ট্ৰলিঙৰ প্ৰকোপত ব্যংগ হেৰাইছে

1334
  • ৰঞ্জনা ভট্টাচাৰ্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সামাজিক প্ৰাণী হিচাপে আমি পৰস্পৰে পৰস্পৰৰ লগত সু-সম্পৰ্ক বজাই ৰাখিব লাগে।ইয়াৰ বাবে আমাক লাগিব সহনশীলতা,সংবেদনশীলতা আদি মানৱীয় গুণসমূহ।ক’ৰণাকালীন এই সময়ছোৱাত মানুহে মানুহৰ সমাজত্যাগী হৈ Virtual সমাজখনকে আঁকোৱালি লৈছে,যিখন মুক্ত আৰু বিশাল।এই মুক্ত বায়ৱীয় সমাজখনত কৰা আচৰণখিনিয়েও মানুহ এজনৰ পৰিচয় দাঙি ধৰে,চেতন-অৱচেতনত বৈ থকা ভাৱনাৰ সূঁতিসমুহৰ উমান দিয়ে।সেয়ে স্বাভাৱিক অথচ কিছু নিয়ন্ত্ৰিত ভাৱ-ভাষা প্ৰয়োগেৰে আমি আমাৰ মতামতবোৰ সংবেদনশীলতাৰে প্ৰকাশ কৰি এক মানৱীয় পৰিৱেশ সৃষ্টি কৰাত যত্নবান হ’ব লাগে। মানুহৰ ভুল হোৱাটো স্বাভাৱিক।সেই ভুলখিনি সুস্থ ব্যংগ নতুবা ট্ৰলিং নতুবা সংবেদনশীল দৃষ্টিভংগীৰে উনুকিয়াব পাৰি।

ট্ৰলিং কৰাটো আটাইতকৈ সহজ।সুস্থ ব্যংগ প্ৰয়োগ কৰিবলৈ বুদ্ধিদীপ্ততাৰ প্ৰয়োজন যিটো সকলোৰে নেথাকে।সংবেদনশীলতাৰে উপলব্ধি কৰি যুক্তিসহ উপস্থাপন কৰাটো মানৱীয় কৰ্ম।দেখা গৈছে,বৰ্তমান ট্ৰলিঙৰ প্ৰকোপত ব্যংগ হেৰাইছে,সুকোমল মানৱীয় অনুভূতিৰে বিচাৰ বিবেচনা কৰাৰ ক্ষমতা কমিছে।ইজনে সিজনক judge কৰাৰ প্ৰৱণতা বাঢ়িছে।’মানুহ মাত্ৰেই ভুল হয়’ এই সাধাৰণ সত্যটো পাহৰি ইজনে সিজনক দোষাৰোপ কৰিছে,সিজনে আকৌ ইজনৰ পোতক তুলিবলৈ চল বিচাৰি ফুৰিছে।এৰা ধৰাৰ মনোভাৱ টুটি আহিছে।ভাষাৰ লাগ-বান্ধ নোহোৱা হৈছে।

ছ’চিয়েল মিডিয়াত চলি থকা কথাবোৰ সাম্প্ৰতিক সমাজ এখনৰেই প্ৰতিফলন যিহেতু ইয়াৰ পৰা সম্পূৰ্ণ নিলগত থাকি নিজকে সুৰক্ষিত অনুভৱ কৰা মানুহৰ নিৰ্লিপ্ত আচৰণ দায়িত্বশীলতাৰ পৰিচয় হ’ব নোৱাৰে।’ফেচবুকৰ বুদ্ধিজীৱি’,’ফেচবুকৰ গৱেষণা’ বুলি ফেচবুকতেই ট্ৰ’ল-পোষ্ট লিখা সকলতকৈ ‘ফেচবুক’ত দায়বদ্ধতাৰ কলৰৱ সৃষ্টি কৰিব পৰা বিবেকী,চিন্তাশীল,মানৱীয় ব্যক্তিৰ সংখ্যা বৃদ্ধি হওক!

মৰম, সংবেদনশীলতা, সহনশীলতাৰ লগত চিন্তা আৰু বিবেচনা যোগ হ’লেহে মানুহৰ পৃথিৱীখন ৰক্ষা পৰিব, নহলে কাৰো নিস্তাৰ নাই!