জুবিন ,পাপন , বিতৰ্ক আৰু মুনাফা ……………

2067
নাজিয়া আফ্ৰীন

বিহু আহিল । গছে পাতে ৰং সলালে । কিন্তু অকল প্ৰকৃতিয়েই  জানো ৰং সলায় । ৰং সলায় মিডিয়াই । জুবিন – পাপন বিতৰ্ক ,  প্ৰাশ্চ্যাত্য ভংগিমাৰে অসমীয়া গানৰ বিতৰ্ক সৃষ্টি কৰি মুনাফা লাভৰ অংকত ব্যস্ত বিভিন্ন ব্যৱসায়িক মহল । মেৰুকৰণৰ ৰাজনীতি নিৰ্বাচনৰ সময়ত যিদৰে হয় একেদৰে সাংস্কৃতিক মেৰুকৰণৰ ব্যৱসায় নীতি চলে বিহুৰ বতৰত । হিন্দু – মুচলমান , জাত – পাত , ভাষাৰ মেৰুকৰণ কৰি ৰাজনৈতিক মুনাফা অাদায়ত ব্যস্ত  হৈ পৰিছে বিভিন্ন ৰাজনেতা আৰু কেতিয়াবা সফলও হৈছে । থিক একেই খিনি কথা সংগীত বা চলচিত্ৰ জগতখনতও চলে  । সংগীত শিল্পীৰ মাজত চলা বিতৰ্কিত কথাবিলাক টিভিৰ সন্মুখত বহি আমিয়ে দিনৰ দিনটো চাই থাকো ।  সামগ্ৰিক ভাবে যদি চোৱা যায় এটা কথা ওলায় পৰিবযে এতিয়াও আমি নেতাবোৰক  জাত পাতৰ উৰ্ধত চাবলৈ শিকা নাই আৰু সংগীতক গায়কৰ উৰ্ধত চাবলৈ শিকা নাই ।  ৰাজনৈতিক নেতাক বা মিডিয়াক  মেৰুকৰণ কৰি মুনাফা লাভৰ সুযোগ কিন্তু আমিয়েই দিওঁ । মাডানি , গোহাঁই ,আজমল, টোগাড়িয়া ,হিমন্ত , গগৈ , জুবিন , পাপনৰ দৰে গ্লেমাৰ থকা ব্যক্তি একোজনক চতুৰ প্ৰৰোচকৰ উচতনিত আমি নিৰ্দিষ্টকৈ বাচিলৈ হিয়া উজাৰি গালি গালাজ পাৰো । আমাৰ অতি সংবেদনশীলতাই যে প্ৰৰোচকৰ সফলতা সেয়া বুজিবলৈ বহু বাকী থাকি যায় । নেতাবোৰে এখন  কাঁহীত ভাত খায়  আৰু আমি সমৰ্থকে নিৰ্বাচনৰ ফলাফলৰ দিনা চোলা চিৰা চিৰি কৰো । গায়কে গান গায় ফেন ক্লাৱৰ সদস্যই এটাই আনটোক গালি গালাজ কৰো । কাৰোবাৰ ৰাজনৈতিক বা ব্যৱসায়িক মুনাফাৰ খেলখনত আমি যদি মাধ্যম হৈ পৰো তেন্তে ভৱিষ্যতৰ প্ৰজন্মই জানো আমাক ক্ষমা কৰিব ?