ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী অসম্ভৱ নহয়

2402
  • পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাহুল গান্ধীয়ে এইবাৰ দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব _আমেঠি আৰু ৱাইনাৰ্দ । কেৰেলাৰ ৱাইনাৰ্দত সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰাৰ্থিত্ব দাখিল কৰে । খোলা বাহনত ভগ্নী প্ৰিয়ংকা  গান্ধী ৱাদ্ৰাৰ লগত ৰোড শ্ব’ । মনোনয়ন দাখিল অনুষ্ঠানটোৱে গোটেই ভাৰতবৰ্ষত প্ৰচাৰ লাভ কৰে । ইণ্ডিয়ান ইউনিয়ন মুছলীম লীগৰ পতাকা বিলাক উৰুৱাই পৰিবেশটো দেখাত ধৰ্মীয় টাইপ কৰিলে । সেউজীয়া পতাকা মানেই সাধাৰণ মানুহৰ মনত পাকিস্তানী পতাকা বুলি ভবা দৃষ্টিভংগীটোৱে ৰাহুলক উত্তৰ ভাৰত , মধ্যভাৰত আৰু উত্তৰ পুৰ্বাঞ্চলত সমালোচনাৰ সন্মুখিন কৰালে । আজি কিছু বছৰৰ পৰা আমাৰ অসমত ইছলাম ধৰ্মী মানুহখিনিৰ সিংহভাগেই ধৰ্মীয় অনুষ্ঠানত একমাত্ৰ সেউজীয়া পতাকাখনকেই ব্যৱহাৰ নকৰে । সেউজীয়াখনৰ লগত আন ৰংৰ পতাকাও সৰহকৈ ব্যৱহাৰ কৰে । কাৰণ এটাইযে সাধাৰণ মানুহে (হিন্দু আৰু মুছলমান) ধৰ্মীয় পতাকাখনক পাকিস্তানী পতাকা বুলি ভুল কৰে । কিন্তু প্ৰশ্ন হয়  ৱাইনাৰ্দত মিত্ৰ দল মুছলীম লীগক কিয় সেউজীয়া পতাকাখন বুজন পৰিমাণত ব্যৱহাৰ কৰাত বাধা নিদিলে । ৰাহুল গান্ধীৰ এইটো ভুল নে সম্পুৰ্ণ পুৰ্বপৰিকল্পিত ? মুছলমান ভোটবেংক এতিয়া আৰু  চেফ হৈ থকা নাই ; সেই কথা জানি ৰাহুল গান্ধীয়ে সিদ্ধু , মনিশংকৰ আয়াৰ  আদি নেতাক ব্যৱহাৰ কৰিছে। কাশ্মীৰৰ সন্ত্ৰাসবাদী য়াচিন মালিকক সমৰ্থন কৰা মন্তব্য দিছে দক্ষিণৰ কংগ্ৰেছ নেতাই । কাৰণ সিদ্ধুৰহতঁৰ কথাত একাংশ মিডিয়া আৰু বিভিন্ন সংগঠনে  কংগ্ৰেছ আৰু গোটেই মুছলমান সম্প্ৰদায়টোক গালি দিব । এই ধৰণৰ সকলো উপায় অবলম্বনৰ শেষত ৰাহুল গান্ধীয়ে পাশুপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে ইণ্ডিয়ান ইউনিয়ক মুছলীম লীগৰ পতাকাখনক । উত্তৰ প্ৰদেশ,  বিহাৰ আমাৰ পৰা বহু দুৰত । কিন্তু আমাৰ অসমৰ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলতো ( প্ৰথমবাৰৰ বিধায়ক নাৰায়ন ডেকাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ) প্ৰায় ৩০% – ৩৫ % সংখ্যালঘু সম্প্ৰদায়ৰ  ভোট বিজেপি দলে পাব বুলি ধাৰণা হয় ।  তেনেস্থলত উত্তৰ প্ৰদেশ , বিহাৰত গেৰুৱা দল বিজেপি , সমাজবাদী বা মায়াবতীৰ দলে ধৰ্মীয় সংখ্যালঘুৰ ভোট কিমান পাব সহজে অনুমেয় । ৰাহুল গান্ধীৰ ৱাইনাৰ্ড কাণ্ড ,  কংগ্ৰেছৰ একাংশ নেতাৰ দ্বাৰা য়াচিন মালিকক সমৰ্থন দিয়া মন্তব্য বা বৰ্তমানৰ কংগ্ৰেছ নেতা শত্ৰুঘ্ন সিনহাৰ দ্বাৰা জিন্নাক ভাৰতৰ স্বাধীনতাৰ মুক্তিযোদ্ধা আখ্যা দিয়া ষ্ট্ৰেটেজীটো কি হ’ব পাৰে ?  কিন্তু প্ৰশ্ন আহে মুছলমান যিহেতু সংখ্যাত কম  তেন্তে অকল মুছলমানক ভিত্তি কৰি কংগ্ৰেছ জিকিব বুলি কিয় ভাবিছে ?
অংকটো এনেকুৱা :
হিন্দুৰ ভাগ হৈছে  আছে  SC ,OBC, ST, GENERAL, দলিত , ভুমিহাৰ , দ্ৰাবিড় ,বঙালী ,বিহাৰী, তামিল,তেলেগু ,মাৰাঠী ,গুজৰাটী ইত্যাদী ইত্যাদী ।
মুছলমানৰ ভাগ হৈছে চিয়া ,চুন্নী ,আহমদী ।
মুছলমান প্ৰধান দেশত এইবিলাক ভাগৰ মানুহৰ মাজত সংঘাত হৈ থাকে , কিন্তু ভাৰতত যিহেতু মুছলমান সংখ্যাত কম , সেয়ে উত্তৰ প্ৰদেশৰ  চিয়াখিনিৰ বাহিৰে বাকি বিলাকৰ মাজত সম্প্ৰদায় ভিত্তিক প্ৰতিযোগীতা নাই ।
ভাৰতৰ জনসংখ্যাৰ এটা শ্ৰেণীবিভাজন হ’ল ___
হিন্দু ৮০ %
মুছলমান ১৫%
ইত্যাদী ৫%
এটা এভাৰেজ সমষ্টি লোৱা হ’ল , য’ত ধৰাহ’ল ভোটাৰৰ সংখ্যা ১০০ জন ।
নিৰ্বাচনত ভোটদানৰ হাৰ ৭০ % হ’ল মানে ৭০ জন ভোটাৰে ভোট দিলে  । এই ৭০ জন ভোটাৰৰ
১৪ জন মুছলমান ,৫২ জন হিন্দু আৰু ৪ জন অন্যান্য ।
যদিহে ৱাইনাৰ্দ কাণ্ড, জিন্না ,য়াচিন মালিকৰ ফলত ভোটৰ মেৰুকৰণ হয় , তেন্তে ___
বিজেপিয়ে পাব ২০ জন হিন্দুৰ ( GENERAL +SC+ OBC  )  ২০ টা ভোট ,
সমাজবাদীয়ে পাব ১০ জন হিন্দু OBC ৰ ভোট ।
বহুজন সমাজবাদীয়ে পাব ৮  জন  হিন্দু SC ৰ ভোট ।
আঞ্চলিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে পাব
৯ জন হিন্দু ( SC+ OBC +GENERAL) + ১ জন মুছলমানৰ সৈতে  মুঠ ১০ টা ভোট
NOTA ত পৰিল ১ জন হিন্দুৰ ভোট ।
কংগ্ৰেছ পাব ১৩ জন মুছলমান + ৪ জন হিন্দু + ৪ জন অন্যান্যৰ সৈতে মুঠ  ২১ টা ভোট ।
নৱজোৎ সিং সিদ্ধু , মনিশংকৰ আয়াৰ , শ্যাম পিট্ৰোডা , পি চি চাকো , শত্ৰুঘ্ন সিনহাৰ মন্তব্যই যদি মুছলমান মেৰুকৰণ কৰিব পাৰে তেন্তে  ৰাহুল গান্ধীৰ ভাগ্য উদয়ৰ বিশেষ দিন হৈ ৰ’ব ২৩ মে’ ।