টি.আৰ.পিৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা আৰু আঙুৰলতা

6539
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কেইবছৰ মান আগতে এটা ব্যক্তিগত মালিকাধীন টি.ভি চেনেলৰ এটা আলোচনা চক্ৰৰ শিৰোনামা আছিল “হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত ধৰ্মান্তৰণ”। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত এটা ঠাইত আৰু ওদালগুৰীতত কেইজনমান মানুহ হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈ খৃষ্টান হৈছিল। সেই খৱৰটোক হিমন্ত বিশ্ব শৰ্মাৰ নামৰ লগত জড়িত কৰাৰ প্ৰকৃততে কোনো অৰ্থ নাছিল। কিন্তু টি.আৰ.পিৰ খাতিৰত হয়তো তেখেতৰ নামটোৰ প্ৰয়োজন আছিল। আজিৰ পৰা ২০ বছৰ আগতে অসমত অকল দুৰদৰ্শন আৰু অসমীয়া ৩-৪ খন কাকত আছিল। দুৰদৰ্শনত যি দেখাইছিল ভাল নালাগিলেও সেইবিলাক চাবলৈ আমি বাধ্য আছিলো। বহুত সময়ত বিৰক্তিকৰ সাক্ষাতকাৰ বিলাক দেখাই আমাক বহুৱাই ৰাখিছিল। আজিকালি ৰিমোটেৰে আমি ক্ৰেতাৰ শক্তি প্ৰদৰ্শন কৰো। খৱৰ,চিনেমা,কমেডি আনকি জন্তু-জানোৱাৰৰ বাবেও বিভিন্ন ৰকৰমৰ চেনেল।
২০০১ চনৰ পিছৰে পৰা অসমৰ বাতৰি কাকত আৰু টেলিভিছনৰ টি.আৰ.পিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ড° হিমন্ত বিশ্ব শৰ্মা। এতিয়াও মনত আছে যেতিয়া প্ৰমোদ মাহাজন অসমত ২০০৬ৰ নিৰ্বাচন ৰ দায়িত্বত আছিল। তেওঁ কৈছিল অসমৰ আচল মুখ্যমন্ত্রী হেনো শৰ্মা। বিভিন্ন সময়ত শৰ্মা ডাঙৰীয়াই কিছু আমোদজনক আৰু কিছু বিতৰ্কিত মন্তব্য কৰি অসমৰ মিডিয়াক বিকশিত হোৱাত সহায় কৰিছে। “ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা বঢ়াই অগপৰ মুখত জোতা মাৰিম”, “আমবাৰীৰ কাৰ্য্যালয় বিবাহ ভবন হ’ব”, “চন্দ্ৰমোহন পাটোৱাৰী এদিন কংগ্ৰেছত যোগদান কৰিব”, “গুজৰাটৰ পাইপত মুছলমানৰ তেজ বয়” আদি অজস্ৰ হেডলাইনেৰে মিডিয়াক সাৰ পানী যোগান ধৰি আহি আহিছে। ৰাহুল গান্ধীৰ কুকুৰৰ কথা কৈ আকৌ শৰ্মাই ৰাষ্ট্ৰীয় চেনেলৰ টি.আৰ.পি বঢ়াবলৈও সক্ষম হৈছে।
অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমৰ জন্ম হৈছিল প্ৰায় দুই বছৰ আগত। এইখন যিহেতু এখন ডিজিটেল আলোচনী সেয়েহে পঢ়ুৱৈৰ হিচাপ -নিকাচ আমি লগে লগে পাই যাও। বৰ্তমান সময়ত (লাইভ) কেইজনে কি আৰ্টিকল পঢ়ি আছে। দিনটোত মুঠ কিমান হ’ল, মাহটোৰ বা বছৰটোৰ পঢ়ুৱৈৰ হিচাবো আমি চেকেণ্ডৰ ভিতৰতে পাই যাও। আমাৰ এই দুই বছৰৰ অভিজ্ঞতাৰ পৰা আমি কব পাৰো যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ টি.আৰ.পি সকলোতকৈ বেছি। ড° শৰ্মাৰ ওপৰত থকা আৰ্টিকল বোৰে পায় সকলোতকৈ বেছি পঢ়ুৱৈ। প্ৰায় ডেৰ বছৰ আগতে আমাৰ আলোচনীত প্ৰকাশিত “হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানৰ আৰৰ কাহিনী” আৰ্টিকলে প্ৰায় ৫৫,৬০০ ক্লিক লাভ কৰি একপ্ৰকাৰ অভিলেখ স্থাপন কৰে। মে ২০২০ত প্ৰকাশ কৰা “হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত তিনিটা নতুন প্ৰত্যাহ্বান” শীৰ্ষক আৰ্টিকলে অতিক্ৰম কৰে ১০,৫০০ ক্লিক। একেদৰে এপ্ৰিল ২০২০ ৰ “ত্রিছ বছৰ আগৰ কটনৰ ছাত্রজন আজিৰ ক’ৰোনা যুদ্ধৰ মহাৰথী” য়ে অতিক্ৰম কৰে ১৭,০০০ ক্লিক। ইয়াৰ উপৰিও শৰ্মাৰ ওপৰত লিখা প্ৰতিটো আৰ্টিকলে লাভ কৰে পঢ়ুৱৈৰ ব্যাপক সহাৰি।
শিলাদিত্য দেৱ, তৰুণ গগৈ, গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ টি.আৰ.পি কিছু আছে যদিও শৰ্মাৰ তুলনাত যঠেষ্ট কম। মহিলা নেত্রীসকলৰ ভিতৰত আঙুৰলতাৰ টি.আৰ.পি সকলোতকৈ বেছি। হইতো বোলছবি জগতৰ পৰা ৰাজনীতিত প্ৰবেশ কৰা বাবে তেওঁৰ ওপৰত ৰাইজৰ কৌতুহল বেছি। চেপ্তেম্বৰ ২০১৯ত প্ৰকাশিত ” আঙুৰলতাৰ পৰাজয়, নিশ্চিত বিজয়ৰ দিয়ে সুমন” এ ১৫,৭০০ তকৈ বেছি ক্লিক লাভ কৰে। নবেম্বৰ ২০১৯ ত প্ৰকাশিত “নতুন সমষ্টি বিচাৰি হাবাথুৰি খাইছে আঙুৰলতাই” শীৰ্ষক নিবন্ধটো পঢ়িছে ৮০০০ তকৈ বেছি লোকে।
বৰ্তমান টি.আৰ.পিৰ যুগ। অৰ্থাৎ যি ৰাইজে ভাল পায় তেনেকুৱা বস্তু মিডিয়াই প্ৰকাশ কৰিবলৈ বাধ্য।