জুবিন দা মুখ্যমন্ত্রী হ’লে

1435

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


নিৰ্বাচনলৈ যিহেতু মাত্র মাজত মাত্র কেইটামান মাহ বাকী আছে সেয়েহে এতিয়া অসমৰ সৰ্বত্ৰে চৰ্চা চলিছে পৰবৰ্তী মুখ্যমন্ত্রী কোন হ’ব? কোনোবাই যদি বৰলা ককাইক বিচাৰে আন কোনোবাক আকৌ দাদা লাগে। লেনিন আৰু উজ্জ্বল  দাৰো বজাৰত চাহিদা আছে। অসমৰ হাৰ্ট জুবিন দাকো মুখ্যমন্ত্রী ৰুপে বিচৰা মানুহৰ সংখ্যা কম নহয়। কিবা কাৰণত যদি জুবিন দা অসমৰ মুখ্যমন্ত্রী হয় তেন্তে অসমৰ পৰিস্হিতি কেনে হ’ব? ৰাইজৰ মতামতৰ ভিত্তিত আমাৰ এক প্ৰতিবেদনঃ
জুবিন দাৰ শপত গ্ৰহণত উপস্থিত থাকিব বলিউদ আৰু অসমৰ নামী দামী তাৰকা। অমিতাভ বচ্চনৰ পৰা জিত গাংগুলীলৈ সকলো তাৰকাৰ সমাবেশ ঘটিব। জুবিন দাই শপত গ্ৰহণ কৰি ৰাইজৰ অনুৰোধত গান এটাও গাব পাৰে “য়া আলী” বা “নহলে পৰিচয়” । জুবিন দাৰ লগতে শিক্ষা মন্ত্রী ৰুপে শপত লব উজ্জ্বল ভট্টাচাৰ্য্য , গৃহ বিভাগত থাকিব বৰষুন বিষয়া আৰু বিত্তত লেনিন গগৈ। মুৰত গামোচাখন মাৰি তেওঁ যেতিয়া কব “মই জুবিন গাৰ্গে শপত খাই কৈছো..” টিভিৰ সন্মুখত বহি থকা লাখ লাখ দৰ্শকে তালি বজাব।
বাতৰি কাকতত বাতৰি প্ৰকাশ পাব _ বিধানসভাত মুখ্যমন্ত্রীৰ অনুপস্থিতিতকলৈ প্ৰশ্ন কৰাত মল্ল বৰুৱাক ভালকৈ ধুলে জুবিনে। জুবিনৰ মতে মল্ল বৰুৱাই কেতিয়াও বি বৰুৱা কলেজৰ ক্লাচত উপস্থিত নাছিল। তেনে মানুহ এজনৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা নাই বুলি কলে মুখ্যমন্ত্রী গাৰ্গে।
কোনো সহায় লাগিলে ৰাইজে মুখ্যমন্ত্রীৰ খাৰঘুলিৰ বাসভবনলৈ অহিব পাৰে। মুখ্যমন্ত্রীৰ দুৱাৰ সকলোৰে বাবে খোলা থাকিব। সন্ধিয়া ৮ বজাৰ পৰা পুৱাৰাতি ৪ বজালৈ মুখ্যমন্ত্রীৰ পৰা সাহায্যৰ বাবে যিকোনো মানুহ আহিব পাৰে। বাজেটত প্ৰকৃতিৰ বস্তু যেনে গছ গছনি , জন্তুসকলৰ বাবেও থাকিব বিশেষ পেকেজ।