টেটৰ দৰে কিয় নকৰে ?

1365
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ কিমানজন  ল’ৰা-ছোৱালীয়ে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা  চাকৰিৰ পৰীক্ষাত ভাল ফল লাভ কৰিব পাৰে ? প্ৰতিখন সৰু সৰু চহৰত এটা বছৰত স্থান পোৱা , ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰবোৰ পিছলৈ ক’ত হেৰায় যায় ? অসমীয়া আই এ এছ কিমানজন আছে আজিৰ দিনটোত ? এইবিলাক প্ৰশ্নৰ উত্তৰে প্ৰতিজন অসমীয়াক নিৰাশ কৰে ।ইয়াৰ মূল কাৰণ হ’ল অসমত হোৱা চাকৰিৰ বাচনী পৰীক্ষাত হোৱা দুৰ্নীতি, কেলেংকাৰী আৰু স্বজন তোষণ | দল-চৰকাৰ বুলি একো নাই, এয়া অসমৰ এক ধৰণৰ পৰম্পৰাত পৰিণত হৈছে | অতীতৰে পৰা চাকৰি-বাকৰিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আৰু স্বজন-তোষণৰ কাৰণে  আজিলৈকে অসমত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক পৰিৱেশ এটা গঢ়ি নুঠিল | এনেকুৱা এটা ধাৰণাৰ সৃষ্টি হৈছে যে টকা-পইছা নেথাকিলে বা মামা-খুড়া নেথাকিলে চৰকাৰী চাকৰি পোৱাটো সম্ভৱ নহয় | যাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে নিজকে তৈয়াৰ কৰাৰ কোনো মানসিকতাই গঢ়ি নুঠে | ছাত্ৰ- ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ মনোভাব সৃষ্টি যদিও হোৱা নাই , আনফালে দুৰ্নীতিত লিপ্ত সকলে কিন্তু নতুন নতুন উপায়েৰে চাকৰিৰ কিনা বেচাৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে । দুৰ্নীতিৰ নব্য নতুন সৃষ্টি হৈছে কোচিং চেন্টাৰ ।   দুৰ্নীতিয়ে সৃষ্টি কৰা পৰিবেশৰ বাবে বহু মেধাবী  ছাত্ৰ-ছাত্ৰীয়ে ভেঞ্চাৰ কলেজত অতি কম  দৰমহাতে বছৰৰ পাছত বছৰ কাম কৰি থাকে , টিউচন কৰি জীৱন নিৰ্বাহ কৰে ;  তথাপি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ নহয় । কাৰণ  তেওঁলোকৰ ফিটিং নাই | এনেকুৱা নহয় যে অসমত  কেলেংকাৰী নোহোৱাকৈ প্ৰতিযোগিতামূলক পৰীক্ষা পতাৰ ব্যৱস্থা  কৰিব নোৱাৰি | ইচ্ছা থাকিব লাগিব । ৰেগিং সংস্কৃতিৰ দৰে যদি পুৰ্বৰ চৰকাৰৰ নীতিকে অনুসৰণ কৰিম বুলি প্ৰতিখন চৰকাৰে ভাবে তেন্তে পথ নোলাব । সেয়ে ডেকা মুখ্যমন্ত্ৰী বা কৰ্মঠ বিত্তমন্ত্ৰীজনে নতুন চিন্তা কৰাটো প্ৰয়োজন । টেট পৰীক্ষা এটি সুন্দৰ  উদাহৰণ |  টেটৰ দৰেই আন চাকৰিৰ পৰীক্ষাসমুহ অনুস্থিত কৰক চৰকাৰে । অন্যথা নিবনুৱা প্ৰতাৰিত হোৱা সমাজ এখনত মুল্যবোধৰ অৱক্ষয় ৰোধ কৰাটো অসম্ভৱ আৰু ইয়াৰ পৰিণতি অনাগত সময়ত আইন শৃংলাটো পৰিব ।যিটো সময়ত প্ৰতিটো নিযুক্তিয়ে মানবসম্পদ সৃষ্টি কৰিব লাগিছিল সেই সময়ত নিযুক্তিয়ে সৃষ্টি কৰিছে দালালৰ ।