ডাক্তৰৰ বিৰুদ্ধে বাবা ৰামদেৱৰ মন্তব্য দুৰ্ভাগ্যজনক

808
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


যোগক বিশ্ব দৰবাৰ প্ৰতিস্থা কৰা ব্যক্তিজনেই হ’ল বাবা ৰামদেৱ। যোগাসনৰ বিভিন্ন ব্যায়ামে মানুহক সুস্থ ৰাখে বুলি গোটেই বিশ্বই স্বীকাৰ কৰিছে। প্ৰাণায়াম, কপাল ভাটি, অনুলোম্ব-বিলোম্ব আদিয়ে লাখ লাখ মানুহক উপকৃত কৰিছে। বাবা ৰামদেৱ অকল ভাৰততে নহয় বিশ্বতে এজন সমাদৃত ব্যক্তি। আমি তেওঁক লৈ গৌৰৱ কৰো। কিন্তু সমস্যা তেতিয়া হয় যেতিয়া তেনে একোজন মানুহ একমাত্ৰ লভ্যাংশৰ অংক কৰা ব্যবসায়ীলৈ পৰিণত হয়। পতঞ্জলি নামৰ ব্যবসায়িক প্ৰতিস্থান আৰম্ভ কৰি কৃতকাৰ্য্যতাও লাভ কৰিছে বাবা ৰামদেৱে। আয়ুৰ্বেদক আধাৰ কৰি বিভিন্ন সামগ্ৰী বজাৰত মেলি দিয়া হৈছে। যিবিলাকে ক্ৰেতাৰ ভাল সহাৰি লাভ কৰিছে। কিন্তু বাবা ৰামদেৱৰ শেহতীয়া কিছু কাৰ্য্য কলাপ মুঠেও সমৰ্থন যোগ্য নহয়। বিশেষকৈ এলোপেথিক চিকিৎসা আৰু চিকিৎসকৰ বিৰূদ্ধে বিৰূপ মন্তব্য কৰি বাবা বহুতৰ দ্বাৰা সমালোচিত হৈছে। এখন সভাত তেওঁ এলোপেথি চিকিৎসাক Stupid বুলি অভিহিত কৰি কৈছে যে অক্সিজেনৰ অভাবত যিমান লোকৰ মৃত্যু হৈছে তাতোকৈ বেছি মানুহ মৰিছে এলোপেথিক চিকিৎসাৰ বাবে।
আয়ুৰ্বেদ বিদ্যাক আমি  সন্মান কৰো। কিন্তু আয়ুৰ্বেদক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ গৈ এলোপেথি চিকিৎসক সকলক হেয় প্ৰতিপন্ন কৰাটো সমীচীন নহয়। কৰোণা মহামাৰীৰ সময়ত ৰোগীক সেৱা কৰি বহু চিকিৎসক কৰোনাত আক্ৰান্ত হ’ল। বহু চিকিৎসকৰ মৃত্যু হ’ল। তাৰ পিছতো অজস্ৰ স্বাস্হ্য কৰ্মীয়ে এতিয়াও কৰোনা ৰোগীৰ সেৱা কৰি আছে। প্ৰধানমন্ত্রীৰ নিৰ্দেশমতে যোৱা বছৰ আমি থাল-কাহি বজাই তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছিলো। হেলিকেপ্তাৰেৰে পুস্পবৃষ্টিও কৰা হৈছিল। বাবা ৰামদেৱৰ এনে ধৰণৰ বক্তব্যই চিকিৎসক সকলক হতাশ কৰিছে। ইতিমধ্যে বাবাৰ বিৰূদ্ধে স্বাস্হ্য মন্ত্রীৰ ওচৰ চাপিছে আই.চি.এম.আৰ। স্বাস্থ্যমন্ত্রীয়ে ইয়াক গুৰুত্ব সহকাৰে লৈ বাবাৰ পৰা উত্তৰ বিচাৰিছে। উত্তৰত বাবাই কৈছে যে তেওঁ হেনো মবাইলত কোনোবাই দিয়া মেছেজ এটাহে পঢ়ি শুনাইছিল। আই.চি.এম.আৰ আৰু বাবা ৰামদেৱৰ এই যুঁজ খন আৰু বেছ কিছুদিনলৈ অব্যাহত থাকিব বুলি অনুমান কৰিব পাৰি। কেন্দ্ৰীয় চৰকাৰো দোমোজাত পৰিছে। এফালে স্বাস্হ্য কৰ্মীৰ মনোবল আনফালে বাবা ৰামদেৱৰ অনুগতৰ ভক্তি। সি যি কি নহওক আমি বিশ্বাস কৰো যে বাবাই অনাগত দিনত এনেধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে। মনত ৰখা উচিত যে নিজৰ  বেলিকা বাবা ৰামদেবে আৰু আচাৰ্য্য বালকৃঞ্চইও এলোপেফি চিকিৎসাৰ আশ্ৰয় লৈহে ৰক্ষা পৰিছিল।