ডান্স ইণ্ডিয়া ডান্সত দাদা

2280

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


এইবাৰ নিৰ্বাচনৰ সকলোতকৈ চৰ্চিত বিষয়টো হ’ল দাদাৰ নাচ। দাদাই নাচিছে , কেবল নাচিছে। মঞ্চত নাচিছে আৰু পদযাত্রাটো নাচিছে।  দাদাৰ নাচ চাবলৈ ৰাইজৰ হেতা ওপৰা। কিন্তু প্ৰশ্ন হ’ল ..দাদাই নাচিছে কিয়? আমি এই বিষয়ে ৰাইজক প্ৰশ্ন কৰিছিলোঁ। ৰাইজৰ পৰা পোৱা কিছুমান আমোদজনক উত্তৰ কেবল ৰাজনীতি অসমৰ পাঠকৰ বাবেঃ
১) দাদাই বিখ্যাত হিন্দী ধাৰাবাহিক ‘ডান্স ইণ্ডিয়া ডান্স’ আৰু ‘ঝলক দিখলা যা’ ত অংশ লব বিচাৰে।
২) টিকট নোপোৱাৰ ক্ষোভত দাদাই অদ্ভুত ভাবে নাচি হাই কামাণ্ডক ইতিকিং কৰিছে।
৩) আম্বানীৰ ঘৰত বিয়া খাব গৈছিল দাদা। তাত দাদাক কোনোবাই “শৰ্মা কান’ত ডান্স চালা” বুলি জোকাইছিল।
৪) দাদাই চালমানৰ চিৰিয়েল বিগ বছত যাব বিচাৰিছে।
৫) ৰাজনীতিৰ কেৰিয়াৰ শেষ হ’লে দাদাই নাচ প্ৰশিক্ষণক পেচা হিচাপে ল’ব বিচাৰে।
৬) ২০১৯ ত কেন্দ্ৰত মন্ত্রী হ’ব বুলি গম পাই দাদাৰ নাচ ওলাই গৈছে।
৭) টিকট নোপোৱাৰ খংত দাদাই নিজ দলৰ নেতা সকলক খোজকঢ়াই আৰু নচাই ভাগৰুৱা কৰি পেলাইছে।
৮) দাদাক পত্নীয়ে নাচ নজনা বুলি ঠাট্টা কৰিছিল।
৯) দাদাই নাচি নাচি গড়কাপ্টানীৰ পথবোৰ সমান কৰালে
১০) ভবিষ্যতে নাচিব জনা মানুহকহে মুখ্যমন্ত্রীৰ বাবে বিবেচনা কৰা হ’ব বুলি ভাবি দাদাই বৰকৈ নাচিছে।