কেন্দ্ৰীয় মন্ত্রীসভাত হিমন্ত বিশ্ব শৰ্মা ?

5768

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


প্ৰত্যেক মাহে ‘ ৰাজনীতি অসমে ‘এটা অ’পিনিয়ন প’লেৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰাইজৰ মতামত জানিবলৈ প্ৰয়াস কৰে। যোৱা মাহত আমি ৰাইজক দুটা প্ৰশ্ন কৰিছিলো।
১) বিজেপি ক্ষমতালৈ আহিলে অসমৰ পৰা কোনে কেন্দ্ৰীয় মন্ত্রীসভাত স্হান পাব?
২) কংগ্ৰেছ ক্ষমতালৈ আহিলে অসমৰ পৰা কোনে মন্ত্রীসভাত স্হান পাব?
ৰাইজে আমাৰ অ’পিনিয়ন প’ললৈ জনোৱা ব্যাপক সহাৰিৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছো।  আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনেধৰনৰঃ
১) বিজেপি ক্ষমতালৈ আহিলে কোন হ’ব কেন্দ্ৰীয় মন্ত্রী?
সৰ্বাধিক ৩৩.৩% ভোট পাই শীৰ্ষত আছে অসমৰ বিত্ত, স্বাস্হ্য আদি বিভাগৰ মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা। লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰি শেষ মুহুৰ্তত কেন্দ্ৰীয় নেতৃত্বৰ সেউজ সংকেট নোপোৱা শৰ্মাক লৈ ৰাইজৰ আশা মন কৰিবলগীয়া। ৩০% ভোটেৰে দ্বিতীয় স্হানত থাকে যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈ। যোৰহাটত গগৈৰ বিজয় সুনিশ্চিত বুলি ভাবে এইসকল ভোটাৰে।  ৰামেশ্বৰ তেলীৰ সপক্ষে থাকে ১২.২% ভোটাৰ। ২.২% ৰাইজ প্ৰদান বৰুৱাৰ পক্ষত।
২) কংগ্ৰেছ ক্ষমতালৈ আহিলে কোন হ’ব কেন্দ্ৰীয় মন্ত্রী?
ইয়াত নাই কোনো প্ৰতিদ্বন্দ্বিতা। কলিয়াবৰৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সপক্ষে পৰিছে ৬২.২% ভোট। পবন সিং ঘাটোৱাৰে পাইছে ১২.২%, সুস্মিতা দেৱে ৮.৯%, ৰিপুণ বৰাই ৭.৮%  আৰু প্ৰদ্যুত বৰদলৈ এ লাভ কৰে ৩.৩% ভোট।