কংগ্ৰেছে আমাক হৰুৱাইছে। আমি ৩৬০০০ ভোটত হাৰিছো। কংগ্ৰেছে ১ লাখ কাটি দিছে।
ৰাজনীতি অসম:  কংগ্ৰেছৰ লগত লোকসভাত মিত্রতা হৈছিল নেকি?
মামুন ইমদাদুল হক চৌধুৰী: অনানুষ্ঠানিক মিত্রতা হৈছিল যাক আমি gentleman’s agreement  বুলি কও। কেন্দ্ৰীয় নেতৃত্বৰ লগত কথা হৈছিল, ৰিপুন বৰাইও কথাটো জানে। যাৰ বাবে আমি কলিয়াবৰত প্ৰাৰ্থী নিদিলো। দিলে গৌৰৱ গগৈ হাৰি যায়। নগাওঁত নিদিলো। মাত্র ১৬,০০০ত প্ৰদ্যুত বৰদলৈ জিকিছে। প্ৰদ্যুত বৰদলৈ এ জয়ৰ পিছত স্বীকাৰও কৰিছে আমাৰ অবদানৰ কথা।
ৰাজনীতি অসম:  Gentleman agreement  কংগ্ৰেছৰ লগত কেনেকৈ ভংগ হ’ল অলপ খুলি ক’ব নেকি?
মামুন ইমদাদুল হক চৌধুৰী: বৰপেটাত তেওঁলোকে দুৰ্বল প্ৰাৰ্থী দিয়া কথা আছিল। কংগ্ৰেছে বৰপেটাত আমাক betray কৰিছে। কৰিমগজ্ঞত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিয়াৰ পিছতো গৌতম ৰয়হতে খোলা-খুলিকৈ বিজেপি কৰিলে।  হাৰে হিমজুৱে কংগ্ৰেছ খিনিয়ে দলক ভোট দিলে বাকীখিনিয়ে বিজেপিক দিলে যাৰ বাবে আমি হাৰি গ’লো।
ৰাজনীতি অসম:  মোদীৰ হাতত বিধ্বস্ত হোৱাৰ পিছত ৰাহুল গান্ধীৰ ওপৰত বদৰুদ্দিন চাহাবৰ বিশ্বাস এতিয়াও আছেনে?
মামুন ইমদাদুল হক চৌধুৰী: আমি সৰু দলৰ মানুহ। এইটোৰ ওপৰত কোৱাৰ মোৰ এক্টিয়াৰ নাই।
ৰাজনীতি অসম:   তেতিয়াহ’লে মোদীক প্ৰত্যাহ্বান জনাব পৰা কোনো নাই নেকি?
মামুন ইমদাদুল হক চৌধুৰী: কিয় নাথাকিব? কোনে ভাবিছিল ৰাজনাৰায়ণে ইণ্ডিৰা গান্ধীক হৰুৱাব পাৰিব বুলি? ১৯৯৮ ত ২৮ বছৰীয়া ছোৱালী এজনীয়ে দেৱগৌড়াক হৰুৱাই দিছিলে। সোমনাথ চেটাৰ্জীক মমতা বেনাৰ্জীয়ে পৰাজিত কৰিছিল। অটল বিহাৰী বাজপেয়ীও পৰাজিত হৈছিল তেন্তে নৰেন্দ্ৰ মোদী কেনেকৈ অপৰাজেয় হ’ব? মই কংগ্ৰেছৰ ব্যক্তিগত কথাবিলাকত মাত নামাতো কিন্তু এটা কথ কও যে মই এ.আই.ইউ.দি.এফ জন্ম হোৱাৰ আগৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিছো কিন্তু জীৱনত কংগ্ৰেছক ভোট দিয়া নাই।
ৰাজনীতি অসম:   কংগ্ৰেছক ভোট নিদিলেও মোদীক পৰাজিত কৰিবলৈ চেষ্টা কৰিবনে অহাবাৰ?
মামুন ইমদাদুল হক চৌধুৰী: আমি সৰু আঞ্চলিক ৰাজনৈতিক দল। আমাৰ টাৰ্গেট হ’ব ২০২১ৰ বিধানসভা নিৰ্বাচন।
ৰাজনীতি অসম:  ২০২১ লৈ কি পৰিকল্পনা? কংগ্ৰেছৰ লগত মিত্রতা হ’ব পাৰে নেকি?
মামুন ইমদাদুল হক চৌধুৰী: কংগ্ৰেছক কেনেকৈ বিশ্বাস কৰিব আপুনি? আনকি দেৱগৌৰাৰ বিৰুদ্ধে প্ৰাৰ্থী দি তেখেতকো betray  কৰিছে কংগ্ৰেছ। মোৰ ব্যক্তিগত মত অনুসৰি আমি নিজকে নিজে শক্তি আহৰণ কৰিব লাগে। বিপিএফে ১২ জন বিধায়ক লৈ সদায় ক্ষমতাত থাকে। আমিও যদি ৩০ জন বিধায়ক আনিব পাৰো আমিও সহবস্হান কৰিব পাৰিম।
ৰাজনীতি অসম:  সমস্যাটো হ’ল কোনেও আপোনালোকৰ লগত মিত্রতা কৰিব নিবিছাৰে। বিজেপিএটো নকৰেই, কংগ্ৰেছেও মুকলিকৈ কৰিব টান পায়।
মামুন ইমদাদুল হক চৌধুৰী: আমি আত্মবিশ্লেষন কৰিব লাগিব। যদি বড়োৱে পাৰে, মিচিংএ পাৰে আমি কিয় নোৱাৰো? আমাৰ গণতন্ত্ৰিক অধিকাৰ আছে। এটা কথা যে , হাইদৰাবাদৰ আচাদুদ্দিন ওৱেছি আৰু কেৰেলাৰ মুছলিম লীগ purely মুছলমান দল। এ.আই.ইউ.দি.এফ নহয়। আমাৰ বহুকেইজন হিন্দু নেতা-বিধায়ক আছিল আৰু আছে।
ৰাজনীতি অসম:  আপুনি তৃণমূলৰ পৰা উঠি অহা এজন উচ্চ শিক্ষিত নেতা। আপুনি কেনেকৈ বদৰুদ্দিন আজমলৰ পৰিয়ালকেন্দ্ৰীক ৰাজনীতিক সমৰ্থন কৰিব পাৰিলে?
মামুন ইমদাদুল হক চৌধুৰী:  আজমল ডাঙৰীয়া আমাৰ সভাপতি। কাক, কেতিয়া আৰু ক’ত টিকট দিব সেইটো তেওঁৰ এক্টিয়াৰৰ বিষয়। সকলোৱে যে আমাৰ পৰিয়ালকেন্দ্ৰীকটো দেখে গৌৰৱ গগৈক কিয় নেদেখে?
ৰাজনীতি অসম:  আপোনালোকৰ দলে ত্রিপল টালাকৰ বিলখন সমৰ্থন কৰেনে?
মামুন ইমদাদুল হক চৌধুৰী: এইটো খুব  sensetive বিষয়, মই মন্তব্য দিব নোখোজো।
ৰাজনীতি অসম:  মুছলমানৰ বাবে বিজেপিয়ে জলপানী, মাদ্ৰাছা  আধুনীকিকৰণ আদি কৰাৰ কথা কৈছে। আপুনি সন্ত্তষ্ট হয়নে?
মামুন ইমদাদুল হক চৌধুৰী: খুব ভাল কথা। আৰু কৰিবলগীয়া বহুত আছে। মই বিধানসভাৰ অধ্যক্ষক যোৱা তিনিবছৰে অনুৰোধ কৰি আছো যাতে এট দিন চৰ-চাপৰিৰ বাবে ধাৰ্য্য কৰে। আমি ভুলটো ক্লিয়াৰ কৰি দিম। গৰু গাহৰিৰ ৰাজনীতিৰ কনচেপ্ট টো আতৰ কৰি দিম।  ভোট আৰু নোটৰ ৰাজনীতিৰ পৰা আতৰি আহি  নীতি আৰু নিয়তত যাব লাগিব।
ৰাজনীতি অসম:  চৰকাৰৰ সোণ প্ৰদানৰ আচঁনিৰ জড়িয়তে মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা ৰোধ কৰিব পৰা যাব বুলি ভাবেনে?
মামুন ইমদাদুল হক চৌধুৰী:   যিবিলাক মানুহৰ পঢ়া শুনা নাই ধৰ্মৰ নামত অন্ধ হৈ থাকে , এই কনচেপ্টটো নাহে। আমি সকলোকে শিক্ষিত কৰিব লাগিব। কম বয়সত বিয়া হোৱাত বাধা দিব লাগিব। এইটো হ’লে নিজে নিজে বস্তুবিলাক নিয়ন্ত্রিত হ’ব। মই বিধানসভাতো উদাহৰণ দিছো যে মোৰ নিজৰ এজনী ছোৱলী। মোৰ লগৰ কিছুমানৰ ৭টাকৈ লৰা, কিছুমান আকৌ ককা হৈ গ’ল।  সোণ লোভ দি লাভ নাই। প্ৰধান  হ’ল শিক্ষা।
এতিয়া ৰেপিড ফায়াৰৰ ৫টা প্ৰশ্ন:
ৰাজনীতি অসম:  আপোনাৰ হবি ?
মামুন ইমদাদুল হক চৌধুৰী: কিতাপ পঢ়ি আৰু পেপাৰ কাটিং কৰি ভাল পাও।
ৰাজনীতি অসম:  ১২৫ জন বিধায়কৰ ভিতৰত আপোনাৰ সকলোতকৈ  ভাল বন্ধু কোন?
মামুন ইমদাদুল হক চৌধুৰী: ৩ বছৰ হৈছে বিধায়ক হোৱা। সকলোৰে লগত ভাল। নিৰ্দিষ্ট ভাবে নকও।
ৰাজনীতি অসম:  ২০১৯ লোকসভাত কোনটো সমষ্টিৰ ফলাফলে আপোনাক আচৰিত হৈছে?
মামুন ইমদাদুল হক চৌধুৰী: আচৰিত হোৱা নাই। যোৱা নিৰ্বাচনটো বহুত পোলাৰাইজ হৈছে।
ৰাজনীতি অসম: মনত দুখ কেতিয়া লাগে?
মামুন ইমদাদুল হক চৌধুৰী:  বিজেপিৰ এজন মন্ত্রীয়ে প্ৰত্যেক মিটিঙত কয় ,আমাক জিন্নাৰ বংশধৰ বুলি। জিন্নাৰ ভাৰতৰ ঘৰটো এতিয়াও আছে। সেইটো ভাঙি নিদিয়ে কিয়? জীন্নাই দেশ বিভাজন কৰি মুছলমানক বদনাম দি থৈ গ’ল তাৰ ভুক্তভোগী আমি হৈছো।  অবিভক্ত বংগৰ প্ৰিমিয়াৰ ফজলুল হক যি জিন্নাৰ সোঁহাত আছিল তেওঁ লাহোৰ declaration কৰিছিল য’ত আছিল 2 nation theory ,এই ফজলুল হকৰ মন্ত্রীসভাত জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জী বিত্তমন্ত্রী আছিল। এতিয়া কওক জিন্নাৰ বংশধৰ আমি নে তেওঁলোক?
ৰাজনীতি অসম:  যোৱাবাৰ ১২৪৪ টা ভোটত আপুনি ৰাও গজেন্দ্ৰ সিংক পৰাজিত কৰিছিল। এইবাৰ কিমান কঠিন হ’ব?
মামুন ইমদাদুল হক চৌধুৰী: মই একেবাৰে সৰু মানুহ , শিক্ষকৰ ল’ৰা। আমাৰ বংশত আজিলৈ কোনেও ৱাৰ্ড মেম্বাৰেই হোৱা নাই। বিজেপি এটা বহুত টকা থকা দল। কংগ্ৰেছকো উলাই কৰিব নোৱাৰে। বিজেপিৰ প্ৰাৰ্থীজনক মই সৰুৰ পৰাই দেখি আহিছো। বিজেপিৰ হৈ লাগি আছে। তেওঁ অসমৰ নহয় অৰিজিন গাজিয়াবাদৰ মানুহ। মই যিহেতু তাৰ স্হানীয় মানুহ সেয়েহে মই আশাবাদী। কংগ্ৰেছ অাৰু বিজেপিয়ে বাহিৰৰ মানুহ প্ৰজেক্ট কৰে। তথপিও competition হ’ব।  ৰিস্কটো লবই লাগিব। No Risk No Gain.
ৰাজনীতি অসম:  ৰাজনীতিত থকা আজিৰ প্ৰজন্মক উদ্দেশ্যি কি ক’ব ?
মামুন ইমদাদুল হক চৌধুৰী:   মোৰ মতে চোকা লৰা ছোৱলীখিনিও ৰাজনীতিলৈ আহিব লাগে। আপোনালোকলৈ অনুৰোধ যাতে আপোনালোকে এই আলোচনীখনৰ জৰিয়তে তাৰ বাবে এটা প্ৰয়াস কৰে। ৰাজনীতিত ভাল মানুহ অহাতো মই বিচাৰো।