টাইমছ নাও চামিতত অসমৰ মুখ্যমন্ত্রী নম্বৰ ১

803

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


যোৱা ১০ আৰু ১১ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হয় টাইমছ নাও চামিত। ভাৰতৰ প্ৰতিটো আগশাৰীৰ বাতৰি প্ৰতিষ্ঠানে বছৰি এনে চামিত পাতি ৰাজনীতি , ক্ৰীড়া, খেল, ব্যবসায় আদিৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকলক নিমন্ত্রন কৰে। ১০ নবেম্বৰত গৃহমন্ত্রী অমিত শ্বাহে উদ্ধোধন কৰা অনুষ্ঠানটো সামৰণি পৰে শিশু আৰু মহিলা বিকাশ মন্ত্রী স্মৃতি ইৰাণীৰ সাক্ষাতকাৰেৰে। প্ৰথম দিনটোত মঞ্চ  শুৱনি কৰে ভাৰত বায়োটেকৰ ড° কৃঞ্চা এল্লা, মন্ত্রী ৰাজীৱ চন্দ্ৰশেখৰ, কিৰেন ৰিজিজু, হৰদিপ সিং পুৰী, নিতিন গাডকাৰী, কৰ্ণাটকৰ মুখ্যমন্ত্রী বাসবৰাজ বোম্মাই, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱাল আৰু অভিনেত্রী কংগনা ৰাণাৱটে। দ্বিতীয় দিনা আহিছিল কেন্দ্ৰীয় মন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধান, অশ্বিনী বৈঞ্চব, জৌতিৰাদিত্য সিন্ধিয়া, পিযুষ গোৱেল, মনচুখ মানদভিয়া  আৰু স্মৃতি ইৰাণী। লগতে আছিল আছাদুদ্দিন ওয়েছি, অলিম্পিকৰ হিৰো নিৰজ ছোপ্ৰা আৰু প্ৰতিৰক্ষা বাহিনীৰ চিফ বিপিন ৰাৱাট। ১০ নবেম্বৰত শেষৰজন অতিথি আছিল কেজৰীৱাল। কেজৰীৱালৰ আগত আহিছিল কংগনা ৰানাৱট। ইয়াতেই ২০১৪ত ভাৰতে স্বাধীনতা পোৱা বুলি তেওঁ ৰখা বক্তব্যই বাতৰিৰ শিৰোনামা দখল কৰিছিল। কংগনাৰ ঠিক আগত টাইমছ নাও চামিতৰ মঞ্চত সাংবাদিক পদ্মজা জোশীৰ মুখা-মুখি হৈছিল অসমৰ মুখ্যমন্ত্রীয়ে। বিভিন্ন চামিটত ড° শৰ্মাই বহুবাৰ অংশগ্ৰহণ কৰিছিল যদিও টাইমছ নাওৰ কথা কিছু সুকীয়া। তেখেতে সাংবাদিকৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়ে খুব সাহসেৰে আৰু প্ৰত্যয়েৰে। ড° শৰ্মাৰ ইংৰাজীত কথা কোৱাৰ সামৰ্থ আগতকৈ বহু বেছি বৃদ্ধি পাইছে। সাংবাদিকৰ প্ৰথম প্ৰশ্নটো আছিল নেডাৰ আহ্বায়ক হিচাপে যোৱা ৫ বছৰত উত্তৰ পূৰ্বাঞ্চলত কি সলনি হ’ল? ইয়াৰ পিছত আন বহুতো কঠিন প্ৰশ্নৰে তেখেতক সাংবাদিক গৰাকীয়ে ব্যতিব্যস্ত কৰাৰ চেষ্টা কৰিলে। কিন্তু ৰাজনীতিত পাকৈত বাকপটু মুখ্যমন্ত্রীজনৰ সন্মুখত সাংবাদিক গৰাকীয়ে সেও মানিলে। India belongs to Hindu বুলি কোৱাৰ লগে লগে সভাগৃহত উপস্থিত ৰাইজে হাতচাপৰি বজালে। মাদ্ৰাছা কিয় বন্ধ কৰা হ’ল, মিজোৰামৰ লগত সীমা সমস্যা, কা আন্দোলন আদি সকলোৰে ওপৰত তেখেতে যুক্তিপূৰ্ণ বক্তব্য আগবঢ়ালে। উল্লেখযোগ্য যে চামিতত উপস্থিত প্ৰতিজন ব্যক্তিৰ সাক্ষাৎকাৰ ইউটিউবত প্ৰকাশ কৰা হৈছে। অসমৰ কাৰণে গৌৰবৰ বিষয় যে সকলো কেন্দ্ৰীয় মন্ত্রী, মুখ্যমন্ত্রীক অতিক্ৰম কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎকাৰে ইউটিউবত সৰ্বোচ্ছ ভিউজ লাভ কৰিছে। ২৮ নৱেম্বৰলৈ মাত্র দুই সপ্তাহত তেখেতে লাভ কৰে ১ লাখ ৫ হাজাৰ ভিউজ। ৰাজনৈতিক নেতাসকলৰ ভিতৰত শৰ্মা প্ৰথম স্থানত থাকে। সকলো অতিথিৰ ভিতৰত একমাত্র কংগনা ৰানাৱটৰ সাক্ষাৎকাৰে শৰ্মাক অতিক্ৰম কৰিবলৈ সক্ষম হয়। ২৮ নৱেম্বৰ পৰ্য্যন্ত চামিটত অংশগ্ৰহণ কৰা অতিথি সকলৰ ভিউজৰ সংখ্যা আছিল এনেধৰণৰঃ

কংগনা ৰানাৱাটঃ ২ লাখ ১৫ হাজাৰ

ড° হিমন্ত বিশ্ব শৰ্মাঃ ১ লাখ ৫ হাজাৰ

স্মৃতি ইৰাণীঃ ৮৮ হাজাৰ

জৌতি ৰাদিত্য সিন্ধিয়াঃ ৩২ হাজাৰ

নিতিন গাডকাৰীঃ ২৬ হাজাৰ

আচাদুদ্দিন অৱেছিঃ ২৫ হাজাৰ

বিপিন ৰাৱাটঃ ২১ হাজাৰ

অৰবিন্দ কেজৰীৱালঃ ১৯ হাজাৰ

হৰদীপ সিং পুৰীঃ ১১ হাজাৰ

নিৰজ চোপ্ৰাঃ ৮ হাজাৰ

কিৰেন ৰিজিজুঃ ৮ হাজাৰ
মনচুখ মানদভিয়াঃ ৬ হাজাৰ
অনুৰাগ ঠাকুৰঃ ৪ হাজাৰ
বাসবৰাজ বোম্মাইঃ ৩ হাজাৰ
ধৰ্মেন্দ্ৰ প্ৰধানঃ ৩ হাজাৰ
দেখা যায় যে হিমন্ত বিশ্ব শৰ্মাক একমাত্র স্মৃতি ইৰাণীয়ে কিছু প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দুয়োজনৰ মাজত ব্যৱধান প্ৰায় ২০ হাজাৰ। ৰাইজে শৰ্মাৰ সাক্ষাৎকাৰৰ তলত কিছুমান মন্তব্য আগবঢ়াইছে যিবিলাকে অসম বিজেপিক উৎসাহিত কৰাৰ যঠেষ্ট থল আছে। কৰ্ণাটক, ঝাৰখণ্ড, ছত্তিছগড় আদিৰ জনসাধাৰণে তেওঁলোকৰ ৰাজ্যটো এনে শক্তিশালী মুখ্যমন্ত্রী বিচাৰে। কিছুমান অত্যুসাহী জনতাই আনকি হিমন্ত বিশ্ব শৰ্মা এদিন প্ৰধানমন্ত্রী হ’ব বুলি ভবিষ্যতবাণী কৰে। বহু সময়ত অসম ভাৰতৰ দ্বাৰা নিস্পেষিত হয় বুলি অভিযোগ উঠে। কিন্তু ৰাষ্ট্ৰীয় ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাক যি গুৰুত্ব দিয়া হৈছে সিয়ে প্ৰমাণ কৰে যোগ্যতাই শেষ কথা।