টোল আৰু মাদ্ৰাছা  একে নহয়

2801
  • জীবন কলিতা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


টোল আৰু মাদ্ৰাছা  একে নহয় ।  ইছলামিক মাদ্ৰাছা বন্ধ কৰাৰ বাবে সংস্কৃত টোলও বন্ধ কৰা কাৰ্য্য আচৰিত । মাদ্ৰাছাত ধৰ্মীয় শিক্ষা দিয়ে আৰু  টোলত সংস্কৃত। দুয়োটা তুলনা নহয়। টোল হৈছে ভাৰতীয় পৰম্পৰাৰে সংস্কৃত শিক্ষা অনুষ্ঠান। ই ভাষাৰ লগত জড়িত । মধ্যযুগৰে পৰাই ভাৰতবর্ষত এই বিদ্যালয় সমুহত ব্যাকৰণ, আইন, যুক্তি আৰু দর্শনৰ শিক্ষা দান হৈছিল। মাদ্ৰাছাত  কিন্তু আৰবী ভাষা নহয়, কোৰান আৰু  ইছলামীয় শিক্ষাৰ হে প্ৰাধান্য বেছি । আনহাতে  মোক্তাববোৰ মছজিদৰ লগত সংযুক্ত থাকে।  চৰকাৰে ধৰ্ম আৰু ভাষা দুয়োটাকে একে স্তৰত ৰখাটো মুঠেও সমীচীন হোৱা নাই।
প্ৰাচীন কালত অবিভক্ত কামৰূপ জিলাত অনেক টোল স্থাপন কৰিছিল। কিন্তু  টোলবোৰ কংগ্ৰেছৰ সময়ত আবহেলিত হ’ল কাৰন তেওঁলোকে ভোটৰ খাতিৰত মোক্তাব আৰু মাদ্ৰাছাত বেছি মনোযোগ দিলে। এতিয়া বিজেপিৰ দিনত সংস্কৃত টোল বন্ধ নকৰি উন্নত কৰিব হে লাগিছিল।
অসমৰ শিক্ষামন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত গীতা , কোৰাণৰ ধৰ্মীয় শিক্ষা চৰকাৰী খৰচত চলোৱাটো অযুক্তিকৰ বুলি মন্তব্য কৰিছে , কিন্তু বিজেপি দলৰ প্ৰয়াত  নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী সুশমা স্বৰাজে লোকসভাৰ মজিয়াত ‘ গীতা ‘ ক ৰাষ্ট্ৰীয় পুথি  ঘোষণা কৰিবলৈ চৰকাৰক ( কংগ্ৰেছ চৰকাৰ থাকোতে)  দাবী কৰিছিল । সুষমা স্বৰাজ বা হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত মিল থাকক বা নেথাকক এটা কথা স্পষ্ট যে গীতা খন
 ‘ ৰিলিজিয়াচ ‘ পুথি নহয় , য’ত সনাতনী হিন্দু শব্দৰ উল্লেখ নাই য’ত ইছলাম বা খ্ৰীষ্টানৰ বিৰুদ্ধে এটা শব্দও নাই । টোল বন্ধ কৰাৰ নামত ‘ গীতা ‘ পুথি খনৰ প্ৰসংগ বাখ্যা কৰাটো অযুক্তিকৰ । টোল বিলাকত ধৰ্মীয় , ভাৰতীয় সংস্কৃতি বা বৈদিক ৰীতি নীতিৰ শিক্ষা দিয়াতকৈ মেট্ৰিক পাছৰ চাৰ্টিফিকেট প্ৰদান কৰা কাৰখানা লৈ ৰূপান্তৰিত হোৱা বুলি অভিযোগ উঠে আৰু যিটো বহু পৰিমানে অসত্যও নহয় । যদিও এটা সময়ত অবিভক্ত কামৰূপ জিলাত সংস্কৃত টোলৰ সংখ্যা অধিক আছিল , এতিয়া কিন্তু সেই দিন নাই । এতিয়া টোলৰ সংখ্যা ধুবুৰিৰ চৰ অঞ্চলতো অধিক হোৱা দেখা গৈছে । উদ্দেশ্য এটাই মেট্ৰিক পাছ কৰা চাৰ্টিফিকেট খনৰ সহায়ত চৰকাৰী চাকৰি এটা যোগাৰ কৰা ।
এতিয়া আহিলো মাদ্ৰাছা বিষয়কলৈ । শিক্ষানুষ্ঠানক আৰৱিত কয় মাদ্ৰাছা । চৰকাৰী মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে । যুক্তি  চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা অনুচিত । এই সিদ্ধান্ত ঘোষণাৰ লগে লগে ৰাজনৈতিক দল বিলাকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কিছুমান দলে সিদ্ধান্তক আদৰণী জনাইছে ; যুক্তি দিছে এইবিলাক  মাদ্ৰাছাত ইছলামিক মৌলবাদী শিক্ষা দিয়া হয় । আন কিছুমান দলে এই সিদ্ধান্তক বিৰোধ কৰিছে , যুক্তি দিছে বিজেপি দলে মুছলমানক প্ৰতাৰণা কৰিছে ।  ভিন্ন জনৰ ভিন্ন মত । আবেগ সৰ্বস্ব সমাজ । সেয়ে মাদ্ৰাছা নো কি অলপ আলোচনাৰ দৰকাৰ আছে ।
এম ই মাদ্ৰাছা বা হাই মাদ্ৰাছাঃ
সম্পৰ্ণ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অন্তৰ্ভুক্ত আৰু  ছেবাৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰম ইংৰাজী, অসমীয়া, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান ৰ লগতে আৰবী এটা বিষয় থাকে ৷ এই মাদ্ৰাছাত হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা পাছ কৰি পোনে পোনে  মহাবিদ্যালয়ত নাম ভৰ্তী কৰিব পাৰে ৷ হাই মাদ্ৰাছা পাছ কৰা ছাত্ৰ-ছাত্ৰী সকল ডাক্টৰ, ইঞ্জিনিয়াৰ, প্ৰবক্তা, অধিবক্তা, শিক্ষক আদি হ’ব পাৰে ৷ উল্লেখ্য হাই মাদ্ৰাছা পাছ কৰা ছাত্ৰ ছাত্ৰী মৌলৱী বা হাফিছ হ’ব নোৱাৰে৷ এই মাদ্ৰাছা আন আন চৰকাৰী শিক্ষা অনুষ্ঠানৰ দৰে বন্ধ বা খোলা থাকে ।
প্ৰি-ছিনিয়ৰ মাদ্ৰাছা বা ছিনিয়ৰ মাদ্ৰাছাঃ
এই মাদ্ৰাছা সম্পৰ্ণ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অন্তৰ্ভূক্ত৷ ছেৱাৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰম যেনে ইংৰাজী, অসমীয়া, গণিত, বিজ্ঞান, সমাজ বিজ্ঞানৰ লগতে ধৰ্মীয় শিক্ষাৰ ভালে কেইটা বিষয় অন্তৰ্ভূক্ত থাকে ৷ এই মাদ্ৰাছাত অধ্যায়ণ কৰা ছাত্ৰ- ছাত্ৰী সকলে দশম শ্ৰেণী পাছ কৰাটোক  এফ এম পাছ কৰা বুলি কোৱা হয়৷ এফ এম পাছ কৰি ছাত্ৰ /ছাত্ৰী সকলে সাধাৰণ শিক্ষা বা ধৰ্মীয় শিক্ষা গ্ৰহন কৰিব পাৰে ৷ সাধাৰণ শিক্ষা গ্ৰহন কৰিব বিচৰা ছাত্ৰ/ ছাত্ৰীয়ে সাধাৰণ মহাবিদ্যালয়ত নাম ভৰ্তী কৰি ডাক্টৰ, ইঞ্জিনিয়াৰ, প্ৰবক্তা, অধিবক্তা, শিক্ষক আদি হৈ আছে৷ এই মাদ্ৰাছা বোৰত ধৰ্মীয় শিক্ষাৰ বিষয় বেছিকৈ অন্তৰ্ভূক্ত হোৱাৰ কাৰণে  খ্ৰীষ্টানে নিয়ম কৰা ৰবিবাৰ বন্ধ নেমানি শুক্ৰবাৰ বন্ধ পালন কৰাৰ লগতে গৰমৰ বন্ধৰ সলনি ৰমজান মাহটো বন্ধ পালন কৰা হয়৷
আৰবিক কলেজঃ
এই কলেজত সম্পুৰ্ণ অসম উচ্চতৰ শিক্ষা বোৰ্ড বা বিশ্ব বিদ্যালয়ৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰৰ লগতে আৰবী শিক্ষা দিয়া হয় ৷ এই কলেজ সম্পুৰ্ণ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অন্তৰ্ভূক্ত।
হাফিজী বা খাৰিজী মাদ্ৰাছাঃ
এই মাদ্ৰাছা দুটা সম্পৰ্ণ বেচৰকাৰী৷ ইছলাম ধৰ্মীয় ৰাইজৰ দান-বৰঙণীত চলে ৷
সদৌ শেষত এটা কথা স্পষ্ট যে চৰকাৰী মাদ্ৰাছা বন্ধ কৰিলেও কণ কণ ল’ৰা ছোৱালীক মৌলৱী সকলে ধৰ্মীয় শিক্ষা দিয়েই থাকিব আৰু আবেলী মছজিদৰ বাৰাণ্ডাত এজাক সৰু সৰু ল’ৰা ছোৱালীয়ে একলগে বহি ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিয়েই থাকিব । ধৰ্মীয় শিক্ষা লোৱাটো অপৰাধ নহয় , কিন্তু কুমলীয়া মনত  মৌলবাদী ধাৰণা সোমাই দিয়া সকলক হে নিয়ন্ত্ৰণ কৰাটো জৰুৰী ।